Logo
image

অশ্বমেধ ঘোঁৰাৰ দৰে দৌৰিছে 'শ্ৰী ৰঘুপতি'

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াই হৈ পৰিছে  সকলোবোৰতকৈ ‘ষ্ট্ৰং’ মিডিয়া৷ ছ’চিয়েল মিডিয়াই হৈ পৰিছে ‘ফ্ৰণ্টলাইন মিডিয়া’৷ যি কথা এতিয়া চিত্ৰগৃহত অশ্বমেধ ঘোঁৰাৰ দৰে দৌৰি থকা, ৭ কোটিৰো অধিক টকা আয় কৰা 'শ্ৰী ৰঘুপতি'য়ে প্ৰমাণ কৰিছে৷ কেৱল ছ’চিয়েল মিডিয়াৰ প্ৰচাৰৰ জোৰতেই ছুপাৰহিট হৈছে  'শ্ৰী ৰঘুপতি'৷  'শ্ৰী ৰঘুপতি'য়ে অসমীয়া চিনেমা জগতলৈ আনিছে আশাৰ বতৰা৷ অইন অসমীয়া চিনেমাতকৈ এইখন চিনেমা বহু পৃথক বুলি এজন দৰ্শক হিচাপে সেই কথা অনুভৱ কৰিছোঁ৷ আৰম্ভণিৰে পৰা চিনেমাখনে কাহিনী চিত্ৰনাট্য সুন্দৰ গতিৰে আগবাঢ়িল৷ কি নাই ৰঘূপতিত৷ একচন, ৰোমাঞ্চ, হাস্যৰস, স্বাভিমান, প্ৰেম, বিষাদ, অপৰাধ, লোভ, হাঁহি-কান্দোন, আনন্দ, আবেগ মুঠতে সীমাহীন সমাহাৰ ঘটিছে ৰবি শৰ্মা অভিনীত শ্ৰী ৰঘূপতিত৷ চিনেমাখনৰ নামটি এতিয়া অসমবাসীৰ মুখে মুখে৷ যাক ন-কৈ কোৱাৰ নি(য়কৈ প্ৰয়োজন নাই৷ ছবিখনৰ প্ৰতি বৰ্তমান ছবিগৃহত দৰ্শকে যথেষ্ট আশাপ্ৰদ সঁহাৰি আগবঢ়াইছে৷ ই অসমীয়া ছবিৰ  বাবে অতি সুলক্ষণ৷ হাঁহি-ধেমালিৰ মাজেৰে লাহে লাহে ছবিখনৰ  কাহিনীভাগ আগবাঢ়িছে৷ শক্তিশালী চিত্ৰনাট্য, অভিজ্ঞতাপূৰ্ণ অভিনয়, উন্নত কাৰিকৰী দিশৰ বাবে সচৰাচৰ অসমীয়া চিনেমাত দেখা একঘেমীয়াৰ বিপৰীতে ক্ষিপ্ৰ গতিত আগবাঢ়িল  'শ্ৰী ৰঘুপতি'৷ দৰ্শকে কোনো আমনি নোপোৱাকৈ ছবিখন আৰম্ভণিৰে পৰা শেষলৈকে দৰ্শকে উপভোগ কৰা দেখা গৈছে৷ ছবিখনৰ সংলাপত আছে এশ সিংহৰ জোৰ৷ যি দৰ্শক ৰাইজক বেলেগ এক আমেজ দিছে৷ ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনা সুব্ৰত কাকতিৰ৷ ইয়াৰ পূৰ্বে আমি সুব্ৰত কাকতিৰ পৰা ‘বিদুৰ ভাই’ উপহাৰ পাইছিলোঁ৷ কাহিনী তথা কাহিনী লিখন আৰু সংলাপ-ৰবি শৰ্মাৰ৷
অভিনয়ৰ ক্ষেত্ৰত প্ৰথমতে নাম লব লাগিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ নাম৷ তেওঁ হিয়া উজাৰি ছবিখনত অভিনয় কৰিছে৷ যাৰ সাৱলীল অভিনয় হ’ল চিনেমাখনৰ মূল সম্পদ৷ ৰবিৰ অভিনয়ে দৰ্শকৰ মনত সাঁচ পেলাবলৈ সক্ষম হব৷ অভিনেতা হিচাপে ৰবিৰ অভিনয় প্ৰশংসা কৰিলেই নহ’ব, তেওঁৰ সাধনাক চ্যেলুট দিব লাগিব৷ তদুপৰি নায়িকা প্ৰীতি কংকনা, প্ৰিয়ম পল্লৱী, অৰুণ হাজৰিকা, বৰ্ণালী পূজাৰী, মনজিৎ শৰ্মা, ৰীণা বৰা, লুনা দেৱী, বুবলী কাশ্যপ, বেহৰবাৰী আউট পোষ্টৰ কে কে ওৰফে সিদ্ধাৰ্থ শৰ্মাৰ সুন্দৰ অভিনয়ে দৰ্শকক আপ্লুত কৰিছে৷ জ্যেষ্ঠ অভিনেতা অৰুণ নাথক এইবাৰ দেখা গৈছে এটি অগতানুগতিক চৰিত্ৰত৷ দীৰ্ঘদিনৰ মূৰত অভিনয় জগতলৈ উভতি অহা ৰাজ শৰ্মাইও ভিলেইনৰ চৰিত্ৰত সফল অভিনয় কৰিছে৷ কোনো এটা চৰিত্ৰই দৰ্শকক বিৰক্ত কৰা নাই৷ ছবিখন  প্ৰযোজনা কৰিছে ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাই৷ সংগীত পৰিচালনা প্ৰণয় দত্তৰ৷ সৌভিক ফুকনৰ শব্দ সংমিশ্ৰণৰ কাম প্ৰশংসনীয় সমগ্ৰ ছবিখনতেই৷ শেহতীয়াভাৱে ডাক্তৰ বেজবৰুৱা-২, ৰাজনীতি-ৰৰ ঠাইত শ্ৰী ৰঘুপতিৰ দৰে উন্নত মানৰ মনোৰঞ্জনধৰ্মী ছবি অসমীয়া চলচ্ছিত্ৰ উদ্যোগক লাগে, যি অকল পৰিয়ালকেন্দ্ৰিকেই নহয়, শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে উপভোগ কৰিব পৰা এক সুস্থ মনোৰঞ্জনৰ বাহক হিচাপে পৰিগণিত হৈছে৷