Logo
image

ট্ৰাম্পৰ দৰে প্ৰতিশোধপৰায়ণ নহয় বাইডেন

ড’নাল্ড ট্ৰাম্প আৰু জো বাইডেনৰ মাজত মৌলিক পাৰ্থক্য কি? ড’নাল্ড ট্ৰাম্প ৰাজনৈতিক প্ৰতিদ্বন্দ্বী, মিডিয়া, বিদেশী ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰপ্ৰধানৰ অনেকৰ প্ৰতি শত্ৰু ভাবাপন্ন আছিল৷ প্ৰতিশোধ লোৱাটোও আছিল তেওঁৰ বৈশিষ্ট্য৷ জো বাইডেন মুঠেই প্ৰতিশোধপৰায়ণ ব্যক্তি নহয়৷ মানৱীয়তা তেওঁৰ অন্যতম মূল গুণ৷ তেওঁৰ বাবে সেয়ে প্ৰথম লক্ষ্য বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ইমপিচমেণ্ট নহয়৷ যদিও ড’নাল্ড ট্ৰাম্পে অজস্ৰ অপৰাধ কৰি থৈ যোৱাৰ অভিযোগ উঠিছে, যদিও ট্ৰাম্পৰ বিৰুদ্ধে দেশৰ সংসদে মহাভিযোগ উত্থাপন কৰিছে তথাপি আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি জো বাইডেনে প্ৰথম ঘণ্টাৰ পৰাই তেওঁৰ কামতহে গুৰুত্ব আৰোপ কৰিছে৷ ছিনেটে পূৰ্বসূৰী ট্ৰাম্পৰ বিৰুদ্ধে ইমপিচমেণ্টৰ ক্ষেত্ৰত যি সিদ্ধান্ত লয় লওঁক, জো বাইডেন কিন্তু 

নিজৰ প্ৰতিশ্ৰুতি পূৰণৰ প্ৰতিহে অবিচল৷ 

শপতগ্ৰহণ কৰিয়েই নিজৰ অভেল অফিচত বহি ৰাষ্ট্ৰপতি হিচাপে জো বাইডেনে প্ৰথমটো ঘণ্টাত যি কেইটা কাম কৰিলে সেয়া সামগ্ৰিকভাৱে আমেৰিকান আৰু বহু পৰিমাণে বিশ্ববাসীৰ প্ৰতিও অনুকূল সিদ্ধান্ত৷ অভেল অফিচত বহিয়েই জো বাইডেনে প্ৰথমটো ঘণ্টাতে ড’নাল্ড ট্ৰাম্পে বলৱৎ কৰা ১৭ টা জনবিৰোধী নীতি অধ্যাদেশৰ জৰিয়তে [এক্সিকিউটিভ অৰ্ডাৰ] বাতিল কৰিলে৷ এটা কথা জনাব পাৰি– আমেৰিকাৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণৰ পাছতেই অভেল কাৰ্যালয়ত বহি অগ্ৰাধিকাৰ ভিত্তিত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো এটা পৰম্পৰা৷ প্ৰথমটো ঘণ্টাত আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে  কি সিদ্ধান্ত গ্ৰহণ কৰিলে তালৈ সমগ্ৰ বিশ্বৰ চকু থাকে৷ আমেৰিকানেও গভীৰ আগ্ৰহেৰে ৰাষ্ট্ৰপতিৰ প্ৰাৰম্ভিক পদক্ষেপ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থাকে৷ সেয়ে স্বাভাৱিকতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰথমটো ঘণ্টাত গ্ৰহণ কৰা সিদ্ধান্তসমূহে তেওঁৰ কাৰ্যকালৰ নীতি কেনে হ’ব আৰু তেওঁৰ চৰকাৰ আৰু দেশ পৰিচালনা কেনেধৰণৰ হ’ব তাৰ আভাস পোৱা যায়৷  সেই সিদ্ধান্তসমূহ গ্ৰহণৰ বাবে বিজয়ী হোৱাৰ পৰা ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰালৈকে পুৰামাত্ৰা পৰিকল্পনা কৰে নতুন ৰাষ্ট্ৰপতি আৰু তেওঁ গঠন কৰা মন্ত্ৰী-মণ্ডলী তথা ‘টীমে’৷ সেয়ে নৱেম্বৰৰ প্ৰথম সপ্তাহত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লেও বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখনৰ সৰ্বোচ্ছ আসনত উপৱিষ্ট হ’বলৈ মাজত ডেৰ মাহৰো অধিক সময় দিয়া হয় আমেৰিকাৰ ৰাষ্ট্ৰপতিক৷ সেই সময়ছোৱাত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিজনে তেওঁৰ ‘টীমটো’ নিজৰ পছন্দ অনুসৰি গঠন কৰি লয়৷ তাত মন্ত্ৰী-মণ্ডলী, সকলো বিষয়ৰ পৰামৰ্শদাঁতা, বিষয়া, প্ৰেছ টীম ইত্যাদি সকলো থাকে৷ জো বাইডেনে পিছে আমেৰিকান আৰু বিশ্ববাসীক তেওঁৰ প্ৰথম ঘণ্টাৰ সিদ্ধান্তৰে নিৰাশ নকৰিলে৷ 

কি কৰিলে জো বাইডেনে তেওঁৰ প্ৰথমটো ঘণ্টাৰ কাৰ্যকালত? ড’নাল্ড ট্ৰাম্পে তেওঁৰ শাসনকালত কেৱল বিতৰ্কিত কাৰ্যকলাপ সংঘটিত কৰিয়েই ক্ষান্ত থকা নাছিল৷ তেওঁ অনেক জনবিৰোধী আইনো বলৱৎ কৰিছিল৷ তেনে আইন বলৱৎ কৰি ড’নাল্ড ট্ৰাম্পে সেয়া আমেৰিকানৰ সুবিধাৰ বাবে কৰা বুলি দোহাই দিছিল৷ কেইবাখনো মুছলিম আৰু আফ্ৰিকাৰ দেশৰ সৈতে আমেৰিকাৰ যাতায়াত নিষিদ্ধ কৰিছিল ট্ৰাম্পে৷ দেশত ক’ভিডত পাঁচ লাখৰো অধিক লোকৰ এবছৰতকৈ কম সময়ত মৃত্যু হ’লেও ড’নাল্ড ট্ৰাম্পে বহুবাৰ কৰ’না ভাইৰাছ এক ভ্ৰান্তি আৰু মিথ্যাচাৰ বুলি মন্তব্য কৰিছিল৷ আনকি নিজে আক্ৰান্ত হৈও আধাতে চিকিৎসালয়ৰ পৰা ওলাই অহা, জনসমক্ষে মুখৰ মাস্ক খুলি পেলোৱা ইত্যাদি অশোভনীয় কাম কৰিছিল৷ বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ‘হু’ৰ বিৰুদ্ধে ক’ভিডক লৈ বিষোদগাৰ কৰি ট্ৰাম্পে হু-লৈ আমেৰিকাৰ আৰ্থিক সাহায্য বন্ধ কৰি দিছিল৷ পেৰিছৰ জলবায়ু চুক্তিৰ পৰা আমেৰিকাক আঁতৰাই আনি হঠকাৰী সিদ্ধান্ত লৈছিল ট্ৰাম্পে৷ এই সকলো ক্ষেত্ৰতে তেওঁ আমেৰিকাৰ সুবিধা হোৱাৰ দোহাই দিছিল৷ কিন্তু এই সকলোবোৰ বিষয় বিশ্লেষণ কৰি চাব জনা প্ৰত্যেকেই বুজিছিল এইবোৰ ট্ৰাম্পৰ অদ্ভূত সিদ্ধান্ত, যি দেশৰ বাবে উপকাৰী নহয় বৰং তেওঁৰ খেয়ালী মনৰ সৃষ্টি৷ সেই বিষয় ভালদৰে উপলব্ধি কৰা জো বাইডেনে সেয়ে প্ৰথম ঘণ্টাতে ট্ৰাম্পৰ তেনে ১৭ টা জনবিৰোধী সিদ্ধান্ত ৰড কৰাৰ পদক্ষেপ ল’লে৷ তাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হ’ল– 

[১] কৰ’নাৰ বিৰুদ্ধে যুদ্ধ অব্যাহত, হোৱাইট হাউছ আৰু সকলো কাৰ্যালয়ত মাস্ক পৰিধান অপৰিহাৰ্য৷

[২] ক’ভিডত বিপৰ্যস্ত প্ৰতিজন বৈধ দেশবাসীলৈ ১৪০০ ডলাৰকৈ আৰ্থিক সাহায্য৷ 

[৩] বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ হু-ৰ সৈতে সৃষ্টি হোৱা সংঘাতৰ অৱসান আৰু পুনৰ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত৷

[৪] পেৰিছ জলবায়ু চুক্তিলৈ আমেৰিকাৰ পুনৰ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত৷

[৫] মেক্সিকোৰ সীমাত ড’নাল্ড ট্ৰাম্প প্ৰশাসনে নিৰ্মাণ কৰা প্ৰাচীৰ বন্ধ কৰাৰ সিদ্ধান্ত৷

[৬] মুছলিম আৰু আফ্ৰিকাৰ যি দেশৰ সৈতে আমেৰিকাৰ যাতায়াত নিষিদ্ধ কৰিছিল সেই সিদ্ধান্ত বাতিল৷

[৭] মাৰ্কিন সেনাবাহিনীত ৰূপান্তৰিতসকলৰ চাকৰিৰ নিষেধাজ্ঞা বাতিল৷

[৮] বৰ্ণবৈষম্য নিৰ্মূল কৰাৰ বাবে নতুন সিদ্ধান্ত৷ 

অৱশ্যে আমেৰিকাৰ যি বিশালতা আৰু যি শক্তি, আমেৰিকাৰ যি দায়িত্ব, সেয়া এজন ৰাষ্ট্ৰপতিয়ে তেওঁৰ চাৰি বছৰীয়া কাৰ্যকালত কেনেদৰে পালন কৰিব তাক কেৱল এঘণ্টাৰ সিদ্ধান্তৰে প্ৰতিফলিত কৰিব নোৱাৰি৷ অবিশ্বাসৰ বাতাবৰণ, বৰ্ণবৈষম্যৰ উদ্‌গীৰণ ঘটাই ট্ৰাম্পে সৃষ্টি কৰা ভেদাভেদ নাইকিয়া কৰাৰ বাবে প্ৰথমে বাইডেনে নিজৰ দেশখন একত্ৰিত কৰিব লাগিব৷ তাৰ বাবে তেওঁ হাতত ল’ব লাগিব অনেক ঘৰুৱা কল্যাণমূলক কাৰ্যসূচী৷ ট্ৰাম্পে দেশৰ উদ্যোগ ক্ষেত্ৰৰ উন্নয়ন তীব্ৰগতিত আগুৱাই নিব লাগিব৷  কিয়নো আমেৰিকা হৈছে উদ্যোগ প্ৰধান দেশ৷ উদ্যোগ অবিহনে আমেৰিকা বিশ্ব শ্ৰেষ্ঠ হৈ নাথাকে৷ নিজৰ ঘৰখন চিজিল লগাই লোৱাৰ পাছতে জো বাইডেনৰ দ্বিতীয় গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব বৈদেশিক নীতি৷ বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা আমেৰিকাৰ সন্মুখত এতিয়া বৃহত্তম প্ৰত্যাহ্বান হৈছে ৰাছিয়া আৰু ৰহস্যময় চীন৷ দুয়োখন দেশেই আমেৰিকাৰ বাবে প্ৰায় সকলো দিশৰ পৰাই প্ৰত্যাহ্বান সৃষ্টিকাৰী ৰাষ্ট্ৰ৷ সেয়ে ৰাছিয়া আৰু চীনৰ ক্ষেত্ৰত জো বাইডেনে কিমান কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰে তালৈ উদ্বেগেৰে লক্ষ্য কৰি থাকিব স্বয়ং দেশবাসী আৰু বিশ্ববাসীয়ে৷ 

বিদায়ী ৰাষ্ট্ৰপতি ট্ৰাম্পে অভেল কাৰ্যালয়ত এৰি থৈ যোৱা পত্ৰখন অতিশয় মানবীয় বুলি জনাইছে বাইডেমে৷ তেওঁ কিন্তু পত্ৰখনৰ বিষয়বস্তুৰ বিষয়ে প্ৰকাশ কৰা নাই৷ এনেদৰে বিদায়ী ৰাষ্ট্ৰপতিয়ে উত্তৰসুচীলৈ অভেল কাৰ্যালয়ৰ টৈবুলত এখন পত্ৰ লিখি থৈ যোৱাৰো পৰম্পৰা৷

জো বাইডেনে শপতগ্ৰহণৰ পাছত যি ভাষণ প্ৰদান কৰিলে তাত তেওঁ দেশৰ গণতন্ত্ৰ, বিশ্বাস  ঘূৰাই অনাত গুৰুত্ব আৰোপ কৰিছে৷ তেওঁ কয়– ভাগ ভাগ হৈ থাকিলে আমেৰিকা শক্তিশালী হৈ নাথাকিব৷ একেলগে থাকিলেহে আমি সদায় বিজয়ী হৈ থাকিম৷ ট্ৰাম্পে নিজৰ ভাষণত কৈছিল– আমি অনেক ক্ষতৰ উপশম ঘটাবলৈ বাকী আছে৷ সেয়া নোহোৱা কৰিব লাগিব৷ গণতন্ত্ৰ মূল্যৱান৷ গণতন্ত্ৰ ক্ষণভংগুৰ-ও৷ গণতন্ত্ৰক মজবুত কৰাৰ বাবে আমি বদ্ধপৰিকৰ৷ আজি গণতন্ত্ৰৰ দিন৷ ইতিহাস আৰু আশাৰ দিন৷ এখন নতুন আমেৰিকা উদয় হ’ল৷ কিন্তু নতুন প্ৰত্যাহ্বানৰ সন্মুখত থিয় হ’ল আমেৰিকা৷ সেয়া আমি সকলোৱে মোকাবিলা কৰিম৷

[মাৰ্কিন নাগৰিক দিনদীপি নাথ ‘আজতক’ৰ উচ্ছ পদস্থ বিষয়া আছিল৷ সম্প্ৰতি তেওঁ ‘গ্ল’বেল টেলিকম’ৰ শীৰ্ষ বিষয়া]