Logo
image

শিক্ষকক অম্বুবাচীৰ দায়িত্ব, শিক্ষামন্ত্ৰীৰ মিথ্যাচাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ জুনঃ শিক্ষক সংগঠনৰ নেতৃত্বক ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নোৱৰাৰ দুৰ্নাম আছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ৷ শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকিও উচ্ছতৰ মাধ্যমিকৰ ফলাফলৰ দিন-সময় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ বহু পাছতহে খবৰ লাভ কৰে বুলি আন এক বদনাম আছে ৰণোজ পেগুৰ বিৰুদ্ধে৷ ৰাজহুৱা স্থানত শিক্ষকক অপদস্থ কৰাত সিদ্ধহস্ত বুলি কুখ্যাত এইজনা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইবাৰ সত্যতা মানি ল’ব নোৱাৰি ‘আমাৰ অসম’ কাকতৰ বিৰুদ্ধে মিথ্যাচাৰত লিপ্ত হ’ল৷ সমাগত অম্বুবাচী মেলাৰ নামত কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ পৰীক্ষা বাতিল কৰি গুৱাহাটীৰ ৩১খন চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকক অম্বুবাচীৰ কামত নিয়োজিত কৰিবলৈ লোৱা সিদ্ধান্তৰ সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাৰ বাবেই সামাজিক মাধ্যমত টিঙিৰি-তুলা হৈ পৰা দেখা গৈছে শিক্ষামন্ত্ৰী পেগুক৷ বিগত ৩ মে’ত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এটা নিৰ্দেশনাযোগে অম্বুবাচী মেলাৰ পৰিপ্ৰেক্ষিতত ২১ জুনৰ পৰা ২৭ জুনলৈ গুৱাহাটীৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানক কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ তদুপৰি জিলা বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰীয়ে ১২ জুনত গুৱাহাটীৰ ৩১খন চৰকাৰী শিক্ষানুষ্ঠানৰ মুৰব্বীলৈ অম্বুবাচী মেলাত দায়িত্ব পালনৰ বাবে দক্ষ শিক্ষকৰ তালিকা প্ৰেৰণ কৰিবলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছিল৷ সেই নিৰ্দেশনাত প্ৰতিখন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৫জনকৈ আৰু হাইস্কুলৰ পৰা ৩জনকৈ শিক্ষকৰ নাম প্ৰেৰণৰ বাবেও নিৰ্দেশনাটোত কোৱা হৈছিল৷ শিক্ষকক শ্ৰেণীকোঠাৰ পাঠদান বন্ধ কৰি অনাশৈক্ষিক কামত নিয়োগ কৰাৰ কাণ্ডজ্ঞানহীন সিদ্ধান্ত সন্দৰ্ভত ‘আমাৰ অসম’ কাকতৰ বুধবাৰৰ সংখ্যাত প্ৰকাশিত এটা বাতৰিক লৈ খৰ্গহস্ত হৈ পৰা দেখা গ’ল শিক্ষামন্ত্ৰীক৷ সামাজিক মাধ্যমত শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমত ভুল বাতৰি প্ৰকাশ পোৱা বুলিহে দাবী কৰে৷ শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰে যে– ‘বাতৰি কাকতত প্ৰকাশিত হোৱাৰ দৰে কোনো শিক্ষকক অম্বুবাচী মেলাৰ দায়িত্ব অৰ্পণ কৰা হোৱা নাই৷ আচলতে এই পৰ্যন্ত কোনোধৰণৰ দায়িত্ব বিভাজন কৰা হোৱা নাই বুলি কামৰূপ (মেট্ৰ) জিলাৰ উপায়ুক্তই স্পষ্ট কৰিছে৷ ইয়াৰ লগতে জনাই থওঁ যে একাডেমিক কেলেণ্ডাৰ মতে বিদ্যালয়সমূহত কোনো পৰীক্ষা অনুষ্ঠিত হৈ থকা নাই৷ সকলো পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে৷’ অৱশ্যে শিক্ষামন্ত্ৰী পেগুৱে সংবাদ মাধ্যমৰ বাতৰিক লৈ মিথ্যাচাৰত লিপ্ত হ’লেও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰা দুটাকৈ নিৰ্দেশনাৰ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ সাহস কৰা দেখা নগ’ল৷ অৱশ্যে ‘আমাৰ অসম’ৰ বাতৰিক লৈ হোৱা প্ৰতিক্ৰিয়াৰ পাছতেই অম্বুবাচী মেলাৰ কামত শিক্ষকক নিয়োগ কৰা সিদ্ধান্ত শিক্ষা বিভাগে প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে৷