Logo
image

২৭ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ জুনঃ মিছ ৱৰ্ল্ড– ৰূপ, প্ৰজ্ঞা আৰু সৌন্দৰ্যৰ আন্তৰ্জাতিক স্বীকৃতি৷ প্ৰতিগৰাকী বুদ্ধিমান আৰু ৰূপৱতী যুৱতীৰেই হয়তো মিছ ৱৰ্ল্ড হোৱাৰ হাবিয়াস থাকে৷ সুদীৰ্ঘ প্ৰায় তিনিটা দশকৰ অন্তত পুনৰবাৰ ভাৰতত অনুষ্ঠিত হ’ব বিশ্ববাসীক আকৰ্ষিত তথা আলোড়িত কৰি ৰখা সৌন্দৰ্য প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ইভেণ্ট৷ ৭১সংখ্যক মিছ ৱৰ্ল্ড-২০২৩ প্ৰতিযোগিতাখন এইবাৰ ভাৰতত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্বনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মালিয়ে৷ ইয়াৰ পূৰ্বে ভাৰতত ১৯৯৬ চনত অনুষ্ঠিত হৈছিল বিশ্বৰ সৌন্দৰ্য প্ৰতিযোগিতাখন৷ অৰ্থাৎ ২৭ বছৰৰ অন্তত বহু প্ৰত্যাশিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা ৭১সংখ্যক সংস্কৰণটো ভাৰতত চলিত বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে প্ৰতিযোগিতাখনত বৰ্তমানেৰ দিন-বাৰ চূড়ান্ত কৰা হোৱা নাই৷ লক্ষণীয়ভাৱে ভাৰতৰ ছয় সুন্দৰীয়ে বৰ্তমানলৈ মিছ ৱৰ্ল্ড খিতাপ দখলেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ এখন সংবাদ মেলত মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্বনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মাৰ্লিয়ে কয়– ৭১সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ফাইনেলৰ আয়োজক  হৈছে ভাৰত৷ এই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি ভাৰতৰ অনন্য আৰু বৈচিত্ৰময় সংস্কৃতি, বিশ্বমানৰ আকৰ্ষণীয় স্থানসমূহ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে৷ উল্লেখ্য, বিশ্বৰ ১৩০ খনতকৈও অধিক দেশৰ প্ৰতিযোগীয়ে এমাহজোৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় বিজয়ী সকলে মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷ ভাৰতত অনুষ্ঠিত হ’ব আটাইতকৈ আকৰ্ষণীয় মিছ ৱৰ্ল্ড ফাইনেল ইভেণ্টটো৷ বৰ্তমানৰ মিছ ৱৰ্ল্ড পোলেণ্ডৰ কেৰ’লিনা বিলাউস্কে  ভাৰতত বাহৰ পাতি প্ৰতিযোগিতাখনৰ প্ৰচাৰ অব্যাহত ৰাখিছে৷ মিছ ৱৰ্ল্ড খিতাপ দখল কৰা ভাৰতৰ ছয় বিশ্বসুন্দৰী হৈছে ক্ৰমে– ৰীতা ফৰিয়া (১৯৬৬), ঐশ্বৰ্য ৰায় (১৯৯৪), ডায়েনা হেডেন (১৯৯৭), যুক্তা মুখী (১৯৯৯), প্ৰিয়ংকা চোপ্ৰা (২০০০) আৰু মানুসী ছিল্লাৰ (২০১৭)৷ এইবাৰ সৌন্দৰ্য প্ৰতিযোগিতাখনত ভাৰতৰ হৈ ২০২২ বৰ্ষৰ মিছ ইণ্ডিয়া ছিনি ছেট্টীয়ে অংশগ্ৰহণ কৰিব৷