Logo
image

বিৰোধীৰ ভোটবেংকত অস্ত্ৰোপচাৰ

‘আমাৰ অসম’, ২২ জুনঃ  বিৰোধীৰ ভোট বেংকত ব্যাপক ৰূপত অস্ত্ৰোপচাৰ কৰি, সংখ্যালঘুৰ জনগাঁথনিক লক্ষ্য কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰা হৈছে৷ মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পাছতেই সৰ্বত্ৰ উত্থাপন হৈছে এই অভিযোগ৷ শাসক দলৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থতেই নিৰ্বাচন আয়োগে সংখ্যালঘু জনগাঁথনিক ভাগ ভাগ কৰি নতুন বিধানসভা আৰু লোকসভা সমষ্টিৰ ৰূপৰেখা প্ৰস্তুত কৰা বুলিও মুকলি চৰ্চা লাভ কৰিছে৷ আনকি শাসক দলৰ অংকতে সমষ্টিসমূহৰ সংৰক্ষণৰ ৰূপৰেখা প্ৰস্তুত কৰা বুলিও  অভিযোগৰ আঙুলি উঠিছে দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে৷ সমষ্টি পুনৰ গঠনৰ খচৰাক  লৈ এতিয়া সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰা লগতে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত পূৰ্বে ২০০৭ চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছিল যদিও এইবাৰৰ খচৰাত আকাশ-পাতল পাৰ্থক্য থকা দেখা গৈছে ৷ অথচ মাত্ৰ ১৫ বছৰ ব্যৱধানত নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা দুয়োখন খচৰাই ১৯৫০ চনৰ জনপ্ৰতিনিধি আইনৰ ৮ [ক] অনুচ্ছেদ অনুসৰিয়েই প্ৰস্তুত কৰিছে৷ স্বাভাৱিকতেই এতিয়া সদ্যপ্ৰকাশিত খচৰাখনক লৈ বিৰোধী শিবিৰে সন্দেহ প্ৰকাশ কৰি প্ৰতিবাদ আৰম্ভ কৰিছে৷ মূলতঃ সমষ্টিসমূহত ভোটাৰৰ জনসংখ্যা অনুপাতে সমবিতৰণৰ স্বাৰ্থতেই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে৷ কিন্তু সদ্যপ্ৰকাশিত খচৰাত সংখ্যালঘু অধ্যুষিত সমষ্টিৰ ভোটাৰক ভাগ ভাগ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেৱল সংখ্যালঘু ভোটাৰেই নহয়, আন জাতি-জনগোষ্ঠীয় ভোটাৰকো পূৰ্বৰ নিজৰ সমষ্টিৰ পৰা বাদ দি ২-৩টা সমষ্টি পাৰ হৈ নতুন এটা সমষ্টিত অন্তৰ্ভুক্ত কৰাও পৰিলক্ষিত হৈছে৷ এক কথাত সমষ্টি পুনৰ নিৰ্ধাৰণে নতুন সমষ্টিসমূহক এতিয়া চেটেলাইট সমষ্টি বুলিও বিভিন্নজনে অভিহিত কৰিছে৷ শুনিলে আচৰিত যেন লাগিলেও পূৰ্বৰ ৰহা সমষ্টিৰ অন্তৰ্গত ৰহা উন্নয়ন খণ্ডৰ এখন গাঁও পঞ্চায়তক চাৰিটা সমষ্টি পাৰ হৈ কলিয়াবৰ সমষ্টিত চামিল কৰা দেখা গৈছে৷ আনহাতে, গোলাঘাট নগৰৰ গাতে লাগি থকা দুখন পঞ্চায়ত ক্ৰমে আঠগাঁও আৰু কমাৰবন্ধা পঞ্চায়তক মাজৰ খুমটাই সমষ্টি পাৰ কৰাই ৩৫ কিলোমিটাৰ আঁতৰৰ দেৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত কৰিছে৷ ইয়াৰ বিপৰীতে আকৌ যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ বৰহোলাক গোলাঘাট সমষ্টিত অন্তৰ্ভুক্ত কৰা দেখা গৈছে৷ কেৱল ইমানেই নহয়, গুৰুজনাৰ পদৰেণুৰে ৰঞ্জিত পূৰ্বৰ বটদ্ৰৱা সমষ্টিৰ ভোটাৰক নতুনকৈ মৰিগাঁও সমষ্টিত চামিল কৰিছে৷ শিৱসাগৰ সমষ্টিৰ ৩-৪খন গাঁও পঞ্চায়তক ৩০-৪০ কিলোমিটাৰ আঁতৰৰ ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত কৰা দেখা গৈছে৷ অতি আশ্চৰ্যজনকভাৱে পূৰ্বৰ শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত দিচাংমুখ গাঁও পঞ্চায়ত, দিচাং ধাইআলী গাঁও পঞ্চায়ত, চাউলকৰা গাঁও পঞ্চায়ত, পানবেচা গাঁও পঞ্চায়ত, কোঁৱৰপুৰ গাঁও পঞ্চায়ত, বানমুখ গাঁও পঞ্চায়ত আৰু শান্তিপুৰ গাঁও পঞ্চায়তকে ধৰি মুঠ ৭খন গাঁও পঞ্চায়তক শিৱসাগৰ সমষ্টি আৰু ডিমৌ সমষ্টি দুয়োটা সমষ্টিতে অন্তৰ্ভুক্ত কৰাত ৰাইজ বিবুধিত পৰিছে৷ এয়া নিৰ্বাচন আয়োগৰ আসোঁৱাহনে, নে গাঁও পঞ্চায়তকেইখনক ভাগ ভাগ কৰি দুয়োটা সমষ্টিতে অন্তৰ্ভুক্ত কৰিছে তাক ৰাজহুৱা কৰিবলৈও ৰাইজে দাবী জনাইছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ এনে স্বজন-তোষণক পূব-পশ্চিম পাকিস্তান বিভাজনৰ দৰে কাৰ্য বুলিও আক্ষেপ ব্যক্ত কৰিছে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে৷ ইফালে, ১২৪নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মাজান, দুৱাৰমৰা, বিজুলী বন, বুঢ়ীদিহিং আৰু কৈলাশপুৰ গাঁও পঞ্চায়তক ১২৩নং ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰাক লৈও ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পূৰ্বৰ ২০০৭চনৰ খচৰাৰ বিপৰীতে নতুন খচৰা অনুসৰি বড়োলেণ্ডৰ সমষ্টি ১৬টাৰ পৰিৱৰ্তে ১৯টালৈ বৃদ্ধি কৰা হ’ল৷ খচৰা অনুসূচিত জাতি আৰু জনজাতিৰ বাবেও আসন সংৰক্ষণ বৃদ্ধি পাইছে৷ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ৮ ৰ পৰা ৯খনলৈ বৃদ্ধি পালে৷ তদুপৰি অনুসূচিত জনজাতিৰ বাবে আসনৰ সংখ্যা ১৬খনৰ পৰা ১৯খনলৈ বৃদ্ধি পালে৷ নতুন খচৰাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ লগতে নৱ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যতক লৈ সংকট নমাই আনিলে৷ কিয়নো গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা  কলিয়াবৰ সমষ্টি বিলুপ্তি কৰি নতুনকৈ কাজিৰঙা সমষ্টি গঠন কৰা হ’ল৷ পূৰ্বতে কলিয়াবৰ সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লৈছিল যদিও এতিয়া সংখ্যালঘু ভোটাৰৰ প্ৰভূত্ব হ্ৰাস পাব কাজিৰঙা সমষ্টিত৷ নৱগঠিত কাজিৰঙা সমষ্টিৰ পৰা পূৰ্বৰ কলিয়াবৰৰ অন্তৰ্গত ধিং, ৰূপহীহাট, বটদ্ৰৱাক কৰ্তন কৰি  বিপৰীতে বিজেপি অধ্যুষিত ভাষিক সংখ্যালঘুৰ দখলত থকা লামডিং, হোজাই, বঢ়মপুৰক অন্তৰ্ভুক্ত কৰা হ’ল৷ একেদৰে কোকৰাঝাৰ সমষ্টিটো পূৰ্বে অবড়ো ভোটাৰৰ প্ৰভাৱেৰে প্ৰভাৱিত আছিল৷ যিটো সমষ্টিৰ পৰা অবড়ো ভোটেৰে নৱ শৰণীয়া বিজয়ী হৈছিল৷ কিন্তু অবড়ো সমষ্টি কাটি পেলোৱা হ’ল কোকৰাঝাৰৰ পৰা৷ সমষ্টিটোৰ পৰা ভৱানীপূৰ, তামূলপুৰ, ৰঙিয়া-তামূলপুৰ মিলি গোৰেশ্বৰ আদি অবড়ো ভোটাৰৰ প্ৰভূত্ব থকা অঞ্চলসমূহ কৰ্তন  কৰা হৈছে৷ কাজেই এতিয়া কোকৰাঝাৰ সমষ্টিটো বড়ো ভোটাৰৰ বাবে দূৰ্গ হৈ পৰিব৷  ফলত নৱ শৰণীয়াৰো ৰাজনৈতিক ভৱিষ্যতলৈ অনিশ্চিয়তা আহি পৰিব৷  তাৎপৰ্যপূৰ্ণভাৱে নতুন খচৰাত এআইইউডিএফৰ সাংসদ বদৰুদ্দিন আজমলৰ দখলত থকা ধুবুৰী লোকসভা সমষ্টিটোক সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক হোৱাৰ পথ মুকলি কৰিলে৷ কিয়নো বৰপেটা লোকসভা সমষ্টিকো  অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰি বৰপেটাৰ অন্তৰ্গত চেঙা আৰু মন্দিয়া বিধান সভা সমষ্টিক ধুবুৰী লোক সভা সমষ্টিৰ সৈতে চামিল কৰা হ’ল৷ অৱশ্যে ধুবুৰী লোকসভা সমষ্টিক সংখ্যালঘুৰ বাবে এৰি দিয়াৰ লগতে কমিৰগঞ্জ বিধানসভা সমষ্টিটো নেথাকিব  বিজেপিৰ দখলত৷ কিয়নো কৰিমগঞ্জ সমষ্টিত বিজেপি প্ৰভাৱিত ৰাতাবাৰীৰ বাহিৰে বাকী অঞ্চল কংগ্ৰেছ-এআইইউডিএফ অধ্যুষিত৷ গতিকে বিজেপিৰ হাতত খচৰা অনুসৰি হয়তো নাথাকিব কৰিমগঞ্জ৷ ইয়াৰ বিপৰীতে বিজেপিৰ লক্ষ্য হ’ব বৰপেটা৷ পূৰ্বে বৰপেটাৰ  যি কেইটা সমষ্টি বিৰোধীৰ দখলত আছিল সেই সমষ্টি সমূহ এতিয়া নাথাকিব বৰপেটা সমষ্টিৰ ভিতৰত৷  জনীয়া, সৰুক্ষেত্ৰী, বাঘবৰ আদি বিৰোধী শক্তিশালী হৈ থকা সমষ্টিসমূহ বৰপেটা সমষ্টিৰ আঁতৰাই পেলোৱা হ’ব৷ পৰিৱৰ্তে হাজো, নলবাৰী, টিহু, বৰক্ষেত্ৰী সমষ্টি অন্তৰ্ভুক্ত কৰা হ’ল বৰপেটা সমষ্টিৰ ভিতৰত৷ ফলত বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰৰ হৈ পৰিব বৃহৎ সলনি৷  অৰ্থাৎ সংখ্যালঘু ভোটাৰৰ দ্বাৰা প্ৰভাৱিত মানচিত্ৰ সম্পূৰ্ণৰূপে সলনি কৰি পেলোৱা হ’ল৷ বকো সমষ্টি হৈ পৰিল এছচিৰ পৰিৱৰ্তে এছটি৷ হাজো সমষ্টি সংৰক্ষিত কৰা হ’ল এছচি ৰূপে৷ পশ্চিম গোৱালপাৰা এছটিৰ বাবে কৰা হ’ল সংৰক্ষিত৷ নাওবৈছা সমষ্টি কৰা হ’ল এছটিৰ বাবে সংৰক্ষিত৷ লক্ষণীয়ভাৱে শিৱসাগৰ জিলাৰ পৰাও বিলুপ্তি কৰা হৈছে এটা সমষ্টি৷ মিত্ৰদল অগপৰ প্ৰদীপ হাজৰিকাৰ দখলত থকা আমগুৰি সমষ্টিটোক শিৱসাগৰ আৰু নাজিৰা সমষ্টিৰ সৈতে চামিল কৰিছে৷ স্বাভাৱিকতেই এতিয়া আহোম জনগোষ্ঠীয় ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা শিৱসাগৰ সমষ্টিটোৰ পৰা অতি কৌশলপূৰ্ণভাৱে আহোমৰ প্ৰভূত্ব অন্ত পেলোৱা বুলিও চৰ্চালাভ কৰিছে৷ এনে প্ৰেক্ষাপটত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে নাজিৰা বা ডিমৌ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ যেন কোনো বিকল্প নাথাকিব৷ উজনি অসমত লাহোৱাল সমষ্টি কৰ্তন কৰাৰ বিপৰীতে মাকুম নামৰ এটা সমষ্টি নতুনকৈ গঠন কৰিছে৷ এই নতুন সমষ্টিটোত শাসকীয় বিজেপি দলে জনগোষ্ঠীয় নেতাক সংস্থাপন দিব বুলিও চৰ্চা লাভ কৰিছে৷ শিলচৰ লোকসভা সমষ্টিটোক অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাত পূৰ্বৰ সাংসদ সুস্মিতা দেৱ আৰু বৰ্তমানৰ সাংসদ ৰাজদ্বীপ ৰয়ৰ ৰাজনৈতিক ভৱিষ্যতলৈ অনিশ্চয়তা আহি পৰিল৷