Logo
image

চিআইডিৰ বিৰুদ্ধে গোচৰ জোনালীৰ পৰিয়ালৰঃ আইজিপি উপাধ্যায়ৰ অসংবেদনশীল মন্তব্যক লৈ ক্ষমা প্ৰাৰ্থনা ডিজিপিৰ

‘আমাৰ অসম’ৰ গোৱালপাৰাৰ প্ৰতিনিধি আৰু কৃষ্ণাইৰ প্ৰতিবেদক, ১৫ জুনঃ চিআইডিৰ আইজিপি দেৱৰাজ উপাধ্যায়ে বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ সন্দৰ্ভত কৰা অসংবেদনশীল মন্তব্যক লৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিলে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে৷ বুধবাৰে গোৱালপাৰাত উপস্থিত হোৱা জি পি সিঙে কয়– ‘ব্যক্তিগতভাৱে আৰু এগৰাকী ডিজিপি হিচাপে মই ভাবোঁ যে চিআইডিৰ আইজিপিয়ে এনেদৰে ক’ব নালাগিছিল৷ তেখেতৰ মন্তব্যৰ বাবে সামাজিকভাৱে পৰিয়ালৰ যিখিনি কষ্ট হৈছে তাৰ বাবে মই অসম আৰক্ষীৰ হৈ ক্ষমা বিচাৰিছোঁ৷ আৰু ভুলৰ শুধৰণি কৰিবলৈ মই ইতিমধ্যে এডিজি চিআইডিক কৈছোঁ যে তেখেতক এটা এডভাইজাৰী দিব লাগে৷ কিছুমান কথা এনেকুৱা থাকে যে আমি ক’ৰ্টত ছাবমিট কৰিব লাগে৷ বিশেষ ডিজি হেড কোৱাৰ্টাৰকো মই নিৰ্দেশ দিছোঁ যে মিডিয়াৰ আগত কি ক’ব লাগে এই সন্দৰ্ভত আমাৰ মুখপাত্ৰসকলক এটা ট্ৰেইনিং কৰাব লাগে৷ জোনালী নাথৰ হত্যাকাণ্ডৰ সন্দৰ্ভত যিখিনি ফৰেনচিক আৰু ডিজিটেল তথ্য-প্ৰমাণ পোৱা গৈছে, সেইখিনিয়ে অভিযুক্ত হাছানুৰ ইছলাম জড়িত থকাটো প্ৰমাণ কৰিছে৷ অভিযুক্ত আৰু ভিক্টিমৰ মোবাইল ইতিমধ্যে পৰীক্ষাৰ বাবে ফৰেনচিকলৈ পঠোৱা হৈছে৷ ডিজিটেল আৰু ফৰেনচিক তথ্যৰ ভিত্তিত এটা ফুলপ্ৰুফ চাৰ্জশ্বীট বনাবৰ বাবে আমি চেষ্টা কৰিছোঁ৷ মই এছপি গোৱালপাৰাক নিৰ্দেশ দিছোঁ যে ৬০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব লাগিব৷ ফাষ্টট্ৰেক ক’ৰ্টৰ বাবেও এক প্ৰেয়াৰ দিবৰ বাবে মই এছ পি গোৱালপাৰাক নিৰ্দেশ দিছোঁ৷ অনুসন্ধানত নামি এনে কিছুমান তথ্য পাইছোঁ যিবোৰ সামাজিক কৰিব খোজা নাই৷ হত্যাকাণ্ডৰ সৈতে মৃত নেত্ৰীগৰাকীৰ মাইক্ৰ’ফাইনেন্সৰ ব্যৱসায়ৰ কিবা সম্পৰ্ক আছে নেকি, ইয়াকো চালিজাৰি চোৱা হ’ব৷’ উল্লেখ্য, গোৱালপাৰা জিলাৰ বিজেপি দলৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ড সম্পৰ্কে সবিশেষ জানিবলৈ আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিং দুধনৈৰ লগতে নেত্ৰীগৰাকীৰ মাটিয়াৰ বাসগৃহত উপস্থিত হয়৷ তেওঁ প্ৰথমে দুধনৈ আৰক্ষী থানাত উপস্থিত হৈ জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকৰ সৈতে মিলিত হয় ঘটনাৰ তদন্তৰ পৰ্যালোচনা কৰে৷ ইয়াৰ পাছতে তেওঁ দুধনৈ আৱৰ্তভৱনত উপস্থিত হৈ জিলা বিজেপি দলৰ নেতা-কৰ্মীসকলৰ লগতে নাথ-যোগীৰ কেইবাটাও সংগঠনৰ প্ৰতিনিদিৰ সৈতে আলোচনা কৰে৷ ইয়াৰ পাছতে তেওঁ হত্যাকাণ্ডৰ বলি হোৱা জোনালী নাথৰ মাটিয়াৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায়ে কৰা মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰে৷ লক্ষণীয় যে চিআইডৰ বিজেপি দেৱৰাজ উপাধ্যায়ে বিজেপি নেত্ৰী জোনালী নাথ আৰু অভিযুক্ত হাছানুৰ ইছলামৰ মাজত প্ৰেমজনিত সম্পৰ্ক থকা বুলি সংবাদমেলত দাবী কৰাৰ পাছতে জোনালীৰ পৰিয়ালৰ লগতে বিজেপি দলে এয়া অসত্য বুলি জাঙুৰ খাই উঠিছিল৷

দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ দাখিল জোনালীৰ পৰিয়ালৰ

‘আমাৰ অসম’ৰ গোৱালপাৰাৰ প্ৰতিবেদকঃ গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি আজিও ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ দেওবাৰে সন্ধিয়া কৃষ্ণাই থানাৰ অন্তৰ্গত শালপাৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জিলা বিজেপিৰ সম্পাদিকা জোনালী নাথৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ ইয়াৰ পিছদিনাই হত্যাকাৰী মাটিয়া থানাৰ অন্তৰ্গত বৰবালুপাৰাৰ হাছানুৰ ইছলামক আৰক্ষীয়ে কৰায়ত্ব কৰে আৰু তেওঁ নিজেই মহিলাগৰাকীক হত্যা কৰা বুলি স্বীকাৰ কৰে৷ সন্ধিয়াৰ ভাগত আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ মহাপৰিদৰ্শক দেবৰাজ উপাধ্যায়ে গোৱালপাৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি হত্যাকাণ্ডৰ সবিশেষ প্ৰকাশ কৰাৰ লগতে প্ৰেমজনিত কাৰণতেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি উল্লেখ কৰে৷ দেবৰাজ উপাধ্যায়ৰ এই সংবাদমেলৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ সংবাদমেলে শোকসন্তপ্ত পৰিয়াল আৰু বিজেপি দলৰ কৰ্মকৰ্তাসকলৰ যেন জ্বলা জুইত ঘিঁউহে ঢালি দিয়ে৷ এই ক্ষেত্ৰত জোনালী নাথৰ স্বামী চন্দ্ৰ কুমাৰ নাথ অধিক ব্যথিত হৈ কি যুক্তিত এগৰাকী হত্যাকাৰী স্বীকাৰ উক্তিৰ ভিত্তিত এগৰাকী উচ্ছ পৰ্যায়ৰ আৰক্ষী বিষয়াই সংবাদমেলত এনে বক্তব্য দিলে সেইলৈ প্ৰশ্ন উত্থাপন কৰিছে৷ তদুপৰি এখন চলন্ত গাড়ীত মানুহ এগৰাকীক ঘুচিয়াই হত্যা কৰা সম্ভৱ নে বুলি তেওঁ আৰক্ষী বিষয়া গৰাকীক উভতি ধৰে৷ যদি তেনেই হৈছে তেন্তে জোনালীয়েও আত্মৰক্ষাৰ কাৰণে হত্যাকাৰীক আক্ৰমণ কৰিলেহেঁতেন, হত্যাকাৰীও কিছুপৰিমাণে আঘাতপ্ৰাপ্ত হলহেঁতেন৷ কিয় হত্যাকাৰীৰ গাত চিন নাই বুলি কৈ এই ক্ষেত্ৰত সঠিক তদন্ত হোৱা নাই বুলি উল্লেখ কৰে৷ হাছানুৰ ইছলামে জোনালীক হত্যা কৰাৰ পিছত দেবৰাজ উপাধ্যায়ে সংবাদমেল পাতি দ্বিতীয় বাৰৰ বাবে জোনালীৰ লগতে তেওঁলোকৰ পৰিয়ালক হত্যা কৰিলে বুলি অভিযোগ কৰে৷ ইফালে, এই কাৰ্যত ক্ষুণ্ণ হৈ স্বামী চন্দ্ৰ কুমাৰে দেবৰাজ উপাধ্যায়ৰ বিৰুদ্ধে মঙলবাৰে সন্ধিয়া মাটিয়া থানাত এজাহাৰ দাখিল কৰে৷ ইপিনে আজিও হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহি আছে৷ হত্যাকাৰী হাছানুৰ ইছলামে পূৰ্বৰ চিনাকি সূত্ৰে হত্যাকাণ্ডৰ কেইদিনমান আগতে জোনালীৰ পৰা ২ লাখ ৫০ হাজাৰ টকা ধাৰলৈ নিছিল বুলি জোনালীৰ স্বামী চন্দ্ৰ কুমাৰ নাথে আজি সংবাদমাধ্যমক জানিবলৈ দিয়ে৷ ইফালে, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি জোনালীৰ মেবাইলটো চিমকাৰ্ড নথকা অৱস্থাত হত্যাকাৰী হাছানুৰৰ ঘৰৰ পিছফালৰ পৰা উদ্ধাৰ কৰে৷ অৱশ্যে আজিও জোনালীৰ বেগখন উদ্ধাৰ হোৱা নাই৷ উল্লেখ্য, মাটিয়া আৰক্ষী চকীত চিআইডিৰ আইজিপি দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে জোনালী নাথৰ স্বামী চন্দ্ৰ কুমাৰ নাথে দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছে যে– ‘আইজিপিৰ বক্তব্যই মূল হত্যাকাণ্ডটোক বিপথে পৰিচালিত কৰিছে৷ গাড়ী এখন চলাই থকা অৱস্থাত কেৱল খালী হাতেৰে আৰু অকলে মহিলা এগৰাকীক হত্যা কৰা কথাটো সন্দেহজনক৷ হত্যাৰ কাৰণ প্ৰেমজনিত বুলি কোৱা কথাটো আমি মানি ল’ব নোৱাৰোঁ, কাৰণ স্বামী হিচাপে তেখেতৰ চৰিত্ৰত মোৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে৷ প্ৰয়োজন সাপেক্ষে এই বিষয়ে গাঁৱৰ ৰাইজক সোধা-পোচা কৰিলে ওলাই পৰিব৷ উপযুক্ত তদন্ত নৰকাকৈ এইধৰণৰ মন্তব্য দি মোৰ মৃত পত্নীৰ লগতে বংশ-পৰিয়ালৰ মান-সন্মানৰ যি হানি কৰিলে ই আমাৰ বাবে অপূৰণীয় ক্ষতি৷ মোৰ দুজনীকৈ ছোৱালীৰ ভৱিষ্যতো আজি নষ্ট হোৱাৰ পথত৷ ইয়াৰ বাবে আইজিপি দেৱৰাজ উপাধ্যায়ে অতি সোনকালে এটা প্ৰেছ বিবৃতি দি অসন্মানযুক্ত ভাষ্যটো উঠাই ল’ব লাগে আৰু লগতে ক্ষমা প্ৰাৰ্থনা খুজিব লাগে৷’