Logo
image

যাদুৰ দৰে অন্তৰ্ধান পি কে, সন্ধানত চি আই ডি একাধিক আৰক্ষী বিষয়া

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ খলনায়ক পি কে দত্ত ক’ত? প্ৰশ্নকাকত ফাদিলৰ তথ্য উন্মোচন হোৱাৰ পাছতেই নিমিষতে অন্তৰ্ধান হৈ পৰিল অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত৷ এসময়ত আৰক্ষী বিভাগত দপদপাই থকা প্ৰাক্তন ডি আই জি পি কে দত্তই এতিয়া নিজৰ বিভাগৰ হাতত গ্ৰেপ্তাৰৰ ভয়তে আত্মগোপন কৰিব লগা হৈছে৷ আৰক্ষীৰ এছ আই পদৰ নামত নিজৰ হোটেলতে ক’চিং চেণ্টাৰ খুলি চাকৰিৰ বজাৰ গঢ়ি তোলা পি কে দত্তই খেৰণিৰ হীৰকজ্যোতি বৰুৱা নামৰ প্ৰাৰ্থীজনৰ পৰা ৬লাখ টকা লৈ হোৱাটছএপত প্ৰশ্নকাকত যোগান ধৰা বুলি আৰক্ষীৰ জেৰাত প্ৰাৰ্থীগৰাকীয়ে স্বীকাৰ কৰিছে৷ ২০ ছেপ্টেম্বৰত প্ৰশ্নকাকত ফাদিলৰ তথ্য পোহৰলৈ অহাৰ পাছতেই ২১ ছেপ্টেম্বৰৰ পৰা হঠাৎ অন্তৰ্ধান হৈ পৰে প্ৰভাৱশালী পি কে দত্ত৷ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ অচিৰেই তদন্তকাৰী আৰক্ষীয়ে পি কে দত্তৰ বিৰুদ্ধে যে অচিৰেই অভিযান চলাব, সেই তথ্য আগতীয়াকৈ কোনো ব্যক্তিয়ে জানিবলৈ দিছিল পি কে দত্তক৷ গৃহ বিভাগৰ ফালৰ পৰাই এই সংকেত লাভ কৰাৰ পাছতেই মুহূৰ্ততে গুৱাহাটীৰ পৰা পলায়ন কৰে পি কে দত্তই৷ কিয়নো পি কে দত্তক জেৰা কৰিলেই প্ৰশ্নকাকত যোগান ধৰা মূল উৎসটো চিনাক্ত হৈ পৰাৰ ভয়তে আৰক্ষী বিষয়াজনক আগতীয়াকৈ পলায়নৰ সুবিধা কৰি দিয়ে আৰক্ষী বিভাগৰে কোনো কোনো বিশেষ বিষয়াই৷ তদন্তকাৰী আৰক্ষীৰ এটা সূত্ৰই দাবী কৰা মতে কন্যাক নেপাললৈ বিয়া দিয়াৰ বাবেই পি কে দত্তই দিল্লী হৈ নেপাললৈ পলায়নৰ চেষ্টা অব্যাহত ৰাখিছে৷ ইপিনে পি কে দত্তক পলায়নত আৰক্ষী বিভাগৰ কোন কোন বিষয়াই কি স্বাৰ্থত সহায় কৰিলে, তাৰ সন্ধানতো নামি পৰিছে আৰক্ষীৰ এটা দল৷ অভিযোগ অনুসৰি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পি কে দত্তৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে ডিজিপি কাৰ্যালয়ৰ শীৰ্ষ বিষয়াৰ৷ তদুপৰি দত্তই ডিআইজি হৈ থকাৰ সময়তে পছন্দৰ স্থানলৈ বদলি কৰি নিয়া কেইবাজনো আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ সৈতে আছে মধুৰ সম্পৰ্ক৷ অভিযোগ অনুসৰি এই বিষয়াসকলেও পি কে দত্ত এণ্ড কোম্পানীক এছ আই পদৰ বাবে দিছিল কেইবাজনো প্ৰাৰ্থী৷ এনে বিষয়াইও পি কে দত্তক আগতীয়াকৈ বিপদৰ বাৰ্তা প্ৰেৰণ কৰাটো সম্ভাৱনা নুই কৰা নাই তদন্তকাৰী আৰক্ষীয়ে৷ পি কে দত্তৰ ঘৰ আৰু হোটেলত অভিযান চলাৰ পাছতেই আৰক্ষী অধীক্ষক পৰ্যায়ৰ এইসকল বিষয়াৰ এতিয়া টোপনি নোহোৱা হৈ পৰিছে৷ তদন্তৰ অগ্ৰগতিৰ খতিয়ান বিচাৰি চি আই ডি-ক্ৰাইম ব্ৰাঞ্চৰে বিভিন্ন সহকৰ্মীৰ দ্বাৰা যোগাযোগ অব্যাহত ৰাখিছে তেনে বিষয়াই৷ কেৱল ইমানেই নহয়, পি কে দত্তক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে শীৰ্ষ বিষয়াৰ সৈতে কথা-বতৰা পতাৰ বাবেও চক্ৰটোৱে চেষ্টা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷ বৃহস্পতিবাৰে অভিযান চলাই পি কে দত্তৰ ঘৰত এছ আই পৰীক্ষাৰ তিনিখন এডমীট কাৰ্ড, ৮.১৯২ কিলোগ্ৰাম সোণ-হীৰাৰ গহনা, এটা পিষ্টল আৰু বিত্তীয় লেনদেন সম্পৰ্কীয় নথিপত্ৰ জব্দ কৰে৷ জব্দ কৰা এখন এডমীট ধৃত হীৰকজ্যোতি বৰুৱাৰ বুলিও জানিব পৰা গৈছে৷


ক’লা বজাৰত চাকৰি বিক্ৰী কৰা চক্ৰৰ ১২জনক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ সুৰক্ষা বেষ্টনীৰ মাজত থকা উপ-পৰিদৰ্শক পদৰ প্ৰশ্নকাকত দালাল চক্ৰৰ হাতলৈ কেনেকৈ আহিল, সেয়া বৰ্তমানেও ৰহস্য হৈয়েই আছে৷ অৱশ্যে লোকসেৱা আয়োগৰ কেলেংকাৰিতকৈ বৃহৎ গৃহ বিভাগৰ নিযুক্তি কেলেংকাৰিত জড়িত এখনৰ পাছত এখন মুখ পোহৰলৈ আহিবলৈ আৰম্ভ হৈছে৷ প্ৰশ্ন কাকত ফাদিল চক্ৰৰ অন্যতম খলনায়ক অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত আৰু বিজেপি নেতা দিবন ডেকাই ইতিমধ্যে আত্মগোপন কৰাত তদন্তকাৰী চি আই ডি আৰু গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাৰ অনুসন্ধান বিভাগে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে ইয়াৰ মাজত গুৱাহাটীৰ থেংক ইউ লজ, ভাৰ্গৱ হোটেল, পি কে দত্তৰ বাসগৃহ, এপ’ল’ হাস্পতালত অভিযান চলাই কেতবোৰ বিস্ফোৰক তথ্য উন্মোচন কৰিবলৈ সক্ষম হৈছে৷ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰে জড়িত প্ৰাৰ্থী আৰু চাকৰি বজাৰৰ দালাল চক্ৰৰ মুঠ ১২ জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তদন্তকাৰী সংস্থা দুটাই৷ ধনৰ বিনিময়ত প্ৰাৰ্থীক এছ আই চাকৰি বিক্ৰীৰ গ্ৰাহক সংগ্ৰহৰ দায়িত্ব থকা জনসিঞ্চন বিভাগৰ কনিষ্ঠ সহায়ক যুগমী ব্ৰহ্মক গ্ৰেপ্তাৰ কৰাৰ পাছতেই যুগমীৰ মোবাইলৰ তথ্যৰ ভিত্তিত শুৱালকুছিৰ বামুন্দীৰ পৰা কুশল দাস নামৰ প্ৰাৰ্থীজনক গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটী আৰক্ষী অপৰাধ শাখাই৷ ধৃত কুশল দাসৰ স্বীকাৰোক্তিৰ ভিত্তিতেই ২০ ছেপ্টেম্বৰৰ এছ আই পৰীক্ষাৰ আগদিনাৰ নিশা প্ৰায় ৫০জন প্ৰাৰ্থীয়ে পৰীক্ষাত বহা গুৱাহাটীৰ থেংক ইউ ল’জৰ কলা অধ্যায় পোহৰলৈ আহিছে৷ ল’জটোৰ স্বত্বাধিকাৰী সহ জ্জ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত অপৰাধ শাখা আৰু চি আই ডিয়ে ধৃত লোককেইজনৰ লগতে খেৰনিৰ পৰা গ্ৰেপ্তাৰ কৰা হিৰকজ্যোতি বৰুৱা যুৱকজনৰো স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী বিষয়া পি কে দত্ত আৰু তেওঁৰ মালিকানাধীন ভাৰ্গৱ ব্ৰেণ্ডৰ প্ৰতিখন হোটেলত অভিযান চলায়৷ ইপিনে, ধৃত এছ আই পদৰ প্ৰাৰ্থী শুৱালকুছিৰ কুশল দাসে লখৰাৰ ভাৰ্গৱ গ্ৰেণ্ড হোটেলতো আগতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা স্বীকাৰ কৰাত অধিক তথ্য উৎঘাটনৰ বাবে চি আই ডিয়ে শুকুৰবাৰে হোটেলখনৰ মেনেজাৰ ৰাহুল দত্ত নামৰ লোকজনকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে আমিনগাঁৱৰ সংকটমোচন আশ্ৰমতো প্ৰশ্নকাকত ফাদিল ঘটনা সন্দৰ্ভত তালাচী চলোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে, স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই প্ৰশ্নকাকত ফাদিল বিষয়টো তেওঁৰ বিভাগত নপৰে বাবে বিষয়টো সন্দৰ্ভত তেওঁ কোনো গুৰুত্ব দিয়া নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷


নিশা এপ’ল’ হাস্পতালত অভিযানত কি কি উদ্‌ঘাটন

এছ আই পৰীক্ষাৰ আগদিনা নিশা আখৰা অনুষ্ঠিত কৰা গুৱাহাটীৰ থেংক ইউ ল’জৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মা, প্ৰণৱ বৰা আৰু অলকেশ বৈশ্যক ইতিপূৰ্বে অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰি প্ত দিনৰ জিম্মাত লৈছে৷ পেছাত গুৱাহাটীৰ এপ’ল’ হাস্পতালৰ কৰ্মচাৰী তিনিওজন লোকে হাস্পতালৰ নিজৰ কক্ষতো পৰীক্ষাৰ কাম-কাজ চলোৱাৰ কথা স্বীকাৰ কৰিছে তদন্তকাৰী আৰক্ষীৰ জেৰাত৷ ধৃত লোককেইজনে কম্পিউটাৰত কাম-কাজ কৰাৰ তথ্য প্ৰমাণ উদঘাটনৰ বাবে বৃহস্পতিবাৰে নিশা তিনিওজন অভিযুক্তকে লগত লৈ হাস্পতালত অভিযান চলাই হাস্পতালৰ এটা লেপটপৰ লগতে এটা বিশেষ পেনড্ৰাইভ জব্দ কৰিবলৈ সক্ষম হয়৷ উক্ত পেন ড্ৰাইভত ৩৫জন প্ৰাৰ্থীৰ এডমীট কাৰ্ডৰ তথ্য লাভ কৰাৰ লগতে প্ৰশ্নকাকতো লাভ কৰা বুলি তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে৷


দালাল চক্ৰত জড়িত জলসিঞ্চন বিভাগৰ কোন এই গোস্বামী

আৰক্ষী উপ-পৰিদৰ্শক পদৰ বাবে লাখ লাখ টকা লৈ চাকৰি বিক্ৰীৰ চক্ৰান্ত কৰা যুগমী ব্ৰহ্ম নামৰ প্ৰাৰ্থী সংগ্ৰহকাৰী এগৰাকী দালালক প্ৰথমে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখা৷ জলসিঞ্চন বিভাগৰ কনিষ্ঠ সহায়ক যুগমী ব্ৰহ্মক গ্ৰেপ্তাৰৰ পাছতেই দালাল চক্ৰটোৰ এজনৰ পাছত এজন ব্যক্তিৰ মুখা খোল খাবলৈ আৰম্ভ কৰিছে৷ ধৃত যুগমী ব্ৰহ্মক প্ৰাৰ্থী সংগ্ৰহৰ কামত নিয়োজিত কৰিছিল জলসিঞ্চন বিভাগৰে এগৰাকী উচ্ছ পদস্থ সহকৰ্মীয়ে৷ জনৈক গোস্বামী উপাধিৰ জলসিঞ্চন বিভাগৰ বৰবাবু জনে যুগমী ব্ৰহ্ম আৰক্ষী জালত পৰাৰ পাছৰে পৰাই পলাতক হৈ আছে৷


এমট্ৰ’নৰ কৰ্মচাৰীও জড়িত আছে দালাল চক্ৰত

আৰক্ষীৰ এছ আই পদৰ চাকৰি বজাৰত নাম সাঙোৰ খাই পৰিছে এমট্ৰ’নৰ এজন কুমুদ শৰ্মাৰ সৈতে কৰ্মচাৰীৰ বিজেপি নেতা দিবন ডেকা আৰু ধৃত প্ৰাঞ্জল শৰ্মাৰে ঘনিষ্ঠ সম্পৰ্ক আছিল৷ তদন্তকাৰী আৰক্ষী সূত্ৰই সদৰী কৰা মতে কুমুদ শৰ্মাই নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা ‘নৱ নিৰ্মাণ ভাৰত’ নামৰ হিন্দুত্ববাদী সংগঠনটোৰ ৰাজ্যিক সভাপতি কুলদ্বীপ ৰাজবংশীৰ সৈতে মিলি প্ৰাৰ্থী সংগ্ৰহৰ কাম অব্যাহত ৰাখিছিল৷ কুমুদ শৰ্মাক বিচাৰিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷


হিন্দুত্ববাদী সংগঠনৰ নাম লৈ গাঁৱে গাঁৱে চলাইছিল ক’চিং চেণ্টাৰৰ নামত প্ৰাৰ্থী সংগ্ৰহ অভিযান

আৰক্ষী এছ আই চাকৰি বিক্ৰীৰ বাবে দালাল চক্ৰটোৱে গ্ৰহণ কৰিছিল বিশেষ কৌশল৷ ইতিমধ্যে আৰক্ষীৰ জেৰাত খেৰনিৰ পৰা গ্ৰেপ্তাৰ কৰা হীৰকজ্যোতি বৰুৱা নামৰ প্ৰাৰ্থীজনে পি কে দত্তক চাকৰিৰ বাবে ভ্ৰাতৃৰ সহায়ত নগদ ৬ লাখ টকা আদায় দিয়া বুলি স্বীকাৰ কৰিছে৷ তদুপৰি শুৱালকুছিৰ পৰা গ্ৰেপ্তাৰ কৰা কুশল দাসক দালাল চক্ৰটোৱে ১০ জন প্ৰাৰ্থী আনি দিব পাৰিলে তেওঁক বিনামূলীয়াকৈ এছ আই চাকৰি প্ৰদান কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়াৰ কথা স্বীকাৰ কৰিছে৷ এনে কৌশলৰ উপৰি প্ৰাক্তন ডি আই জি পি কে দত্তই আৰক্ষী বিভাগৰ বিভিন্ন চাকৰিৰ বাবে নিজৰ হোটেলত বিজ্ঞাপন দি প্ৰশিক্ষণ কেন্দ্ৰ খুলিছিল৷ প্ৰশিক্ষণ ল’বলৈ অহা প্ৰাৰ্থীক প্ৰথমে ১০ হাজাৰ টকা নামভৰ্তি মাচুল সংগ্ৰহ কৰাৰ পাছত প্ৰশ্নকাকত যোগান ধৰা আৰু চাকৰি প্ৰদান কৰাৰ বাবদ পৃথকে পৃথকে ধন দাবী কৰিছিল৷ পি কে দত্তৰ এই প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে বিজেপি নেতা দিবন ডেকাৰে ঘনিষ্ঠ হিন্দুত্ববাদী নেতাই গাঁৱে গাঁৱে এনে প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ তথ্য পোহৰলৈ আহিছে৷ নলবাৰীত প্ৰশিক্ষণ কেন্দ্ৰ খুলি চাকৰিৰ বজাৰ গঢ়ি তোলা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ প্ৰদীপ কুমাৰৰ পৰিচালিত এছ এল পি আৰ বিৰ অধীনৰ আৰক্ষী, বন বিভাগৰ নিযুক্তিৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ খুলি ধন সংগ্ৰহত জড়িত দালাল চক্ৰটোৰ সদস্য ‘নৱ নিৰ্মাণ ভাৰত’ নামৰ হিন্দুত্ববাদী সংগঠনটোৰ সভাপতি কুলদীপ ৰাজবংশীক গ্ৰেপ্তাৰৰ পাছতেই এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ নলবাৰীৰ লগতে কেইবাখনো জিলাত এনে প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে ধন দিয়া প্ৰাৰ্থীৰ সন্ধানত নামি পৰিছিল দালাল চক্ৰটো৷