Logo
image

পুনৰ ২০০ মিটাৰত স্বৰ্ণ অম্লানৰ

‘আমাৰ অসম’, ২০ জুনঃ  দেশৰ  এথলেটিকছ ক্ষেত্ৰত নিজৰ আধিপত্য অব্যাহত ৰাখিছে অসম সন্তান অম্লান বৰগোহাঁয়ে৷ সোমবাৰে ভুৱনেশ্বৰত অনুষ্ঠিত ৬২সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আহিছে দৌৰবিদ অম্লান বৰগোহাঁয়ে৷ প্ৰতিযোগিতাখনৰ পুৰুষৰ ২০০ মিটাৰ  দৌৰত আন ৭ জন দৌৰবিদক পাছ পেলাই মাত্ৰ ২০.৭১ ছেকেণ্ডত লক্ষ্য অতিক্ৰম কৰে ২৫ বছৰীয়া অম্লানে৷ আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অম্লানৰ পাছতেই দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে কৰ্ণাটকৰ শশীকান্ত বীৰুপ্ৰকাশ আৰু উত্তৰ প্ৰদেশৰ আকাশ কুমাৰে৷ উল্লেখ্য, ভুৱনেশ্বৰত অনুষ্ঠিত ৬২সংখক আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপখন আছিল সমাগত এছিয়ান গেমছৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতা৷ অৱশ্যে এছিয়ান গেমছৰ ২০০ মিটাৰ পুৰুষ দৌৰত যোগ্যতাৰ বাবে নিৰ্ধাৰিত সময় হৈছে ২০.৬১ ছেকেণ্ড৷ কিন্তু অম্লানে এছিয়ান গেমছৰ যোগ্যতাৰ লক্ষ্য স্পৰ্শ কৰাত ব্যৰ্থ হয়৷ অম্লান বৰগোহাঁয়ে সেই লক্ষ্যতকৈ কিছু পিছ পৰি ল’লে প্ৰতিযোগিতাখনত স্বৰ্ণপদক আঁজুৰি আনে৷ উল্লেখ্য, দূৰন্ত মানৱ অম্লানৰ ২০০ মিটাৰ দৌৰত সৰ্বোচ্ছ ৰেকৰ্ড আছিল ২০.৫২ ছেকেণ্ড৷ শেহতীয়াকৈ জামাৰ্নীৰ ৱেইন হেমত অনুষ্ঠিত হোৱা কাণ্টিনেণ্টেল টুৰ চেলেঞ্জাৰ ইভেণ্টত অসম সন্তান অম্লানে ২০.৬৬ ছেকেণ্ডত লক্ষ্য অতিক্ৰম কৰি ২০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল৷ বিগত এপ্ৰিলত বেংগালুৰুত অনুষ্ঠিত তৃতীয় ইণ্ডিয়া গ্ৰেণ্ড প্ৰিক্সত পুৰুষৰ ১০০  আৰু ২০০ মিটাৰৰ দৌৰত দুটাকৈ স্বৰ্ণ অৰ্জন কৰিছিল অম্লান বৰগোহাঁয়ে৷ আনহাতে বিগত বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়াতো অম্লান বৰগোহাঁয়ে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত চেম্পিয়ন হৈছিল৷