Logo
image

কাৰ দৰদত বেংকৰ এন পি এ বেতনিৰ ঔ হৈছে

২০০৮ চনত ‘মহাশক্তিধৰ’ আমেৰিকাকে ধৰি উন্নত দেশসমূহ মহামন্দাত পৰিছিল৷ আমেৰিকাৰ লেইমন ব্ৰাদাৰ্ছৰ দৰে বিয়াগোম বেংক ভাগি পৰিছিল৷ বিশ্বৰ ধনকুবেৰহঁতৰ পাপমুদ্ৰাৰে সম্পদ বৃদ্ধিৰ মাচুল শোধ কৰিবলগীয়া হৈছিল সেই দেশৰ আপামৰ কৰদাতা জনসাধাৰণৰ তেজ-ঘামৰ বিনিময়ত গঢ়ি উঠা চৰকাৰী তহবিলৰ পৰা৷ যাৰ ফলত  লাখ লাখ কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীয়ে কাম হেৰুৱাইছিল৷ নিজ শ্ৰমৰ বলত সসম্ভ্ৰমে জীৱন-যাপন কৰাসকলে ফুড বেংকৰ ভদ্ৰ ভিক্ষাৰীৰ শাৰীত থিয় হ’বলগীয়াত পৰিছিল৷

এই কথা মনলৈ আহিছে অলপতে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বেংকসমূহৰ অনুৎপাদনশীল সম্পদৰ এন পি এৰ পৰিমাণ কমোৱাৰ নামত ধনকুবেৰসকলৰ বৃহৎ পৰিমাণৰ অনাদায় ঋণ মচি [ৰাইট অফ] পেলোৱাৰ সংবাদ পোহৰলৈ অহাত৷ বৰ্তমানৰ এন ডি এ চৰকাৰখনে দেশৰ সমস্যাসমূহক সমস্যা বুলি মানি লোৱাৰ সলনি, সমস্যা গাপ দিয়া কাৰ্যত লিপ্ত হৈছে৷ পূৰ্বে দেশৰ অগ্ৰগতিৰ খতিয়ানৰ মূল্যায়নৰ বাবে জাতীয় স্তৰত প্ৰতিষ্ঠা কৰা স্বতন্ত্ৰ অনুষ্ঠান-প্ৰতিষ্ঠান আদিত অহেতুক হস্তক্ষেপ কৰি তথ্য পৰিসংখ্যা আদি প্ৰকাশতো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে৷ লাগিলে সেয়া চৰকাৰী নীতিৰ ফলত বন্ধ হোৱা শ্ৰমিক-কৰ্মচাৰীয়ে  হওক, নাইবা ঋণগ্ৰস্ত আপোনঘাতী কৃষকেই হওক৷

নব্য উদাৰবাদী সংস্কাৰে সম্প্ৰতি সংহাৰৰ ৰূপ পাইছে৷ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ব্যক্তিগত খণ্ডৰ ধাৰাবাহিক লুট৷

সবাতোকৈ বৃহৎ লুট চলিছে বেংক ব্যৱস্থাত৷ বেংক লুট কৰি বিদেশত বসতি পতা অপৰাধীসকলক শাস্তি দিয়া দূৰৈত থাওক, সেইসকলক ‘বিশ্বনেতা’ প্ৰধানমন্ত্ৰীজনে ছবছৰ কাৰ্যকাল অতিবাহিত কৰাৰ পাছতো দেশলৈ ঘূৰাই আনিব নোৱাৰিলে৷ ছুইছ বেংকৰ ক’লাধন আনি প্ৰতি ভাৰতীয়ৰ বেংকৰ একাউণ্টত জমা কৰা কথা মোদী কি অমৰ কথা হৈছে৷ এতিয়া আনকি সেইসকলৰ নাম লোৱাও অৰ্থনৈতিক দোষৰ কথা! কিয়নো আগৰজন অৰ্থমন্ত্ৰীয়ে নাম জনাজনি কৰাতকৈ ক’লাধন আদায়হে ঘাই কথা বুলি সদনক বোধ দিছিল৷ ইয়াকে বোলে সজ্জনৰ মোল বুজা৷

২২ ডিচেম্বৰত সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে মোদী চৰকাৰৰ আমোলত ৭ লাখ ৯৪ হাজাৰ কোটি টকা বেংকৰ ঋণৰ তথ্য মচি [ৰাইট অফ] কৰা হৈছে৷ উল্লেখ্য, এইদৰে মচি পেলোৱা ঋণৰ পৰিমাণ ইউ পি এ চৰকাৰৰ ১০ বছৰীয়া কাৰ্যকালতকৈ তিনি গুণতকৈও অধিক৷

বেতনিত পৰিল ঔ বাসুদেৱায় নমঃ বুলি কথাষাৰ মোদী চৰকাৰে তেহেলৈ আখৰে আখৰে মানি লৈছে৷ তাতে কৰ্প’ৰেটৰ বেতনিখন তেৰাসৱে অনেক প্ৰবন্ধে গঢ়ি তুলিছে৷ বাসুদেৱগণে সেই উপকাৰৰ  উপহাৰস্বৰূপে নিৰ্বাচনৰ বেলিকা আগবঢ়োৱা গধুৰ বৰঙণিৰ কথা অতি গুপ্তস্বৰূপে ৰখাৰো বন্দৱস্ত কৰা হৈছে৷

পুনেৰ প্ৰকুল সাৰদা নামৰ ব্যৱসায়ী এজনে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে কৰা আৱেদনৰ উত্তৰৰ পৰা পোহৰলৈ আহিছে যে পূৰ্বৰ ইউ পি এ চৰকাৰে ১০ বছৰীয়া কাৰ্যকালত বেংকৰ ২,২০,৩২৮ কোটি টকাৰ ঋণ ৰাইট অফ কৰিছিল৷ আনহাতে, ২০১৫ চনৰ পৰা ২০১৯ চনলৈ এন ডি এ চৰকাৰে ৭,৯৪,৩৫৪ কোটি টকাৰ তথ্য ৰাইট অফ কৰি মচি পেলাইছে৷ তুলনীয় নহয় যদিও ২০১৯ বৰ্ষত আমাৰ অসমৰ জিডিপি আছিল ২.১৬ লাখ কোটি টকা৷ লক্ষণীয় যে এনেদৰে মচি পেলোৱা এই বৃহৎ পৰিমাণৰ ঋণ ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ উভয়ৰে আছে৷ চকু কপালত উঠা কথা হ’ল– এন পি এৰ ৯০ শতাংশই ব্যক্তিগত বেংকৰ৷ নক’লেও হয় যে কৰ্প’ৰেটমহল আৰু এন ডি এ চৰকাৰৰ দহৰম-মহৰমৰ বাবেই সকলো প্ৰকাৰ ৰেহাই আৰু সুযোগেৰে সেইসকল নোদোকা হৈছে৷ আৰু বঞ্চিতসকল আৰু বঞ্চিত হৈছে৷

বিশেষ মন কৰিবলগীয়া যে কৃষিপ্ৰধান দেশ ভাৰতত বিগত দহ বছৰত অন্নদাতাসকলৰ কেইবালাখো খেতিয়কে চৰকাৰৰ সৰ্বনশীয়া কৃষিনীতিৰ ফলত ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিছে [যি অধুনাও অব্যাহত]৷ আৰু দেশৰ মুঠ এন পি এৰ ১২.৪ শতাংশহে কৃষিখণ্ডৰ৷ বিগত ১০ বছৰত ৪.৭ লাখ কোটি টকাৰ কৃষকৰ ঋণৰ এন পি এ ৰাইট অফ কৰা হৈছে৷ এই ঋণৰ ৮২ শতাংশই কৃষিৰ ঔদ্যোগিক ঋণ৷ যাৰ দ্বাৰা আপাত ধনী কৃষকেই উপকৃত হৈছে৷ কৃষিত জড়িত ৭০ শতাংশ খেতিয়কৰে নিজৰ মাটি নাই৷ অতএব কৃষক হৈও এওঁলোক এন পি এৰ ৰেহাইৰ পৰাও বঞ্চিত৷ এই বৃহৎসংখ্যক ভূমিহীন খেতিয়কৰ যন্ত্ৰণাৰ কথা ভবাৰ চৰকাৰৰ আহৰি নাই৷

পুহমহীয়া হাড়কঁপোৱা জাৰত ৰাজধানীৰ ৰাজপথত উৎপাদিত ফচলৰ উচিত মূল্য আৰু স্বাভিমানী জীৱন-জীৱিকা নিশ্চিত কৰাৰ দাবীত অৱস্থান লৈ ষাঠিজনতকৈও অধিক কৃষকৰ মৃত্যুৰ পাছতো দেশবাসীৰ জীৱন আৰু সম্পদ ৰক্ষাৰ বাবে শপত খোৱা চৰকাৰৰ গা লৰা নাই৷

কোৱা বাহুল্য যে বৰ্তমানৰ  কেন্দ্ৰৰ এন ডি এ চৰকাৰৰ সকলো নীতি ধনিকশ্ৰেণীৰ প্ৰতিহে নিৱেদিত৷ সেয়ে দেশৰ বেংক ব্যৱস্থা তচনচ কৰা এন পি এ ৰাইট অফ কৰাৰ বেলিকাও ই যেন নিউ পলিচী ফৰ  অৰবপতিলৈ পৰ্যবসিত হৈছে৷

ফোনঃ ৯৮৫৪৪-০০৬৯৮