Logo
image

আজিৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল

‘আমাৰ অসম’, ৭ জুনঃ   এটা দশক ভাৰতীয় ক্ৰিকেট দলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ কোনো খিতাপ জয় কৰা নাই৷ এই ব্যৰ্থতাৰ ধাৰা ভংগ কৰাৰ লক্ষ্যৰেই কাইলৈৰ পৰা  আৰম্ভ হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দলটো অৱতীৰ্ণ হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে৷ ভাৰতে অন্তিমটো আই চি চি খিতাপ জয় কৰিছিল ২০১৩ চনত৷ সেয়া আছিল ইংলেণ্ডত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফী৷ তাৰ পাছত সীমিত অভাৰৰ প্ৰতিযোগিতাত টীম ইণ্ডিয়া তিনিবাৰ ফাইনেলত পৰাস্ত হোৱাৰবিপৰীতে চাৰিবাৰ দলটোৰ প্ৰত্যাহ্বান সমাপ্ত হৈছিল ছেমিফাইনেলত৷ দুবছৰ পূৰ্বে ছাউডাম্পটনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত নিউজীলেণ্ডৰ হাতত আঠ উইকেটত পৰাস্ত হৈছিল৷ সেই প্ৰতিদ্বন্দ্বিতাত ভাৰতৰ পৰাজয়ৰ মূল কাৰণ আছিল দুৰ্বল ৰণকৌশল৷ এইবাৰ প্ৰতিদ্বন্দ্বিতা হ’ব অ’ভেলত৷ অ’ভেলৰ ১৪৩ বছৰীয়া ইতিহাসত প্ৰথমবাৰ জুন মাহত টেষ্ট ক্ৰিকেট অনুষ্ঠিত হ’ব৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম মেনেজমেণ্টে ভাৰতীয় দলত স্পিনাৰ হিচাপে অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাক অন্তৰ্ভুক্ত কৰাৰ কথা ভাবিছে যদিও ইংলেণ্ডৰ গ্ৰীষ্মকালীন ছীজনৰ আৰম্ভণিতে দলত চতুৰ্থজন পেচ বলাৰ ৰখাৰো চিন্তা কৰিব পাৰে টীম মেনেজমেণ্টে৷ ইপিনে, জানিব পৰা মতে, অ’ভেলত অনুশীলনৰ সময়ত ভাৰতীয় দলৰ একাধিক বেটাৰে আঘাত পাইছে৷ অৱশ্যে যিখন পিটচত ফাইনেলখন খেলোৱা হ’ব, সেইখন পিটছত তেওঁলোকে অনুশীলন চলোৱা নাছিল৷ পিটচত যথেষ্ট বাউন্স পোৱা গৈছিল৷ যিখন পিটচত ফাইনেলখন অনুষ্ঠিত হ’ব, সেইখন পিটচতো একেই বাউন্স থাকিব নেকি–এই বিষয়টোত ভাৰতীয় দল কিছু চিন্তাত  আছে৷ কিউৰেটৰে জনোৱা মতে, পিটচত যে বাউন্স থাকিব সেয়া নিশ্চিত৷ এনে স্থিতিত পেট কামিন্‌ছ, মিচেল ষ্টাৰ্ক, স্কট ব’লেণ্ডৰ দৰে অষ্ট্ৰেলিয়ান পেচ বলাৰৰ বিৰুদ্ধে যথেষ্ট সতৰ্কতাৰে খেলিব লাগিব ভাৰতীয় বেটাৰে৷ ভাৰতীয় দলতো মহম্মদ ছামি আৰু মহম্মদ ছিৰাজৰ দৰে পেচ বলাৰ আছে যদিও তুলনামূলকভাৱে অষ্ট্ৰেলিয়াৰ পেচ আক্ৰমণ অধিক শক্তিশালী বুলি মন্তব্য কৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে৷ যশপ্ৰীত বুমৰাহ দলত থকাহ’লে অষ্ট্ৰেলিয়াৰ বেটাৰক চাপত ৰাখিব পৰা গ’লহেঁতেন বুলিও কয় শাস্ত্ৰীয়ে৷ ভাৰতীয় দলত তৃতীয়জন পেচ বলাৰ হিচাপে থাকিব পাৰে অভিজ্ঞ উমেশ যাদৱ অথবা অলৰাউণ্ডাৰ শ্বাৰ্দুল ঠাকুৰ৷ ভাৰতীয় দলৰ অধিকাংশ সদস্যই দুমাহ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত [আই পি এল] ব্যস্ত থকাৰ পাছত ইংলেণ্ডলৈ আহিছে আৰু ইংলেণ্ডৰ পৰিৱেশত একগোট হৈ অনুশীলন চলোৱাৰ বাবে এসপ্তাহৰহে সময় পাইছে৷

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া প্ৰতিদ্বন্দ্বিতাক ‘আল্টিমেট টেষ্ট’ আখ্যা দিয়া হৈছে আৰু এই প্ৰতিদ্বন্দ্বিতাত ৰোহিত শৰ্মা আৰু ৰিৰাট কোহলিৰ দৰে অভিজ্ঞ বেটাৰৰ লগতে শুভমন গীলৰ দৰে যুৱ ক্ৰিকেটাৰ কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব৷ কাউণ্টী ক্ৰিকেটত ভাল ফৰ্মত থকা চেটেশ্বৰ পূজাৰাই সেই প্ৰদৰ্শন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো অটুট ৰখাৰ চেষ্টা চলাব৷ আনহাতে, দললৈ প্ৰত্যাৱৰ্তন কৰা অজিংক্য ৰাহানেও স্বাভাৱিক প্ৰদৰ্শনেৰে টীম মেনেজমেণ্টৰ আস্থা জয় কৰাৰ চেষ্টা চলাব৷ ইপিনে, অষ্ট্ৰেলিয়াৰ কেৱল তিনিজন ক্ৰিকেটাৰ আই পি এলত আছিল৷ তাৰ বিপৰীতে মাৰ্নাছ লাবুচেন আৰু ষ্টিভেন স্মিথ আছিল ইংলিছ কাউণ্টী দলত৷ উল্লেখ্য, অ’ভেলত স্মিথৰ বেটিং গড় হৈছে ১০০.০০ আৰু তেওঁক ক্ৰীজত থিতাপি ল’ব নিদিয়াটোৱেই লক্ষ্য হ’ব লাগিব ভাৰতীয় বলাৰৰ লক্ষ্য৷ অষ্ট্ৰেলিয়াৰ অভিজ্ঞ পেচ বলাৰৰ লগতে দলত আছে যিকোনো বেটাৰক সমস্যাত পেলোৱাৰ সামৰ্থ্য থকা স্পিনাৰ নাথান লিয়ন৷ অলৰাউণ্ডাৰ কেমেৰন গ্ৰীনৰ প্ৰদৰ্শনো হ’ব লক্ষ্যণীয়৷