Logo
image

বোকাখাতৰ বোকা খচকি ক্ৰিকেটবিশ্বলৈ অলৰাউণ্ডাৰ উমা

‘আমাৰ অসম’ৰ বোকাখাতৰ প্ৰতিবেদক, ৪ জুলাইঃ ভোগেশ্বৰ বৰুৱা যুগৰ অৱসান ঘটাই ৰাজ্যলৈ প্ৰথমটো অলিম্পিকৰ পদক আনি অসমৰ ক্ৰীড়াক্ষেত্ৰত ‘লাভলীনা যুগ’ৰ সূচনা কৰিছিল পাগলিষ্ট লাভলীনা বৰগোহাঁয়ে৷ কোৱা বাহুল্য মাথোঁ, এতিয়ালৈকে অসমৰ ক্ৰীড়াক্ষেত্ৰত ভোগেশ্বৰ বৰুৱা আৰু লাভলীনা বৰগোহাঁইৰ সমান সাফল্য কোনো ক্ৰীড়াবিদে লাভ কৰিব পৰা নাই৷ সেয়ে ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত বেংকক এছিয়াডৰ স্বৰ্ণপদক অৰ্জন কৰাৰ পৰা যদি অসমৰ  ক্ৰীড়াক্ষেত্ৰত ভোগেশ্বৰ বৰুৱা যুগ বুলি অভিহিত কৰিব পাৰি, তেন্তে ২০২০ চনত টকিঅ’ অলিম্পিকৰ পৰা লাভলীনা বৰগোহাঁয়ে অসমলৈ প্ৰথমটো অলিম্পিক পদক কঢ়িয়াই অনাৰ পৰা ‘লাভলীনা যুগ’ৰ সূচনা হোৱা বুলি ক’ব পাৰি৷ সেয়া হৈছে অলিম্পিক ক্ৰীড়া৷ সমান্তৰালভাৱে চলি থকা ক্ৰিকেটতো অসমত শত-সহস্ৰজন প্ৰতিভাধৰ আছিল আৰু আছে৷ কিন্তু এই দীঘলীয়া ইতিহাসত আজি পৰ্যন্ত কোনো এজন অসমীয়া ক্ৰিকেটাৰে মূল ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ পুৰুষেই হওক বা মহিলা– দেশৰ ক্ৰিকেট ক্ষেত্ৰত অসমীয়াৰ নাম অন্ততঃ কালি পৰ্যন্ত নাছিল৷ কিন্তু দেওবাৰে দেশৰ ক্ৰিকেটক্ষেত্ৰত ইতিহাসৰ সৃষ্টি কৰি উমা ছেত্ৰীয়ে জাতীয় ক্ৰিকেট দলত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে৷ সন্দেহ নাই, এতিয়াৰ পৰা অসমৰ ক্ৰিকেট ক্ষেত্ৰত আৰম্ভ হ’ল ‘উমা ছেত্ৰী যুগ’ৰ৷ ৰাজ্যৰ ক্ৰিকেট ক্ষেত্ৰৰ দীৰ্ঘ ইতিহাস গৰকি আৰু বোকাখাতৰ বোকা খচকি অৱশেষত ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হ’ল বোকাখাতৰ উমা ছেত্ৰী৷ ২ জুনত ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ডৰ মহিলা ক্ৰিকেট দলৰ খেলুৱৈ নিৰ্বাচন সমিতিয়ে ঘোষণা কৰা ভাৰতৰ মূল মহিলা ক্ৰিকেট দলটোত স্থান লাভ কৰি উমা ছেত্ৰীয়ে বোকাখাতৰ লগতে সমগ্ৰ ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই অনাই নহয়, নতুন ইতিহাস আৰু নতুন ক্ৰিকেট যুগৰ সৃষ্টি কৰিলে৷ কিয়নো ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা উমা ছেত্ৰীয়েই হ’ল অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ৷ ৯ জুলাইৰ পৰা বাংলাদেশৰ শ্বেৰ-ই-বাংলা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা এদিনীয়া আৰু টি-২০ মহিলা ক্ৰিকেট শৃংখলাত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলিব উমা ছেত্ৰীয়ে৷ বোকাখাতৰ কান্ধুলিমাৰী গাঁৱৰ কৃষক লোকবাহাদুৰ ছেত্ৰী আৰু দীপা ছেত্ৰীৰ দুহিতা হ’ল উমা ছেত্ৰী৷ উমাৰ এই সফলতাত উৎফুল্ল হৈ পৰিছে সমগ্ৰ বোকাখাত৷ কান্ধুলিমাৰীৰ দৰে অতি পিচপৰা এটা অঞ্চলৰ পৰা অতি কষ্টৰে বাটকুৰি বাই বোকাখাতৰ ৰাজহুৱা খেল পথাৰত নিয়মিতভাৱে অনুশীলন কৰি উমা ছেত্ৰীয়ে আজি ভাৰতীয় দলত স্থান লাভ কৰি কান্ধুলিমাৰীৰ নাম ৰাজ্যবাসীৰ মাজত উজলাই তুলিলে৷ পৰিয়ালে কিনি দিয়া এখন চেকেণ্ড হেণ্ড চাইকেলত জ্যেষ্ঠ ভাতৃৰ সৈতে একেলগে বোকাখাতলৈ অহা যোৱা কৰি ক্ৰিকেটৰ অনুশীলন কৰিছিল উমাই৷  খেলুৱৈগৰাকীৰ এই সাফল্যৰ বাবে সোমবাৰৰ পুৱা কান্ধুলিমাৰী গাঁৱত থকা উমা ছেত্ৰীৰ বাসগৃহত অগণন শুভাকাংক্ষী উপস্থিত হৈ উমাৰ লগতে পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰে৷ কান্ধুলিমাৰী গাঁৱৰ বোকাময় পথটো নিৰ্মাণ কৰি দিবৰ বাবে পৰিয়ালৰ লগতে বোকাখাতবাসীয়ে এতিয়া অসম চৰকাৰক অনুৰোধ জনাইছে৷ ইফালে সোমবাৰৰ বিয়লি উমা ছেত্ৰীৰ বাসগৃহত গৈ উপস্থিত হয় বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা৷ উমা ছেত্ৰীৰ বাসগৃহলৈ গৈ উদীয়মান ক্ৰিকেট খেলুৱৈ গৰাকীৰ পিতৃ-মাতৃক অভিনন্দন জনোৱাৰ লগতে উমা ছেত্ৰীৰ বাসগৃহৰ পৰাই টেলিফোনযোগে লোক নিৰ্মাণ বিভাগক উমা ছেত্ৰীৰ বাসগৃহলৈ যোৱা পথচোৱা নিৰ্মাণ কৰিবৰ বাবে নিৰ্দেশ দিয়ে অতুল বৰাই৷ মন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই উক্ত পথত জোখ মাখ লোৱাৰ কাম আৰম্ভ কৰিছে লোক নিৰ্মাণ বিভাগে৷ ইফালে উমাৰ সফলতাত বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইমজাৰ লগতে বিভিন্ন দল-সংগঠনে খেলুৱৈগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ সোমবাৰে অসম ক্ৰিকেট সংস্থাই উমা ছেত্ৰীক ৫ লাখ টকাৰ এখন চেক অৰ্পণ কৰিছে৷ স্থানীয় সকলোৱে জানে, ক্ৰিকেটাৰ উমা ছেত্ৰীৰ জীৱনগাথা অতি প্ৰেৰণাদায়ক৷ বোকাখাতৰ ভিতৰুৱা এখন গাঁৱৰ ছোৱালী উমাৰ পিতৃ লোক বাহাদুৰ ছাত্ৰী এজন খেতিয়ক আৰু মাতৃ দীপা ছেত্ৰী গৃহিণী৷ সৰুৰ পৰাই ভিতৰুৱা অঞ্চলটোৰ পৰা খোজ কাঢ়ি বা চাইকেলেৰে বোকাখাত টাউনলৈ প্ৰেকটিচৰ বাবে যাত্ৰা উমাৰ৷ প্ৰতিকূলতাৰ মাজতো উমাই আগবাঢ়ি যোৱাৰ সপোন দেখিছিল৷ দিন-ৰাতি একাকাৰ কৰি উমাই খেলৰ অভ্যাস কৰিছিল৷ স্থানীয় সকলোৱে আৰু ক্ৰিকেটৰ সৈতে পৰিচিত প্ৰত্যেকেই আশা কৰিছে উমাৰ যাত্ৰা অন্যান্যসকলৰ বাবে পাথেয় হওক৷ ভাৰতীয় দলত স্থান লাভ কৰাত অসম ক্ৰিকেট সন্থাই শক্তিশালী ভাৱে উদগণি যোগাইছে৷ লগতে বি চি চি আইয়ো ধন্যবাদৰ প্ৰাপ্ত৷ কষ্ট কৰাৰ ক্ষমতা বা মানসিকতাই উমাক আগুৱাই নিব আৰু এগৰাকী ভাল ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠিত কৰিব৷ 

শিশু অৱস্থাত হাতত এডাল মাৰি লৈ ঘৰৰ ভিতৰত ঘূৰণীয়া আলুগুটি বাউণ্ডেৰী আৰু ছিক্সাৰ মাৰি উমাই প্ৰথমে ক্ৰিকেটৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল৷ ৩ বছৰ বয়সত মাক দীপাই উমাক এখন প্লাষ্টিকৰ ক্ৰিকেট বেট কিনি দিছিল৷ সেই প্লাষ্টিকৰ বেটেৰেই আৰম্ভ হৈছিল আজিৰ কুৰি বছৰীয়া উমা ছেত্ৰীৰ ক্ৰিকেটৰ কেৰিয়াৰ৷ ডাঙৰ হৈ অহাৰ লগে লগে উমাই স্থানীয় ল’ৰাৰ সৈতে ক্ৰিকেট খেলা আৰম্ভ কৰে আৰু তেওঁ বেটিঙত অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰে৷ উইকেটৰ পিছফালেও থিয় হৈ উমাই একেলগে আৰম্ভ কৰিছিল উইকেট কীপাৰ হিচাপে সমান্তৰাল কেৰিয়াৰ, ঠিক যেন মহেন্দ্ৰ সিং ধোনীহে৷ স্থানীয় দুই প্ৰশিক্ষক ৰাজা-ৰহমান আৰু মেহবুুব আলমৰ হাততে উমাই প্ৰথমে শিকিছিল ক্ৰিকেট৷ কিছুদিন পাছত যেতিয়া স্থানীয় অঞ্চলত উমাৰ নাম লাহে লাহে ক্ৰিকেটাৰ হিচাপে পৰিচিত হ’বলৈ আৰম্ভ কৰিছিল তেতিয়াই উমা চকুত পৰিছিল বোকাখাতৰ স্থানীয় ক্ৰীড়া সংগঠক তথা গোলাঘাট তথা ক্ৰীড়া সংস্থাৰ কোষাধ্যক্ষ অজয় শৰ্মাৰ৷ সংযোগবশতঃ অজয় শৰ্মা দীৰ্ঘদিন অসম ক্ৰিকেটৰ বিষয়ববীয়া হৈয়ো আছিল৷ ফলত তেওঁৰ বাবে প্ৰতিভা চিনি পোৱাত অলপো বিলম্ব হোৱা নাছিল৷ ইয়াৰ পাছতে অজয় শৰ্মা আৰু গোলাঘাট ক্ৰীড়া সংস্থাৰ সহযোগ ক্ৰমশঃ ক্ৰিকেটৰ ব্যক্তিগত কেৰিয়াৰৰ উত্তৰণ ঘটালে উমাই৷ আক্ষৰিক অৰ্থতে বোকাখাতৰ কান্ধুলিমাৰী গাঁৱৰ পংকিল পথ অতিক্ৰম কৰি লাহে লাহে উমাই ৰাজ্যিক দলত স্থান লাভা কৰিলে৷ ২০১৭ চনৰ পৰা উমা হৈ পৰিল ৰাজ্যিক ক্ৰিকেট দলটোৰ স্থায়ী সদস্য– নিৰ্ভৰযোগ্য বেটাৰ আৰু একেলগে উইকেট কীপাৰ৷ শেহতীয়া ঘৰুৱা ছিজনত উমাই ৩২.৩৩ গড়ে ছখন এদিনীয়াত ১৯৪ ৰাণ আৰু ৫ খন টি-২০ ত অবিশ্বাস্য ৮৮.৮৮ ষ্ট্ৰাইক ৰেটেৰে তেওঁ ১২০ ৰাণ সংগ্ৰহ কৰিলে৷ এই প্ৰদৰ্শনেৰেই উমাই স্থান লাভ কৰিলে হংকঙত অনুষ্ঠিত ইমাৰ্জিং কাপত খেলাৰ বাবে ইণ্ডিয়া ইমাৰ্জিং দলত৷ সেই প্ৰতিযোগিতাত উমাই প্ৰথম মেছত অবিজিত ১৬ ৰাণ আৰু দ্বিতীয়খনত কৰিলে ২২ ৰাণ৷  উইকেটৰ পিছফালে থিয় গৈ তেওঁ দুটা ষ্টাম্পিঙেৰে সৈতে চাৰিটা আউটত অৰিহণা যোগালে৷ এই প্ৰদৰ্শনেৰে তেওঁ স্বাভাৱিকভাৱেই স্থান লাভ কৰিলে টীম ইণ্ডিয়াত, যি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হৈ পৰিল৷