Logo
image

ইলাচি চাহ খালে পোৱা যায় এইবোৰ উপকাৰ

চাহ বেয়া পোৱা লোকৰ সংখ্যা অতি কম৷ প্ৰায়ভাগ লোকে পুৱাৰ চাহ কাপেৰে দিনটো আৰম্ভ কৰে৷ চাহৰ সৈতে দুই বা এটা ইলাচি মিহলাই খালে বেছি উপকাৰ পোৱা যায়৷  চাহ বনোৱাৰ সময়ত ইলাচিৰ দানা এটা পেলাই দিলে সোৱাদ বৃদ্ধি পোৱাৰ লগতে সুগন্ধি বাঢ়ে৷ তদুপৰি চাহৰ সৈতে ইলাচি মিহলাই খালে বিভিন্ন উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপকাৰিতা–
- হজম ক্ষমতা বঢ়ায়ঃ হজম ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত ইলাচি চাহ অতি কাৰ্যকৰী৷ দিনত কেতিয়াবা বেছিকৈ খাদ্য খোৱাৰ পাছত একাপ ইলাচি চাহ খাওক৷ এই চাহে খাদ্য দ্ৰুত হজম কৰাত সহায় কৰে৷ 
- কোষ্ঠকাঠিন্য আঁতৰায়ঃ যিসকলৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেওঁলোকে ইলাচি চাহ খাব পাৰে৷ পুৱাই হওক বা গধূলিয়েই হওক, ইলাচি চাহ খালে পেটফুলা আৰু পেটৰ বিষৰ সমস্যাৰ পৰা সকাহ পোৱা যায়৷
- হৃদযন্ত্ৰ ভালে ৰাখেঃ ইলাচিত এণ্টিঅক্সিডেণ্টৰ লগতে আন বিভিন্ন ফেনোলিক উপাদান থাকে৷ এই উপাদানে হাইপাৰটেনশ্বন হ্ৰাস কৰে৷ ফলত হৃদযন্ত্ৰৰ ওপৰত তাৰ প্ৰভাৱ কম হয়৷ লগতে ৰক্তনলীত ক্ষতিকাৰক কলেষ্টেৰল জমা হোৱাৰ আশংকা নাথাকে৷ ইলাচিয়ে তেজৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷ ফলত হৃদযন্ত্ৰ সুস্থ থাকে৷
- জ্বৰ, চৰ্দি কমায়ঃ ঋতু পৰিৱৰ্তনৰ লগে লগে বহুতে চৰ্দি-কাহ বা জ্বৰত আক্ৰান্ত হয়৷ ইলাচি চাহে এই সমস্যাৰ পৰা সকাহ দিয়াত সহায় কৰে৷ ইলাচিয়ে ভিটামিন-এ আৰু ভিটামিন চিৰ অভাৱ দূৰ কৰাত কাম কৰে৷ তদুপৰি ডিঙিৰ বিষতো ইলাচি খুবেই কাৰ্যকৰী৷ ইয়াত থকা এণ্টিইনফ্লেমেট’ৰি, এণ্টি ভাইৰাল আৰু এণ্টিমাইক্ৰ’বিয়াল উপাদানে শৰীৰত ক্ষতিকাৰক ভাইৰাছ-বেক্টেৰিয়াৰ প্ৰভাৱ কমোৱাত সহায় কৰে৷ সেয়ে নিয়মিত ইলাচি চাহ খোৱাৰ অভ্যাস কৰক৷
- ডিটক্স পানীয়ঃ ইলাচি চাহে ডিটক্স পানীয়ৰো কাম কৰে৷ এই চাহে আমাৰ দেহত জমা হোৱা দূষিত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে৷ সেয়ে প্ৰতিদিনে অন্ততঃ দুবাৰ ইলাচি চাহ খোৱাৰ অভ্যাস কৰক৷