Logo
image

অসমীয়া ভাষাৰ প্ৰতি কোনো সংকট অহা নাই

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুনঃ সাংবাদিকসকল অত্যন্ত অন্তৰ্দৃষ্টিসম্পন্ন হোৱা উচিত৷ সত্যৰ পৰা কেতিয়াও বিচলিত নহৈ সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰিব লাগে৷ তেতিয়াহে ৰাইজৰ ওচৰত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা অব্যাহত থাকিব৷ লগতে নিৰপেক্ষ দৃষ্টিভংগীৰে বিষয়বিলাক বিচাৰ কৰিব পাৰিব লাগিব৷ জনসাধাৰণৰ পৰা বিশ্বাসযোগ্যতা যাতে নষ্ট নহয়, তাৰ প্ৰতিও সদায় সচেষ্ট হৈ থাকিব লাগিব৷ তদুপৰি অসমীয়া ভাষাৰ ক্ৰুটিহীন ৰূপ যাতে ৰক্ষা কৰিব পাৰি তাৰ প্ৰতিও ‘আমাৰ অসম’ কাকত কতৃৰ্পক্ষ সদায় সতৰ্ক হৈ থাকিব লাগিব৷ –চলিত ২১ এপ্ৰিলত গৌৰৱময় ২৬ বছৰ অতিক্ৰম কৰাৰ উপলক্ষত অসমৰ অন্যতম দৈনিক সংবাদ-পত্ৰ ‘আমাৰ অসম’ৰ দ্বাৰা বৰ্তমানৰ মুখ্য সম্পাদক তথা বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰে  ডিব্ৰুগড়ত মঙলবাৰে বিয়লি আয়োজিত এক অন্তৰংগ আলাপ অনুষ্ঠানত এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা আৰু সাহিত্যৰ অকাডেমিৰ ফেল’ সন্মানপ্ৰাপক ড॰ নগেন শইকীয়াই৷ ডিব্ৰুগড়ৰ কানৈ কলেজৰ শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাকতখনৰো প্ৰাক্তন সম্পাদক ড॰ শইকীয়াই ‘আমাৰ অসম’ক শুভেচ্ছা জ্ঞাপন কৰি আৰু কয় যে মনোজ কুমাৰ গোস্বামীৰ দৰে সৃজনীশীল ব্যক্তি খুব কমেইহে অসমত আছে৷ তদুপৰি পৃথিৱীৰ সত্তৰখনৰো অধিক দেশ ভ্ৰমণ কৰা কাকতৰ সম্পাদকো অসমত বিৰল বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে, নিজৰ ভাষণত ‘আমাৰ অসম’ৰ¸ মুখ্য সম্পাদক তথা বিশিষ্ট গল্পকাৰ আৰু সাহিত্য একাডেমি বঁটাপ্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে কয় যে দেশত ছপা মাধ্যমে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কথাটো সত্য৷ কিন্তু পূৰ্বৰ তুলনাত ছপা মাধ্যমৰ গৰিমা হ্ৰাস পাইছে নেকি সেয়া ভাৱি নিজেই বিভ্ৰান্ত হওঁ৷ কিন্তু সাম্প্ৰতিক সময়ত বাতৰি পঢ়াৰ পৰা বিৰত হৈ অধিক পৰিমাণে ছ’চিয়েল মিডিয়াত নতুন প্ৰজন্ম জড়িত হৈ পৰাটো সত্য যদিও ছ’চিয়েলমিডিয়া গণতান্ত্ৰিক মাধ্যম নহয়৷ কাৰণ ইয়াক কৰ্প’ৰ্ৰেট জগতেহে নিজৰ ন্যস্তস্বাৰ্থত নিয়ন্ত্ৰণ কৰে৷ সেয়ে কেতিয়াবা ছ’চিয়েল মিডিয়া আমাৰ বাবে ‘ফ্ৰাংকেনষ্টাইন’ হৈয়ো উঠিব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে৷ কাৰণ ছ’চিয়েল মিডিয়া কাৰোৰে ওচৰত দায়বদ্ধ নহয়৷ আনহাতে, অসমীয়া ভাষাৰ প্ৰতি কোনো সংকট অহা নাই বুলি দাবী কৰি গোস্বামীয়ে কয় যে অসমীয়া ভাষাটো পৃথিৱীৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ ভাষা৷ কাৰণ বিশ্বৰ সৰ্বাধিক কথিত ৫০টা ভাষাৰ ভিতৰত অসমীয়া ভাষাও অন্যতম৷ অনুষ্ঠানৰ আৰম্ভণিতে ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে মনোজ কুমাৰ গোস্বামীৰ জীৱন-কৃতী সম্পৰ্কে চমুকৈ আলোকপাত কৰে৷ কাকতখনৰ ডিব্ৰুগড়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ ৰতন হাজৰিকাই আঁত ধৰা আৰু কলেজখনৰ অধ্যক্ষ ড॰ শশীকান্ত শইকীয়াই আদৰণী ভাষণ দিয়া অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি নিজৰ অভিমত ব্যক্ত কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকাই কয় যে সাংবাদিকতাত কোনো শত্ৰু অথবা মিত্ৰ থাকিব নোৱাৰে৷ এই চৰিত্ৰ বাহাল থাকিলে আৰু পঢ়া-শুনাৰ সংৰক্ষণৰ বাবেই বাতৰিকাকত সদায় জীয়াই থাকিব বুলিও তেওঁ কয়৷ আন এজন অতিথি তথা এএমচিএইচৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে স্বাস্থ্যৰ দিশত কাকতসমূহে অধিক গুৰুত্ব প্ৰদানৰ বাবে মতামত আগবঢ়ায়৷ তদুপৰি অতিথি তথা বিশিষ্ট কবি, সাহিত্যিক ড॰ কৰবী ডেকা হাজৰিকাই ‘আমাৰ অসম’ৰ প্ৰথম পৃষ্ঠা অত্যন্ত আকৰ্ষণীয় বুলি অভিহিত কৰি ‘শিশু শিতান’ৰ মান অধিক উন্নত কৰাৰ থল আছে বুলি মন্তব্য কৰে৷ আনহাতে ‘অসম আদিত্য’ কাকতৰ মুখ্য সম্পাদক ডাঃ নিৰ্মল চাহেৱালা আৰু ডাঃ প্ৰণয় ফুকনেও কাকতখন আজিও আদৰৰ আৰু এই কাকতখনতে নিজকে লেখক হিচাপে প্ৰতিষ্ঠা কৰিলে বুলি নিজৰ অনুভৱত ব্যক্ত কৰে৷ চহৰখনৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লেখক, পাঠক, ছাত্ৰ-শিক্ষক, সাহিত্যসেৱী অনুষ্ঠান-শিক্ষানুষ্ঠান, দল-সংগঠনৰ ডেৰশতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত অধ্যক্ষ ড॰ শশীকান্ত শইকীয়া, বিশিষ্ট লেখিকা ড॰ ভাৰতী দত্ত, অৱসৰপ্ৰাপ্ত বেংক বিষয়া পদুমপোনা বৰুৱা, অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া কুলস্বামী লালোৱাৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী  অধ্যাপক কৌস্তুভ ডেকা, সমাজকৰ্মী ভাস্কৰ পাপুকন গগৈ, কানৈ কলেজৰ অধ্যাপক ড॰ মৃদুল শৰ্মা, পাৰ্থপ্ৰতিম ভূঞা, স্বাক্ষৰ বৰগোহাঁই, প্ৰদীপ হালৈ, ছাত্ৰ বহ্নিমান গগৈ, বিতোপন চৱৰ, বিৰাজ বৰুৱাকে ধৰি বহুকেইজন লোকে সোধা বিভিন্ন বিষয়ৰ প্ৰশ্নৰো উত্তৰ দিয়ে মুখ্য সম্পাদক গোস্বামীয়ে৷ উক্ত অনুষ্ঠানতে কানৈ কলেজৰ ফালৰ পৰা মুখ্য সম্পাদক আৰু কাৰ্যবাহী সম্পাদকক চেলেং, গ্ৰন্থৰ টোপোলা আৰু প্ৰশংসা-পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷