Logo
image

আৰক্ষী বিষয়া দ্বীপজ্যোতি কাকতিক তাৎক্ষণিক নিলম্বন

‘আমাৰ অসম’, ১৫ জুনঃ মাজুলীৰ বালিচাপৰি আৰক্ষী চকীৰ এছআই দ্বীপজ্যোতি কাকতিয়ে গণৰোষৰ বলি হোৱা এজন যুৱকক উদ্ধাৰ কৰি পাছত সেইজন যুৱকৰ পিতৃক ধন দাবী কৰাৰ অভিযোগ উঠিছে৷ সদ্যনিযুক্তিপ্ৰাপ্ত অসম আৰক্ষীৰ বিষয়াজনৰ গৰ্হিত কাৰ্যই বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা অনুসৰি মাজুলীৰ মেৰুৱাবাৰী গাঁৱৰ দিব্যজ্যোতি নাথ নামৰ যুৱকজনে দেওবাৰে নিশা নামনি মাজুলীত ভাওনা চাবলৈ গৈ নিশা বাঘগাঁৱৰ শহুৰেকৰ ঘৰত কটাবলৈ যাওঁতে গাঁওখনিত এক লোমহৰ্ষক কাণ্ড সংঘটিত হয়৷ নিশা গাঁৱত প্ৰৱেশ কৰা যুৱকজনক সন্দেহবশত গাঁৱৰ একাংশ লোকে চোৰ বুলি ভাবি নিৰ্মমভাৱে যুৱকজনক প্ৰহাৰ কৰে৷ পাছত যুৱকজনক স্থানীয় এজন লোকে চিনি পাই বালিচাপৰি তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ঘটনাটো অৱগত কৰাত আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি আৰক্ষী তহলদাৰী চকীলৈ আনে যদিও এই ঘটনাৰ পাছত যুৱকজনক যথা সময়ত চিকিৎসা প্ৰদান নকৰি নিশাটো আৰক্ষী চকীতে বহুৱাই থয়৷ পিছদিনা পুৱা প্ৰায় এঘাৰবজাত থানালৈ অহা আই চি দ্বীপজ্যোতি কাকতীয়ে ভূক্তভোগী যুৱক দিব্যজ্যোতি নাথক থানাৰ পৰা উলিয়াই নিয়াৰ বাবদ পিতৃ আনন্দ নাথৰ পৰা পাঁচ হাজাৰ টকা দাবী কৰে৷ দিব্যজ্যোতি নাথৰ পিতৃ আনন্দ নাথে জনোৱা মতে পাঁচ হাজাৰ টকা দিব নোৱাৰাত তিনিহাজাৰ টকা দিবলৈ কোৱাৰ লগতে টকা আনিবৰ কাৰণে ওচৰতে থকা এটিএম এটালৈ পঠাই দিয়ে৷ দিব্যজ্যোতি নাথৰ পিতৃয়ে গড়মূৰ আৰক্ষী থানাত ইতিমধ্যে ৩৯/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰিছে৷ ইফালে এই ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়া দ্বীপজ্যোতি কাকতিক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে৷