Logo
image

কংগ্ৰেছ-ইউডিএফৰ মিত্ৰতাই ক্ষতি কৰিব অগপৰ গুণীন্দ্ৰক

আমাৰ অসম, ২৪ জানুৱাৰীঃ বিধানসভাৰ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাই উজনি অসমত বিজেপি-অগপ মিত্ৰজোটক লাভাণ্বিত কৰিব যদিও নামনি অসমৰ কেইবাটাও সমষ্টিত বিজেপি-অগপ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷ নামনি অসমৰ সমষ্টিসমূহৰ ভিতৰত বিশেষকৈ বৰপেটা [সদৰ] সমষ্টিত কংগ্ৰেছ এ আই ইউ ডি এফৰ প্ৰাৰ্থীয়ে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীক৷ ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা বৰপেটা [সদৰ] সমষ্টিত ২০১৬ৰ নিৰ্বাচনত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰ দাস বিজয়ী হৈছিল ৫৮১০টা ভোটৰ ব্যৱধানত৷ সেই নিৰ্বাচনত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসে ৬৩, ৫৬৩ টা, কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে ৫৭, ৭৫৩টা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আব্দুৰ ৰহিম খানে ৩৭, ৬৯৭টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল৷  ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰতা আৰু কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা প্ৰায় নিশ্চিত হোৱাৰ পাছত কোনটো মিত্ৰজোঁটৰ পৰা কোন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব তাকে লৈ ৰাজনৈতিক দল আৰু ভোটাৰৰ মাজত ভিতৰি ভিতৰি চৰ্চা আৰম্ভ হৈছে৷ আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত জন্মলাভ কৰা অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঔৰষত জন্মলাভ কৰা ৰাইজৰ দল নামৰ ৰাজনৈতিক দল দুটাৰ পৰা প্ৰাৰ্থী থিয় কৰোৱা হ’ব নে নাই সেই লৈও ভোটাৰৰ মাজত উৎসুকতাৰ সৃষ্টি হৈছে৷ ‘আমাৰ অসম’ৰ প্ৰাক্‌ নিৰ্বাচনী সমীক্ষা অনুসৰি বৰপেটা [সদৰ] সমষ্টিত মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু কংগ্ৰেছ এ আই ইউ ডি এফ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ’ব৷  সমষ্টি এৰা-ধৰাৰ ক্ষেত্ৰত বিশেষ ৰাজনৈতিক সমীকৰণ নঘটিলে এইবাৰো বিজেপি দলে বৰপেটা [সদৰ] সমষ্টি অগপ দলক এৰি দিব আৰু অগপ দলৰ পৰা গুণীন্দ্ৰ নাথ দাসকে বৰপেটা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত৷ আনহাতে, আসন বুজাবুজিৰ ক্ষেত্ৰত বৰপেটা সমষ্টিক কেন্দ্ৰ কৰি কংগ্ৰেছ এ আই ইউ ডি এফৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হ’ব৷ বৰপেটা জিলাৰ বাঘবৰ, সৰুক্ষেত্ৰী আৰু জনীয়া সমষ্টি এ আই ইউ ডি এফক এৰি দিব লাগিব বুলি দলটোৰ মুৰব্বী মৌলনা বদৰুদ্দিন আজমলে ইতিমধ্যে ৰাজহুৱাভাৱে ঘোষণা কৰিছে৷  ২০১১ চনৰ নিৰ্বাচনত এ আই ইউ ডি এফ দলে বৰপেটা [সদৰ] সমষ্টি দখল কৰিছিল৷ সেই সূত্ৰেই ২১ৰ নিৰ্বাচনত বৰপেটা [সদৰ] সমষ্টিও দলটোৱে দাবী কৰিব৷ অবশ্যে, শেষ সমীকৰণত বৰপেটা সমষ্টি কংগ্ৰেছ দললৈ এৰি দিব৷ কংগ্ৰেছ দলৰ পৰা এইবাৰ বিগত নিৰ্বাচনত দ্বিতীয় স্থানত থকা পৰাজিত প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদ, এ আই ইউ ডি এফ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান, আৰু যুৱ নেতা তথা অধিবক্তা আফতাবুদ্দিন খান টিকটৰ তীব্ৰ দাবীদাৰ হিচাপে থিয় হৈছে৷ টিকট লাভৰ ক্ষেত্ৰত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ আশিস পাব অধিবক্তা আফতাবুদ্দিন খানে৷ আনহাতে, বিগত নিৰ্বাচনত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাসৰ হাতত মাত্ৰ ৫৮১০টা ভোটত পৰাজিত হোৱা প্ৰাক্তন আমছু নেতা আব্দুৰ ৰহিম আহমেদৰ স্থিতিও দলত শক্তিশালী হৈ আছে৷ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ ক্ষেত্ৰত হেঙাৰ হ’ব পাৰে মিত্ৰ এ আই ইউ ডি এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমল৷ কাৰণ বিগত নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতে এ আই ইউ ডি এফ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল আব্দুৰ ৰহিম খান৷ আনহাতে, কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু চি পি আই এমৰ দলৰ মিত্ৰতাৰ সূত্ৰে সৰভোগ সমষ্টি চি পি আই এম দলক এৰি দিবলগীয়া হ’লে বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা যুৱ কংগ্ৰেছৰ প্ৰাক্তন জিলা সভাপতি ধীৰাজ দেউৰীয়েও বৰপেটা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে থিয় হ’ব৷  ইপিনে শেহতীয়াকৈ কংগ্ৰেছৰ টিকটৰ দাবীদাৰ হিচাপে সমষ্টিটোত কুচ-কাৱাজ আৰম্ভ কৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন নিৰ্দলীয় বিধায়ক অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডাঃ তাৰা প্ৰসাদ দাসে৷ কংগ্ৰেছ দলৰ পৰা পূৰ্বে নিলম্বিত হোৱা ডাঃ তাৰা প্ৰসাদ দাসৰ নিলম্বনৰ কাৰ্যকাল উকলি যোৱাৰ পাছত দলত নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে ডাঃ তাৰা প্ৰসাদ দাসে কুচ-কাৱাজ চলাইছে৷ অৱশ্যে তাৰা প্ৰসাদ দাসক টিকট প্ৰদানৰ ক্ষেত্ৰত কংগ্ৰেছ হাইকমাণ্ড আৰু প্ৰদেশ কংগ্ৰেছে কি স্থিতি লয় সেয়া এতিয়া স্পষ্ট হোৱা নাই৷ ‘আমাৰ অসম’ৰ প্ৰাক্‌নিৰ্বাচনী সমীক্ষা অনুসৰি এটা কথা স্পষ্ট যে, বৰপেটা [সদৰ] সমষ্টিত এইবাৰ বিজেপি-অগপ মিত্ৰজোঁট আৰু কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ’ব৷