Logo
image

‘ষ্টেটাছ ছিম্বল’ আৰু প্ৰদূষণ

ৱ’ল্ডৰ্ ইক’নমিক ফ’ৰামৰ তৰফৰ পৰা প্ৰকাশিত তথ্য অনুসৰি ৬খন দেশে ২০৩০ চনৰ ভিতৰত পে’ট্ৰল আৰু ডিজেলচালিত যান-বাহনৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে৷ সেই দেশকেইখন হৈছে ডেনমাৰ্ক, ইংলেণ্ড, নেডাৰলেণ্ড, জাৰ্মানী, আইচলেণ্ড আৰু আয়াৰলেণ্ড৷ এইবোৰৰ উপৰি নৰৱে’ই ২০২৫ চনৰ ভিতৰতেই পে’ট্ৰল আৰু ডিজেলচালিত যান-বাহনৰ বিক্ৰী সম্পূৰ্ণ বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে৷ একেদৰে, ফ্ৰান্স আৰু ইজৰাইলেও পে’ট্ৰল-ডিজেলচালিত যান-বাহনত নিয়ন্ত্ৰণৰ লক্ষ্য বান্ধি লৈছে৷ অৱশ্যে, বাস্তৱ ক্ষেত্ৰৰ অভিজ্ঞতাৰ পৰা দেখা গৈছে যে এই দেশবোৰে লক্ষ্য বান্ধি লোৱাৰ দৰে বিদ্যুৎচালিত যান-বাহনৰ উৎপাদন বা বিক্ৰী আশানুৰূপ হোৱা নাই৷ সেয়ে হ’লেও এই দেশসমূহে প্ৰয়োজনীয় নীতি-নিৰ্ধাৰণ কৰি নিৰ্ধাৰিত লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হ’বলৈ যো-জা চলাইছে৷ ইউৰোপীয় দেশসমূহত পূৰ্বৰে পৰাই চাইকেল হৈছে এক জনপ্ৰিয় যাতায়াতৰ মাধ্যম৷ ৰে’ল তথা গাড়ী-মটৰ চলাৰ বাবে যিদৰে সুকীয়া পথ থাকে, চাইকেল চলোৱাৰ বাবেও সেই দেশসমূহত সুকীয়া পথ নিৰ্মাণ কৰা হয়৷ উক্ত দেশসমূহে পে’ট্ৰল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত এনে চাইকেল-পথৰ দৈৰ্ঘ্য বৃদ্ধি কৰিছে৷ পূৰ্বতে কেৱল বায়ু প্ৰদূষণৰ সমস্যাটোত গুৰুত্ব দিয়েই গাড়ী-মটৰৰ ওপৰত নিয়ন্ত্ৰণ ব্যৱস্থা লোৱা হৈছিল৷ ক’ভিড অতিমাৰীৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখা কথাটোত গুৰুত্ব দিও চাইকেল-পথ বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছে৷ ক’ভিড দুৰ্যোগৰ এই সময়ছোৱাত সমগ্ৰ ইউৰোপত চাইকেল পথৰ আন্তঃগাঁথনি সংবৰ্ধনৰ বাবে ৰ বিলিয়ন ইউৰো ব্যয়ৰ আঁচনি ৰূপায়ণ কৰা হৈছে৷ ফিনলেণ্ডত এনে আন্তঃগাঁথনি সবল কৰাৰ বাবে গাইপতি গড় হিচাপত ৭.৭৬ ইউৰো ইতিমধ্যে ব্যয় কৰা হৈছে৷ এনে তথ্যবোৰ প্ৰকাশ কৰি ৱ’ল্ডৰ্ ইক’নমিক ফ’ৰামে প্ৰশ্ন সুধিছে এইবুলি যে ‘আপোনাৰ দেশত প্ৰদূষণ প্ৰতিৰোধ তথা ক’ভিড-অতিমাৰীৰ সৈতে মোকাবিলা কৰিবৰ বাবে যান-বাহন সম্পৰ্কীয় কেনে ব্যৱস্থা লৈছে?’ এনে প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰসংগত দেশৰ বিষয়ে ক’বলৈ যিয়েই নাথাকক কিয়, আমাৰ ৰাজ্যৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি কিছু কথা ক’ব পৰা যায়৷ তাৰে দুটা প্ৰধান কথাৰ এটা হ’ল এয়ে যে ৰাজ্যখনত হ’বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী-বিধায়ককে ধৰি নেতা-পালিনেতাই সদলবলে মুখত কোনো মাস্ক পৰিধান নকৰাকৈ, সামাজিক দূৰত্ব নমনাকৈ ৰাজপথত ঠায়ে ঠায়ে ‘বাইক-ৰেলী’ [পে’ট্ৰল বা ডিজেলচালিত] উলিয়াইছে৷ দ্বিতীয়তে, উচ্ছতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ  ৰাজ্যৰ ছাত্ৰীসকলক চৰকাৰৰ তৰফৰ পৰা ‘স্কুটাৰ’ উপহাৰ দিয়া হৈছে৷ মহিলা সবলীকৰণৰ লগতে ‘মেধা’ক উৎসাহিত কৰাৰ লক্ষ্যৰে ২০১৭-১৮ বৰ্ষৰ পৰা আৰম্ভ কৰা ড॰ বাণীকান্ত কাকতি মেধা পুৰস্কাৰৰ নামত চৰকাৰে এতিয়ালৈ ৰাজ্যৰ চল্লিছ হাজাৰ ছাত্ৰীক স্কুটাৰ প্ৰদান কৰিলে৷ অলপতে প্ৰকাশিত বাতৰি মতে এইবাৰ কেৱল কামৰূপ [মেট্ৰ’] জিলাত ১৪৪.৩০ কোটি টকা ব্যয়েৰে ২২,০৩৪খন পে’ট্ৰলচালিত আৰু ২১ৰখন বেটাৰীচালিত স্কুটাৰ ছাত্ৰীলৈ আগবঢ়োৱা হৈছে৷ সুযোগ-সুবিধা পালেই পশ্চিমীয়া দেশৰ ধ্যান-ধাৰণাক উপলুঙা কৰা মানুহ আমি! ‘তেওঁলোকে চাইকেলৰ কথাহে কৈছে, আমি স্কুটাৰ দিছোঁ’ বুলি ডাংকোপ মাৰি মন্তব্য দিয়া নেতাও আমাৰ মাজত ওলাব৷ আমাৰ এই সচেতনহীনতাই এদিন আমাক নিশ্চিহ্ন কৰিব৷ আন নালাগে, যি আমেৰিকাক আমি চূড়ান্ত ভোগবাদী বুলি কথাইপতি ঠাট্টা কৰোঁ, তাতো ক’ভিড অতিমাৰীৰ সময়ছোৱাত চাইকেলৰ বিক্ৰী ১২১ শতাংশ বৃদ্ধি পাইছে৷ আমাৰ চহৰবোৰততো গাড়ী-মটৰৰ প্ৰকোপত চাইকেল চলোৱাটো এক সমস্যাই, আনকি গাঁওবোৰতো মানুহে চাইকেল নচলোৱা হ’ল৷ চাইকেল আমাৰ দৰে দুখীয়া দেশবোৰত সেইসকলৰহে বাহন, যিসকলৰ স্কুটাৰ-বাইক কিনাৰ সামৰ্থ্য নাই৷ চাইকেল ‘ষ্টেটাছ ছিম্বল’ নহয়, গতিকে, অলাগী৷ ‘প্ৰদূষণ’ যি প্ৰকাৰেই নহওক কিয়, আমাৰ বিচাৰ-বিবেচনাই ঢুকি পোৱাবিধৰ বিষয়েই নহয়, ৰজাৰ বাবেও, প্ৰজাৰ বাবেও, লাগিলে ৱ’ল্ডৰ্ ইক’নমিক ফ’ৰামে যিয়েই নকওক কিয়!