Logo
image

চলচ্চিত্ৰপ্ৰেমীৰ বাবে ভাল খবৰঃ নতুন ৰূপত আহিব ছবিগৃহলৈ আহিব 'যৌৱনে আমনি কৰে-২'

ডিজিটেল সংবাদ, গুৱাহাটীঃ ১৯৯৮ চনত নিৰ্মিত হোৱা 'যৌৱনে আমনি কৰে' চলচ্চিত্ৰখনে ৰূপালী জয়ন্তী বৰ্ষত খোজ দিছে। জনপ্ৰিয় চলচ্চিত্ৰখনৰ ৰূপালী জয়ন্তী অনুষ্ঠান উপলক্ষে দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ মঞ্চত 'যৌৱনে আমনি কৰে' চলচ্চিত্ৰখনৰ প্ৰযোজক-পৰিচালক অশোক কুমাৰ বিষয়াই 'যৌৱনে আমনি কৰে ২' নির্মাণ কৰাৰ কথা ঘোষণা কৰে। লগতে তেওঁৰ পুত্ৰ অভিনেতা অংকুৰ কুমাৰ বিষয়াই আন এখন নতুন অসমীয়া চিনেমা নিৰ্মাণৰ কথা ঘোষণা কৰে।

এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য কান্ত হাজৰিকাই 'ক্ষীৰদা কান্ত বিষয়া জীৱন, কৃতি আৰু ৰচনাৱলী'- (প্ৰথম খণ্ড) উন্মোচন কৰে। এই অনুষ্ঠানত 'যৌৱনে আমনি কৰে' চলচ্চিত্ৰখনৰ শিল্পী, কলা-কুশলীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে প্ৰয়াত শিল্পী, কলা-কুশলীকো সোঁৱৰণ কৰা হয়। অভিনেতা জয়ন্ত দাস আৰু নিকুমণি বৰুৱাই আঁতধৰা এই অনুষ্ঠানত বহু সংখ্যক ন-পুৰণি শিল্পী উপস্থিত থাকে। এই অনুষ্ঠানত 'যৌৱনে আমনি কৰে' চলচ্চিত্ৰখনৰ লগতে লক্ষ্মী নাৰায়ণ ফিল্মছৰ বেনাৰত নিৰ্মিত চলচ্চিত্ৰসমূহৰ গীতত ন-পুৰণি শিল্পীসকলে নৃত্য পৰিৱেশন কৰে।