Logo
image

আঢ়ৈ লাখ টকীয়া মিয়াজাকি আম, ছেল্‌ফি লোৱাৰ ভিৰ

‘আমাৰ অসম’, ১১ জুনঃ গুড টু চি, নাইচ টু হ’ল্ড, ইফ ব্ৰ’কেন, ইট ইজ ছ’ল্ড–দামী কাঁচৰ সামগ্ৰীত ডাঙৰ শ্বপিং মলত লিখি থোৱাৰ দৰেই চুই চোৱাত বাধা নাই৷ স্পৰ্শ কি, ছেলফি তোলাও ফ্ৰি৷ কিন্তু যদি ক্ৰয় কৰিবলগীয়া হয়, তেন্তে প্ৰতি কিলোগ্ৰামত ভৰিব লাগিব ২.৭৫ লাখ টকা৷ সোণ নহয়, কিন্তু মূল্য সোণৰ দৰেই–এইবিধ এবিধ আম৷ নাম মিয়াজাকি৷ বিগত কেইবাবছৰো ধৰি জাপান জন্মজাত এই আমবিধৰ বিষয়ে দেশৰ সৰ্বত্ৰ চৰ্চা হৈ আছে৷    কিন্তু দেশৰ গৰিষ্ঠসংখ্যকে মিয়াজাকিৰ দৰ্শন লাভ কৰা নাই, ক্ৰয় কৰা দুৰঅস্ত৷ পিছে সেই মিয়াজাকি এইবাৰ আহি শিলিগুৰি পালেহি৷ শিলিগুৰিত আম তেনেকৈ¸উৎপাদন নহয়৷ মিয়াজাকিও হোৱা নাই৷ সংখ্যাত ১০টা হ’লেও ৰত্নৰ দৰে অমূল্য এই মিয়াজাকিৰ শিলিগুৰিত আবিৰ্ভাৱ ঘটিছে এখন আমৰ প্ৰদৰ্শনীত৷ ‘গীতাঞ্জলি মেংগো ফেষ্টিভেল’ নামৰ এই আমৰ প্ৰদৰ্শনীখন আয়োজিত হৈছে এখন শ্ব’পিং মলত৷ আয়োজক ‘হেল্প টুৰিজম’ বা ‘এছচিয়েচন অব কনজাৰভেচন এণ্ড টুৰিজম’ আৰু ‘মডেলা কেয়াৰটেকাৰ চেণ্টাৰ এণ্ড স্কুল’ নামৰ চৰকাৰী আৰু বেচৰকাৰী দুই সংগঠনে৷

স্বৰূপাৰ্থতে এই আমৰ মেলাত জাপান জন্মজাত মিয়াজাকি আমে অভূতপূৰ্ব চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হিমসাগৰ, লেংড়া, কেশৰী, দশাৰী আৰু এলফানছোকে ধৰি মুঠ ২৬২ বিধ আমৰ প্ৰদৰ্শনী হৈছে এই আম ফেষ্টিভেলত৷ ইমানদিনে মহাৰাষ্ট্ৰৰ জনপ্ৰিয় এলফানছোৱেই দেশত সবাটোকৈ মূল্যবান বুলি চৰ্চা আছিল৷ পিছে শিলিগুৰিৰ মেলাত এই ২৬২ বিধলৈ কোনেও ঘূৰি চোৱা নাই৷ এলফান্‌ছোলৈকো৷ সকলোৰে চকু মিয়াজাকিত৷ আমৰ এই মেলালৈ হিলদল ভাঙি মানুহ আহিছে৷ কিন্তু সকলো দৰ্শনাৰ্থী, ক্ৰেতা নহয়৷ সকলোৰে উদ্দেশ্য এবাৰ হ’লেও মিয়াজাকি আম চকুৰে চোৱা, এবাৰ স্পৰ্শ কৰা৷ ভিৰ কমিলে পাৰিলে এবাৰ এখন ছেলফি লোৱা৷ দৰ্শকৰ উপস্থিতি ইমানেই অধিক যে, ভিৰ চম্ভালিব নোৱাৰি মাজে মাজে উদ্যোক্তাই প্ৰৱেশদ্বাৰ বন্ধ কৰি দিবলগীয়া হৈছে৷ মিয়াজাকিৰ ষ্টলৰ ওচৰত কেইবাজনো নিৰাপত্তাৰক্ষী নিয়োগ কৰিবলগীয়া হৈছে৷ আয়োজকে প্ৰৱেশমূল্যৰ পৰাই দুদিনত লক্ষাধিক টকা উপাৰ্জন কৰিছে৷ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু মিয়াজাকি৷ ঠিক লুভ্‌ৰ মিউজিয়ামৰ মনালিছা দৰ্শনৰ দৰে৷ 

শিলিগুৰিৰ মেলালৈ মিয়াজাকি আম আনিছে পশ্চিমবংগৰে বীৰভূমৰ ছৌকত হুছেইনে৷ তেওঁ কেইবছৰমান পূৰ্বে নিজৰ বাৰীত ৫ জোপা মিয়াজাকি আমগছ ৰুইছিল৷ তাৰে কেইজোপামানত এইবাৰ মুঠতে ৩৮টা আম লাগিছে৷ কেইটামান ছৌকত হুছেইনে নিলাম কৰিছে৷ মূল্য প্ৰতিটোত ১০,০০০ টকা৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় মুদ্ৰাত মিয়াজাকি আমৰ মূল্য প্ৰতি কেজিত গড়ে ২.৫০ লাখ টকা৷ কিন্তু ছৌকতে সেই মূল্য পোৱা নাই৷ তেওঁ প্ৰায় ৩৫০ গ্ৰাম ওজনৰ একোটা আম ১০,০০০ টকাকৈ বিক্ৰী কৰিছে৷ নহ’লে বতৰৰ ফল গেলি নষ্ট হ’লে তাৰো মুদা মৰিব৷ শিলিগুৰিৰ আমৰ মেলালৈ তেওঁ আয়োজকৰ বিশেষ অনুৰোধ আৰু ‘এপিয়েৰেন্স মানি’ৰ বিনিময়তহে আহিছে, ছবিৰ তাৰকাই লোৱাৰ দৰে৷ ১০টা আম তেওঁ কেইটামান কাৰ্টুনত কপাহৰ মাজত ভৰাই ৰাখিছে৷ দৰ্শকৰ অনুৰোধত তেওঁ উলিয়াই দিছে, চাবলৈ–খাবলৈ নহয়৷ দিছে স্পৰ্শ কৰিবলৈ, ছেলফি উঠিবলৈ–ক্ৰয় কৰিবলৈ নহয়৷ কিয়নো ছৌকত হুছেইনৰ ষ্টলত কোনো ক্ৰেতা বা খৰিদ্দাৰ নাই, আছে অত্যুৎসাহী দৰ্শক৷ পিছে তাৰে কেইজনমান দৰ্শকৰ শনিবাৰে কপাল ফুলিল৷ কেইটামান মিয়াজাকি আম বেয়া হ’বলৈ আৰম্ভ হোৱাত ছৌকতে প্ৰতিটো ২০০০ টকাকৈ বিক্ৰী কৰিলে৷ দেওবাৰে মেলা শেষ৷ শেষত থাকি যোৱা আমৰ সন্দৰ্ভত কি সিদ্ধান্ত ল’ব, সেয়া এতিয়াও বীৰভূমৰ ছৌকতে থিৰাং কৰা নাই৷