Logo
image

অন্তিম দিনা ভাৰতক জয়ৰ বাবে প্ৰয়োজন ২৮০ ৰান

‘আমাৰ অসম’, ১১ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্টে˜লিয়াই ভাৰতৰ সন্মুখত জয়ৰ বাবে ৪৪৪ ৰানৰ লক্ষ্য বান্ধি দিছে৷ প্ৰত্যুত্তৰত ৰোহিত শৰ্মাৰ দলটোৱে দ্বিতীয় ইনিংছ আৰম্ভ কৰি শনিবাৰৰ চতুৰ্থ দিনৰ খেলৰ সামৰণিলৈকে ৩টা উইকেটৰ বিনিময়ত ১৬৪ ৰান সংগ্ৰহ কৰিছে৷ খেলৰ অন্তিম দিনা দেওবাৰে ভাৰতক জয়ৰ বাবে প্ৰয়োজন ২৮০ ৰানৰ৷ দিনান্তত ভাৰতৰ বিৰাট কোহলিয়ে ৪৪ আৰু অজিংক্য ৰাহানেই ২০ৰান কৰি অপৰাজিত হৈ আছে৷ অধিনায়ক ৰোহিত শৰ্মা ৪৩ৰান কৰি আউট হয়৷ শুভমন গীলে কৰে মাত্ৰ ১৮ৰান৷ ভাৰতৰ চেটেশ্বৰ পূজাৰা ২৭ৰানত  আউট হয়৷ এনে স্থিতিত স্বাভাৱিকতে অষ্ট্ৰেলিয়াৰ  বলাৰৰ বিৰুদ্ধে ভাৰতীয় বেটাৰে কেনে প্ৰদৰ্শন কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিছে খেলৰ ফলাফল৷  ভাৰতে ৪৪৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিব পাৰিলে সেয়া হ’ব এক বিশ্ব ৰেকৰ্ড৷

প্ৰথম ইনিংছত ১৭৩  ৰানৰ অগ্ৰগতি লাভ কৰা অষ্ট্ৰেলিয়াই আগদিনাৰ স্ক’ৰ ১২৩-৪ৰ পৰা খেল আৰম্ভ কৰি শনিবাৰে আঠ উইকেটত ২৭০ ৰান সংগ্ৰহ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰিছিল৷ দলটোৰ দ্বিতীয় ইনিংছৰ লক্ষ্যণীয় দিশটো আছিল এলেক্স কেৰে আৰু মিচেল ষ্টাৰ্কৰ মাজত সপ্তম উইকেটত ১২০টা বলত সংগ্ৰহ হোৱা ৯৩ ৰান৷ কেৰে ১০৫টা বলত আঠটা বাউণ্ডেৰীৰে ৬৬ ৰানত অপৰাজিত থাকে৷ আনহাতে, ষ্টাৰ্কে ৫৭টা বলত সাতটা বাউণ্ডেৰীৰে ৪১ ৰান সংগ্ৰহ কৰে৷ মাৰ্নাছ লাবুচেন আগদিনাৰ স্ক’ৰতে [৪১] আউট হোৱাৰ বিপৰীতে কেমেৰন গ্ৰীনে ১৮ ৰান সংগ্ৰহ কৰে৷ ভাৰতৰ ৰবীন্দ্ৰ জাদেজাই ৫৮ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ ছামিয়ে ৩৯ ৰানত দুটা,  উমেশ যাদৱে ৫৪ ৰানত দুটা আৰু মহম্মদ ছিৰাজে এটা উইকেট লাভ কৰে৷