Logo
image

জোনমণি ৰাভা কাণ্ড; জখলাবন্ধা আৰক্ষী থানাত চি বি আইৰ দল

আমাৰ অসম'ৰ কলিয়াবৰৰ প্ৰতিবেদক, ২৮ জুনঃ জখলাবন্ধা আৰক্ষী থানাত আজি পুনৰ উপস্থিত হয় চিবিআইৰ তিনিজনীয়া দল । জোনমনি ৰাভাৰ সন্দেহজনক দুৰ্ঘটনাৰ ৪৪ দিনৰ মূৰত পুনৰ জখলাবন্ধা থানাত উপস্থিত হ'লহি চি বি আইৰ  তিনিজনীয়া দলটো । জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ নিশা ঘটনাস্থলিত উপস্থিত হোৱা ক্ৰেনৰ চালক আৰু সহযোগীক আজি থানাৰ ভিতৰতে  সোধ-পোচ কৰে তদন্তকাৰী তিনি বিষয়াই । এম্বুলেঞ্চৰ চালককো সোধ-পোচ কৰিব বুলি জানিব পৰা গৈছে । ক্ৰেনৰ চালক ৰমেশ গোৱালা ওৰফে কৈলাশ সহযোগী ৰাজু নেৱাৰ আৰু অমেশ চাওতালকো সোধ পোছ কৰে।