Logo
image

‘শ্ৰী ৰঘূপতি’ৰ দুৰ্দান্ত সফলতাৰ মাজতে সাজু হৈছে একাধিক অসমীয়া ছবি

‘আমাৰ অসম’, ১৮ জুনঃ   ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’য়ে প্ৰায় ৬ কোটি টকা উপাৰ্জন কৰি বক্স অফিচ হিট কৰাই নহয় অসমীয়া ছবি জগতলৈ কঢ়িয়াই আনিছে নতুন আশাৰ বতৰা৷ ‘শ্ৰী ৰঘুপতি’ৰ জৰিয়তে ৰবি শৰ্মাই তেওঁৰ ২৩ বছৰীয়া অভিনয় কেৰিয়াৰত সৰ্বশ্ৰেষ্ঠ উপহাৰ দিলে বুলি  চলচ্ছিত্ৰ প্ৰেমীৰ মাজত সৰ্বত্ৰ চৰ্চা হৈছে৷ ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰা যুৱ পৰিচালক সুব্ৰত কাকতিয়ে বিশেষভাৱে ৰবি শৰ্মাৰ মাজত থকা সৰ্বোচ্ছ প্ৰতিভাখিনি উলিয়াই আনিবলৈ সক্ষম হ’ল বুলি চলচ্ছিত্ৰ সমালোচকসকলে মন্তব্য কৰিছে৷ সত্তৰ দশকৰ পৰা সচৰাচৰ সহজ-সৰল চৰিত্ৰত অভিনয় কৰি অহা বিশিষ্ট অভিনেতা অৰুণ নাথক ‘শ্ৰী ৰঘুপতি’ত দেখা গ’ল  অনন্য ৰূপত৷ অৰুণ নাথ কোন পৰ্যায়ৰ অভিনেতা বা তেওঁৰ বাবে অভিনয় কি– আকৌ এবাৰ সেয়া ‘শ্ৰী ৰঘুপতি’য়ে বুজাই দিলে৷ ‘শেষ উপহাৰ’, ‘জখম’ আদি ছবিত এসময়ত নায়কৰ চৰিত্ৰত অভিনয় কৰা প্ৰতিভাশালী অভিনেতা ৰাজ শৰ্মাক দুৰ্ঘটনাত পতিত হোৱাৰ ১৫ বছৰৰ পিছত পুনৰ অভিনয়লৈ ঘূৰাই অনাটো ‘শ্ৰী ৰঘুপতি’ৰ আন এক উজ্জ্বল দিশ৷ ছবিখনত ‘আলতাফ’ৰ চৰিত্ৰত ৰাজ শৰ্মাই শক্তিশালী অভিনয় কৰিছে৷ বেহাৰবাৰী আউটপোষ্টৰ ‘কেকে’ হিচাপে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মায়ো ‘শ্ৰী ৰঘুপতি’ৰ জৰিয়তে বীগ স্কীনৰ সুনিপুণ অভিনেতা হিচাপে প্ৰতিষ্ঠা লভিলে৷ ধাৰাবাহিক বা ভিডিঅ’ৰ গীতত অভিনয় কৰা প্ৰিয়ম পল্লৱীয়ে সুযোগ পালে যে ভাল অভিনয় কৰিব পাৰিব সেয়াও ছবিখনত প্ৰমাণ হ’ল৷ অৰুণ হাজৰিকা, সিদ্ধাৰ্থ মুখাৰ্জী, ৰীণা বৰা, প্ৰীতিকংগনা, বৰ্ণালী পূজাৰীকে   ধৰি আন অভিনেতা সকলৰো অভিনয়ে দৰ্শকৰ মন আকৰ্ষণ কৰিলে৷ ইয়াৰ মাজতে অৱশ্যে কোনোৱে সামাজিক মাধ্যমত মন্তব্য কৰিলে ‘চিনেমাবোৰ আৰু অলপ ভাল হওক৷ আৱেগতে সদায় চাব পৰা নাযাব৷ ২০০৭ চনৰ পৰা দিল্লীত কাম কৰি আছো৷ অসমীয়া বুলিয়েই জানো আমাক কোনোবাই কাম দিয়ে৷’ প্ৰাৰ্থনা সদৃশ ‘নাৰায়ণ’ গীতটো বাজি উঠোতে গাৰ নোম থিয় হৈ উঠিল আৱেগপ্ৰৱণ অসমীয়াৰ৷ ছবিগৃহত ‘শ্ৰী ৰঘুপতিৰ শ্ব’ চলি থকাৰ মাজতে শুকুৰবাৰৰ পৰা আহিল ‘আদিপুৰুষ’৷ আদিপুৰুষে মাত্ৰ দুদিনতে ১৪০ কোটি টকা উপাৰ্জন কৰিলে যদিও বিতৰ্ক আৰু বাহুৱলীতখ্যাত প্ৰভাসৰ দুৰ্বল অভিনয়ে হতাশ কৰিলে দৰ্শকক৷ এক কথাত ক’বলৈ গ’লে বক্স অফিচ হিট কৰিও দৰ্শকৰ দৃষ্টিত ফ্লপ হ’ল আদিপুৰুষ৷ বাহুৱলী চাই নিৰাশ হোৱা অসমৰ দৰ্শকে ক’লে–‘আমাৰ ৰবি শৰ্মাই বহু ওপৰত৷ ৰঘুপতিয়েই ভাল৷’ উল্লেখ্য যে ওম ৰাউত পৰিচালিত ‘আদিপুৰুষ’ ছবিখনকলৈ ভাৰতৰ লগতে নেপালতো আৰম্ভ হৈছে বিতৰ্ক৷ ছবিখনত ৰাৱণ, হনুমান আদি চৰিত্ৰসমূহক বিকৃত কৰি হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ কৰিছে বহুজনে৷ হিন্দু সেনাই দিল্লী উচ্ছ ন্যায়ালয়ত ‘আদিপুৰুষ’ ছবিখনে ৰামৰ লগতে ৰামায়নক অপমান কৰা বুলি এখন ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন দাখিল কৰিছে৷ হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই এই আবেদন দাখিল কৰিছে৷ আৱেদনখনত অভিযোগ অনা হৈছে যে ‘আদি পুৰুষে’ হিন্দুসকলৰ অনুভূতিত আঘাট হানিছে৷ ভগৱান ৰাম আৰু ভাৰতীয় সংস্কৃতিৰ বিষয়ে বিকৃত তথ্য দাঙি ধৰা হৈছে ছবিখনত৷ মানুহে আশা কৰিছিল যে ৰামায়ণৰ আধাৰত নিৰ্মিত চলচ্ছিত্ৰখনত শালীন ভাষাৰ ব্যৱহাৰ হ’ব৷ কিন্তু তাৰ বিপৰীতে হনুমানৰ মুখত ‘কপড়া তেৰে বাপ কা, আগ তেৰে বাপ কা, তেল তেৰে বাপ কা, জলেগী ভি তেৰে বাপ কা...’ ‘তেৰি বুৱা কা গাৰ্ডেন হে য়া জয়া খানা’ৰ দৰে অসংস্কৃত ভাষা ব্যৱহাৰ কৰাত ছ’চিয়েল মিডিয়াত বহুতে সমালোচনা কৰিছে৷ আনকি ছবিখনক লৈ ৰামানন্দ সাগৰৰ ৰামায়ণত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গভিলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে–‘আস্থাৰ ওপৰত কোনেও আঘাট কৰিব নালাগে৷’ আম আদমী পাৰ্টীয়ে দিল্লীত সংবাদমেল পাতি ছবিখনকলৈ বিজেপি, আৰ এছ এছ তথা কট্টৰ হিন্দুত্ববাদী সংগঠন সমূহৰ নিৰৱতাক চোকা ভাষাৰে সমালোচনা কৰিছে৷ যোগী আদিত্য নাথ, হিমন্ত বিশ্ব শৰ্মা আদি বিজেপিৰ মুখ্যমন্ত্ৰীসকলকো সমালোচনাৰে থকা সৰকা কৰিছে আপে৷ প্ৰশ্ন কৰিছে তেওঁলোক মৌন কিয়? উল্লেখ্য ‘আদিপুৰুষ’¸ত স্বৰ্ণলংকাৰ পৰিৱৰ্তে কয়লাৰ লংকা দেখুওৱা হৈছে৷ ৰাৱণক বীণৰ পৰিৱৰ্তে গীতাৰ বজোৱা দেখুওৱা হৈছে৷ মেঘনাদৰ গাত উদ্ভূত টাটু অঁকা হৈছে৷ ইফালে ‘শ্ৰী ৰঘুপতি’ৰ দুৰ্দান্ত সফলতাৰ মাজতে সাজু হৈছে একাধিক ছবি৷ অসম আন্দোলনখনৰ পটভূমিত নিৰ্মিত নতুন অসমীয়া ছবি ‘ৱাইড এংগল’ৰ শ্বুটিঙত ব্যস্ত জুবিন গাৰ্গ৷ ড॰ নগেন শইকীয়াৰ কাহিনীৰে নিৰ্মাণ কৰা ‘ৱাইড এংগল’ত জুবিন গাৰ্গে এজন ছাত্ৰ নেতাৰ চৰিত্ৰত অভিনয় কৰিছে৷ শ্বুটিঙত ব্যস্ত থকা জুবিন গাৰ্গে নিজৰো দুখন ছবিয়ে মুক্তি পাব বুলি সদৰি কৰিছে৷ আগন্তুক অক্টোবৰ মাহতে ছবিগৃহলৈ আহি আছে যতীন বৰাৰ ‘ৰাঘৱ’৷ অচিন্ত শংকৰৰ ছবি হোমৱ’ৰ্কৰো শুভ মহুৰত সম্পন্ন হৈছে৷