Logo
image

অসমৰ ২ বক্সাৰ লাভলীনা, শিৱ থাপা এছিয়াডলৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুলাইঃ  ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চীনৰ হেংঝো চহৰত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছক ভাগ ল’বলগীয়া ১৩জনীয়া ভাৰতীয় দলটো ঘোষণা কৰিছে আৰু দলটোত আছে পদক জয়ৰ সম্ভাৱনা থকা অসমৰ দুগৰাকী বক্সাৰ৷ তেওঁলোক হৈছে অভিলেখ ছবাৰৰ এছিয়ান চেম্পিয়নশ্বিপৰ পদকজয়ী শিৱ থাপা আৰু টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পজক লাভ কৰা  লাভলীনা বৰগোঁহাই৷ শিৱ থাপাই পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম আৰু লাভলীনাই মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত প্ৰতদ্বন্দ্বিতা কৰিব৷ ভাৰতীয় বক্সিং ফেডাৰেশ্বনে শিৱ থাপা আৰু লাভলীনাৰ পৰা এছিয়াডত পদক আশা কৰিছে৷ তেওঁলোকৰ উপৰি দুবাৰৰ বিশ্ব চেম্পিয়ন  আৰু কমনৱেল্‌থ গেমছৰ স্বৰ্ণপদক জয় কৰা নিখাট জাৰিনৰ পৰাও ভাল প্ৰদৰ্শন আশা কৰা হৈছে৷ ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ সভাপতি অজয় সিঙৰ মতে, এছিয়ান গেমছত ভাৰতৰ শক্তিশালী দল এটাই প্ৰতিদ্বন্দ্বিতা কৰিব৷ দীৰ্ঘ সময়ধৰি দলটোৱে প্ৰস্তুতি চলাই আছে৷ সিঙে লগতে কয় যে শেহতীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিত ভাৰতীয় বক্সাৰৰ প্ৰদৰ্শন যথেষ্ট উন্নত হৈছে৷ কমনৱেল্‌থ গেমছৰ লগতে অলিম্পিকত তাৰ প্ৰমাণ পোৱা গৈছে৷ এছিয়ান গেমছতো ভৰতীয় বক্সাৰে আশানুৰূপ প্ৰদৰ্শন দেখুৱাব পাৰিব বুলি সকলো আশাবাদী৷ তাৎপৰ্যপূৰ্ণ যে বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেল্‌থ গেমছৰ স্বৰ্ণপদক জয়ী নিতু গাংগাছ আৰু ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছৰ স্বৰ্ণজয়ী অমিত পাংগাল এইবাৰৰ এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে৷
ভাৰতীয় পুৰুষ দলটোঃ দীপক [৫১ কিলোগ্ৰাম], শচীন [৫৭ কিলোগ্ৰাম], শিৱ থাপা [৬৩.প্ত কিলোগ্ৰাম], নিশান্ত দেৱ [৭১ কিলোগ্ৰাম], লক্ষ্য চাহৰ [৮০ কিলোগ্ৰাম], সঞ্জিত [৯২ কিলোগ্ৰাম] আৰু নৰেন্দৰ [৯২ কিলোগ্ৰামৰ ঊধবৰ্ৰ]৷
মহিলা দলটোঃ নিখাট জাৰিন [৫০ কিলোগ্ৰাম], প্ৰীতি [৫৪ কিলোগ্ৰাম], প্ৰবীণ [৫৭  কিলোগ্ৰাম], জেছমিন [৬০ কিলোগ্ৰাম], অৰুন্ধতি চৌধুৰী [৬৬ কিলোগ্ৰাম] আৰু লাভলীনা বৰগোহাঁই [৭৫ কিলোগ্ৰাম]৷