Logo
image

গোপন সম্পৰ্ক আৰু বিপজ্জনক প্ৰতাৰণা

টেলিভিশ্বন চেনেলৰ নামটো বিচাৰ্যৰ বিষয় নহয়৷ নাইবা সাংবাদিকৰ নামটোও বিশেষ বিচাৰ্যৰ বিষয় নহয়৷ চেনেলৰ বিৰুদ্ধে উত্থাপিত হোৱা কেতবোৰ বিশেষ অভিযোগক এই স্তম্ভ লেখাৰ কেন্দ্ৰবিন্দু কৰিব বিচৰা হোৱা নাই৷ এইক্ষেত্ৰত প্ৰাসংগিক আৰু বিচাৰ্যৰ বিষয়টো হৈছে সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া তথা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰৰ উচ্ছপৰ্যায়ত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়বস্তুহে৷ এই স্তম্ভলেখাৰ উদ্দেশ্য কাৰোবাৰ ভাবমূৰ্তি ম্লান কৰা নহয়৷ উদ্দেশ্য হৈছে কাৰোবাক কেতবোৰ অতি সংবেদনশীল তথা বাস্তৱসন্মত প্ৰশ্ন সোধাতো, যিবোৰ প্ৰশ্ন চৰকাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত সিদ্ধান্তগ্ৰহণৰ প্ৰক্ৰিয়াত ৰৈ যোৱা সুৰুঙাৰ বাবে মানুহে এতিয়া সুধিবলৈ বাধ্য হৈ পৰিছে৷ এইক্ষেত্ৰত আমি সুধিব বিচৰা কেতবোৰ অতিৰিক্ত প্ৰশ্নৰ জৰিয়তে প্ৰশাসনিক গোপনীয়তাৰ বিষয়বোৰো উত্থাপন কৰাৰ চেষ্টা কৰা হ’ব৷

জুকাৰবাৰ্গৰ বাবে বেয়া খবৰ

ইয়াত উত্থাপন কৰা বিষয়সমুহে কিদৰে ৰহস্যৰ সৃষ্টি কৰিছে সেই কথা বহুতেই ইতিমধ্যে অনুধাৱন কৰিব পাৰিছে৷ ৰহস্যৰ সৃষ্টি কৰা বিষয়টো হৈছে ৱাটছ-এপত  আদান-প্ৰদান কৰা কেইটামান ‘শ্বাট’৷ ৱাটছ-এপত যিবোৰ শ্বাটিং কৰা হৈছে সেই শ্বাটিংসমূহে এতিয়া ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰতে কেতবোৰ বিশেষ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ সেই শ্বাটসমূহ দৰাচলতে কোনো তৃতীয় ব্যক্তিয়ে লাভ কৰিব নোৱাৰে৷ ৱাটছ-এপৰ কাৰিকৰী প্ৰযুক্তি তথা ব্যক্তিগত সুৰক্ষাৰ বিষয়টোৰ বাবে শ্বাটিং তৃতীয় ব্যক্তিৰ হাতলৈ যাব নোৱাৰে৷ ইয়াৰ লগতে উল্লেখ কৰিব পাৰি যে, শ্বাটিঙৰ বিষয়সমূহ ইয়াৰ সৈতে জড়িত লোকে আনক বিলাই ফুৰিব নোৱাৰে৷ মই নাভাবোঁ যে, এই দাবীসমূহ সত্য৷ এনে দাবীসমূহৰ আঁৰত সন্দেহ কৰিবলগীয়া বহু কথা থাকে৷ দুজন মানুহৰ মাজত ৱাটছ-এপত হোৱা ‘শ্বাট’ কোনোবাই হেক কৰিব পাৰেনে– এই শ্বাটত কোনোবাই অনুপ্ৰৱেশ কৰিব পাৰেনে অথবা শ্বাটৰ তথ্য চুৰি কৰিব পাৰেনে? মই এনেবোৰ প্ৰশ্নৰ উত্তৰ অৱশ্যে ভালদৰে নাজানোঁ৷ কিন্তু এইবিষয়ত এটা কথাই উপলব্ধি কৰিব পাৰিছোঁ যে, ৱাটছ-এপৰ শ্বাটৰ ক্ষেত্ৰত হেক হোৱাৰ সন্দেহ ৰৈ যায়৷ এয়া জুকাৰবাৰ্গৰ বাবে অতি বেয়া খবৰ বুলি ক’ব পাৰি৷  কাৰণ জুকাৰবাৰ্গ হৈছে ফেচবুক, ইনষ্টাগ্ৰাম আৰু ৱাটছ-এপৰ স্বত্বাধিকাৰ তথা বিশ্বৰ ধনী ব্যক্তিসকলৰ এজন৷

শেহতীয়াকৈ দুজন ব্যক্তিৰ মাজত ৱাটছ-এপত হোৱা শ্বাট ৰাজহুৱা হৈছে৷ সেই কথোপকথনৰ বিষয়বস্তু সংশ্লিষ্ট কোনো এজন লোকেই অস্বীকাৰ কৰা নাই৷ যদি এইক্ষেত্ৰত জড়িত লোক দুজনৰ কোনোবাই বিষয়টো অস্বীকাৰ কৰিলেহেঁতেন তেন্তে সমগ্ৰ ৰহস্যৰ তাতেই ওৰ পৰিলহেঁতেন৷ এইক্ষেত্ৰত কোনোধৰণৰ প্ৰশ্নৰো অৱতাৰণা নহ’লহেঁতেন৷

এটা প্ৰশাসনিক গোপনীয়তা

২০০৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা কাশ্মীৰৰ পুলৱামাত ভাৰতীয় নিৰাপত্তাবাহিনীৰ কনভয়ৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল৷ সেই চনৰে ২৩ ফেব্ৰুৱাৰীৰ দিনা ‘সাংবাদিক’ আৰু ‘আন এজন লোক’ৰ মাজত হোৱা কথোপকথন এনেধৰণৰ আছিলঃ

২৩-০২-২০১৯

 নিশা ১০.৩১: সাংবাদিকঃ আৰু এটা ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে৷

নিশা ১০.৩৩: অন্য লোকঃ মই ভাবোঁ যে, আপুনি উলিয়াব পাৰিব আৰু এইক্ষেত্ৰত মই আপোনাৰ সাফল্য কামনা কৰিছোঁ৷

 নিশা ১০.৩৪:  অন্যলোকঃ আপোনাৰ সাফল্য কামনা কৰিছোঁ৷

নিশা ১০.৩৬: সাংবাদিকঃ নহয় ছাৰ, পাকিস্তান৷ এইবাৰ কিবা এটা ডাঙৰ ঘটনা ঘটিব৷

নিশা ১০.৩৭: অন্য লোকঃ এই সময়ত এয়া কোনো ডাঙৰ মানুহৰ বাবে বৰ ভাল কথা হ’ব৷ আক্ৰমণ চলাই তেওঁ নিৰ্বাচন জিকিব পাৰিব? নে তাতকৈয়ো কিবা ডাঙৰ কাম হ’ব৷

নিশা ১০.৪০: সাংবাদিকঃ সাধাৰণ আক্ৰমণতকৈ হ’ব এয়া ডাঙৰ আক্ৰমণ আৰু এয়া একে সময়তে কৰা হ’ব৷ কাশ্মীৰত সংঘটিত ঘটনাতকৈ এয়া ডাঙৰ হ’ব৷ পাকিস্তানত চলাবলগীয়া এই আক্ৰমণৰ জৰিয়তে মানুহক প্ৰভাৱাম্বিত কৰিব পাৰিব বুলি তেওঁলোক আত্মবিশ্বাসী৷

 পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা বিভৎস সন্ত্ৰাসবাদী আক্ৰমণৰ  অন্য এক ঘটনা আছিল আৰু এই ঘটনাত ৪০জন সৈনিকৰ মৃত্যু ঘটিছিল৷ ঘটনাটোৱে প্ৰতিৰক্ষাবাহিনীক বিব্ৰত কৰি তুলিছিল৷ এয়া ভবা হৈছিল যে পাকিস্তানে সন্ত্ৰাসবাদীক আক্ৰমণৰ বাবে নিযুক্ত কৰি প্ৰশিক্ষণ দিয়াইছিল৷ সেইবাবেই এই আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ভাৰতেও আন এটা আক্ৰমণ সংঘটিত কৰাটো অৱধাৰিত হৈ পৰিছিল৷ ২৩ ফেব্ৰুৱাৰীৰ দিনা সেই ‘বিশেষ কথোপকথন’ হৈছিল৷ ইয়াৰ তিনিদিন পাছত অৰ্থাৎ ২৬ফেব্ৰুৱাৰীৰ দিনা ভাৰতীয় বায়ুসেনা বাহিনীয়ে পাকিস্তানৰ বালাকোটত আক্ৰমণ সংঘটিত কৰিছিল৷

এইক্ষেত্ৰত মই যিবোৰ শব্দ সেই লোক দুজনৰ মাজত ব্যৱহাৰ হৈছিল এনে শব্দৰ প্ৰসংগত ক’ব বিচাৰোঁ যে, তেওঁলোক ভাগ্যৱান আছিল৷ কাৰণ তেওঁলোকে সঠিক সময়ত সঠিক তথ্য লাভ কৰিছিল৷ কিন্তু এটা কথাই মোক ভবাই তোলে যে, চৰকাৰৰ বাহিৰৰ লোক দুজনে কিদৰে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সৈতে জড়িত এনে তথ্য লাভ কৰিছিল? অথবা তেওঁলোকে কি উদ্দেশ্য লৈ এনে স্পৰ্শকাতৰ তথ্য আদান-প্ৰদান কৰিছিল৷ যিটো সময়ত পুলুৱামা কাণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰতিশোধ ল’ব বুলি মানুহৰ মাজত ধাৰণা গঢ় লৈ উঠিছিল এই সময়ত লোক দুজনৰ এই কথোপকথনে ঘটনাটোক আৰু ৰহস্যৰ মাজলৈ ঠেলি দিছিল৷ নিঃসন্দেহে কোনো বিশেষ ব্যক্তিয়ে সেই লোকদুজনক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত স্পৰ্শকাতৰ তথ্যৰ যোগান ধৰিছিল৷ সেই লোকজন কোন আছিল? এইক্ষেত্ৰত চৰকাৰৰ কিছুমান সিদ্ধান্ত গোপনীয়, কিছুমান অতি গোপনীয় আৰু কিছুমান ‘কেৱল আপোনাৰ বাবেহে’ বুলি অভিহিত কৰিব পাৰি৷ এই প্ৰসংগতে ক’ব পাৰি যে, পাকিস্তানত আক্ৰমণ সংঘটিত কৰাৰ তথ্য কেৱল আপোনাৰ বাবেহে শিতানত ধৰিব পাৰি৷ কিন্তু এইক্ষেত্ৰত গোপনীয়তা ভংগ কৰা হৈছে৷ মই প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষামন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা, সেনা বাহিনী, বায়ুসেনাৰ মুৰব্বী আৰু ৱেষ্টাৰ্ন এয়াৰ কামাণ্ডৰ মুৰব্বীয়ে এনে তথ্য বেলেগলৈ বিয়পি পৰাটো বাধা দিয়াত বিফল হোৱাতহে আচৰিত হৈছোঁ৷ এইক্ষেত্ৰত এনে অভিযানত যিসকল পাইলটে অংশগ্ৰহণ কৰে তেওঁলোককো অভিযানৰ কেইঘণ্টামানৰ আগতে কোনো বিবৃতি দিয়াৰ পৰা বিৰত কৰাব লাগে আৰু তেওঁলোকক অভিযান সম্পূৰ্ণ নোহোৱাপৰ্যন্ত সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ কিন্তু এইক্ষেত্ৰত ‘প্ৰকৃত শব্দবোৰ’ ইজনৰ পৰা সিজনলৈ বিয়পাই দিয়াহে হ’ল৷

মই এই কথা ভাবি উদ্বিগ্ন হওঁ যে, এনে তথ্যসমূহ যিসকল লোকে যোগান ধৰিছিল তেওঁ চোৰাংচোৱা বা পাকিস্তানক খবৰ যোগান ধৰা লোক আছিল নেকি? মই বিশেষকৈ এই কথা ভাবি উদ্বিগ্ন হৈছোঁ যে, সেই  ‘অন্যলোক’জন ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে কিদৰে জড়িত আছিল আৰু তেওঁ কিয় এই তথ্য আনক যোগান ধৰিছিল?

মৃত্যুৰ পাছতো

এই কথোপকথনে প্ৰয়াত  প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ ভাবমূৰ্তি বিনষ্ট কৰিছিল৷ [তেওঁৰ আত্মাই শান্তি লাভ কৰক]

১০-০৪-২০১৯

নিশা ১২.৪৫: অন্যলোকঃ জেটলী তেওঁলোকৰ বাবে এক ডাঙৰ বিফলতা৷

সাংবাদিকঃ মই সেয়া সম্পূৰ্ণভাৱে সমৰ্থন কৰোঁ৷ আশ্চৰ্যজনকভাৱে সেই ৰুগীয়ামানুহজনে যেন মৃত্যুৰহে অনুভূতি লাভ কৰিলে৷

১৯-০৮-২০১৯ 

পুৱা ১০.০৮ : সাংবাদিকঃ জেটলীয়ে বিষয়টোক দীঘলীয়া কৰি আছে৷ প্ৰধানমন্ত্ৰীয়ে নাজানে কি কৰিব লাগিব৷ প্ৰধানমন্ত্ৰীয়ে বুধবাৰে ফ্ৰান্সলৈ যাত্ৰা কৰিব৷

পুৱা ১০.০৯ : অন্যলোকঃ সেইবাবেই কাৰো মৃত্যু হোৱা নাই নেকি?

পুৱা ১০.৫৫ : সাংবাদিকঃ মই সন্ধিয়ালৈকে কিবা হ’ব বুলি ভাবিছোঁ৷ এই সপ্তাহতে মোৰ দিল্লীত এখন এই বিষয়ক লৈ বৈঠক আছে৷

মই দেশৰ বাবে, আমাৰ সামৰিক বাহিনীসমূহৰ বাবে অতি দুখ অনুভৱ কৰিছোঁ৷ কাৰণ তেওঁলোকে গোপনীয় তথ্যসমূহ কোনোপধ্যে সুৰক্ষিত কৰি ৰাখিব পৰা নাই৷ মই অৰুণ জেটলীৰ পৰিয়ালৰ বাবেও সমবেদনা জ্ঞাপন কৰিছোঁ৷ জেটলীয়ে দীৰ্ঘদিন ধৰি বিজেপিত সেৱা আগবঢ়াইছিল [তেওঁ জনসংঘৰো প্ৰতিষ্ঠাপক আছিল৷] তেওঁ ১৯৭৫ চনৰ পৰাই বিজেপিত সেৱা আগবঢ়াইছিল৷ কিন্তু তেওঁৰ ভাবমূৰ্তিহে বিনষ্ট কৰা হ’ল৷