Logo
image

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ চাৰ্জশ্বীট দাখিল

‘আমাৰ অসম’, ১৫ জুনঃ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল-কাণ্ডৰ গোচৰৰ অৱশেষত ৩ মাহৰ মূৰত আদালতত অভিযোগনামা দাখিল কৰিলে চিআইডিয়ে৷ প্ৰশ্নকাকত ফাদিল-কাণ্ডৰ মাষ্টাৰমাইণ্ড লখিমপুৰৰ লোহিত খাবলু হাইস্কুলৰ পৰীক্ষাকেন্দ্ৰৰ মুৰব্বী তথা অধ্যক্ষ প্ৰণৱ কুমাৰ দত্তসহ মুঠ ৪১জন অভিযুক্তৰ বিৰুদ্ধে চিআইডিয়ে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰে৷ চিআইডিয়ে মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ তথ্য-প্ৰমাণসহ অভিযোগনামা দাখিল কৰে যদিও প্ৰশ্নকাকত ফাদিল-কাণ্ডৰ তদন্ত আধৰুৱাকৈ সমাপ্তি পেলোৱা বুলিও এতিয়া চৰ্চা লাভ কৰিছে৷ চিআইডিয়ে সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত  ফাদিলৰ তদন্ত কৰিলেও তথ্য-প্ৰমাণসহ অভিযোগ দাখিল কৰাৰ পাছতো অজ্ঞাত কাৰণত ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টোক তদন্ত নকৰাকৈ গাপ দি থলে বুলি অভিযোগ উঠিছে৷ কিয়নো মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ তথ্য প্ৰথমবাৰলৈ পোহৰলৈ অনা গোগামুখ মহাবিদ্যালয়ৰ অধ্যাপক তথা ছেবাৰ বহিঃ নিৰীক্ষক শচীন্দ্ৰ দলেয়ে ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞানৰ কিদৰে হাতে লিখা প্ৰশ্নকাকত লাভ কৰিছিল তাৰ সবিশেষ তদন্তকাৰী শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰিছিল৷ সেই সময়ত সংবাদ মাধ্যমত শচীন্দ্ৰ দলেয়ে আগবঢ়োৱা ভাষ্যতেই স্পষ্ট হৈ পৰিছিল যে কেৱল সাধাৰণ  বিজ্ঞানৰ প্ৰশ্নকাকতেই নহয়, ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতো পৰীক্ষাৰ পূৰ্বেই ফাদিল হৈছিল৷ একেদৰে অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত ধেমাজিৰ যোৰকটা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা অমন ময়ং নামৰ ছাত্ৰজনৰ পৰা জব্দ কৰা নকলৰ ক্ৰমিক নম্বৰ অনুসৰি প্ৰশ্নকাকত মিলি গৈছিল৷ সেই ছাত্ৰজনেও পৰীক্ষাৰ ৩ দিন পূৰ্বেই হোৱাট্‌ছএপ গ্ৰুপত গণিতৰ প্ৰশ্নকাকত লাভ কৰাৰ কথা স্বীকাৰ কৰিছিল৷ আনকি এই তথ্য জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাই চিআইডিকো যোগান ধৰিছিল৷ এনে স্পষ্ট তথ্য-প্ৰমাণ লাভ কৰাৰ পাছতো চিআইডিয়ে কেৱল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলতে তদন্ত সামৰণি পেলোৱাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ আনকি এনে আধৰুৱা তদন্তৰ পাছতো শেহতীয়াকৈ ছেবাই মেট্ৰিক পৰীক্ষাৰ ফলাফলো ঘোষণা কৰিলে৷ উল্লেখ্য, চিআইডিয়ে বিগত ১৩ মাৰ্চত ৰুজু কৰা ৩/২০২৩ নম্বৰ গোচৰটোৰ সংক্ৰান্তত দাখিল কৰা অভিযোগনামাত লখিমপুৰৰ লোহিত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰণৱ কুমাৰ দত্ত আৰু ডফলাকটা জনজাতি হাইস্কুলৰ শিক্ষক কুমুদ ৰাজখোৱাক মূল অভিযুক্ত হিচাপে চিনাক্ত কৰিছে৷ অভিযোগনামাৰ উদ্ধৃতিয়ে চিআইডিয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি লোহিত খাবলু হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰৰ মুৰব্বী প্ৰণৱ কুমাৰ দত্তৰ বাসগৃহৰ পৰা জব্দ কৰা আধাজ্বলা বিজ্ঞানৰ প্ৰশ্নকাকতৰ সৈতে ছেবাৰ মূল প্ৰশ্নকাকতৰ মিল থকাৰ তথ্য ফৰেনছিক বিজ্ঞানাগাৰৰ প্ৰতিবেদনত স্পষ্ট হৈছে৷ ইয়াৰোপৰি দত্তৰ ভাৰাঘৰৰ পৰা সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতত যিসমূহ হাতে লিখা কপী জব্দ কৰিছিল, সেই কপীসমূহত থকা হস্তাক্ষৰ অভিযুক্ত প্ৰণৱ দত্তৰে আছিল বুলিও ফৰেনছিক প্ৰতিবেদনত প্ৰকাশ পাইছে৷ ইফালে, ডফলকাটা জনজাতি হাইস্কুলৰ শিক্ষক কুমুদ ৰাজখোৱাই ধনৰ বিনিময়ত হোৱাট্‌ছএপযোগে বিজ্ঞানৰ প্ৰশ্নকাকত বিভিন্ন ছাত্ৰ-ছাত্ৰীক যোগান ধৰিছিল৷ ৰাজখোৱাই হাতে লিখা প্ৰশ্নকাকত হোৱাট্‌ছএপত শ্বেয়াৰ কৰা বিভিন্ন ছাত্ৰৰ ৪৭টা মোবাইল ফোন জব্দ কৰিছে৷ ছাইবাৰ এক্সপাৰ্টে মোবাইলৰ পৰা ডিলিট কৰা প্ৰশ্নকাকতো উদ্ধাৰ কৰিছে৷ য’ত কুমুদ ৰাজখোৱাৰ হস্তাক্ষৰৰ মিল পোৱা গৈছে৷ হোৱাট্‌ছএপত প্ৰশ্নকাকত দি ইউপিআইৰ জৰিয়তে কুমুদ ৰাজখোৱাই লৈছিল ধন৷ আনহাতে, গুৱাহাটীৰ ভাউৰী দেৱী ছেৰাউগী হাইস্কুলৰ প্ৰধান শিক্ষকসহ আন তিনিজনৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছে চিআইডিয়ে৷ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত কম পোৱাৰ বিষয়ক লৈ ছেবাক ভুল তথ্য দিয়া তথা প্ৰশ্নকাকত নোহোৱা হোৱাৰ অভিযোগতে শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক জ্যোতিৰেখা বৰগোহাঁই, শিক্ষক হেৰম্ব কুমাৰ দাস আৰু সহায়ক চিত্তৰঞ্জন ৰয়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে৷ গোচৰটোত চিআইডিয়ে ১০জন শিক্ষক, ২৪জন শিক্ষাৰ্থী আৰু প্তজন মধ্যভোগীসহ মুঠ ৪১জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে৷