Logo
image

ছাফ ফুটবলত চেম্পিয়ন ভাৰত

বেংগালুৰু, ৫  জুলাইঃ ছাফ চেম্পিয়নশ্বিপত খিতাপ জয় কৰিছে ভাৰতীয় ফুটবল দলে৷ প্ৰতিযোগিতাৰ উত্তেজনাপূৰ্ণ ফাইনেলত মঙলবাৰে ভাৰতে কুৱেইটক পেনাল্টী  শ্বুটআউটত ৫-৪ গ’লত পৰাস্ত কৰি খিতাপ নিশ্চিত কৰে৷ প্ৰতিযোগিতাত নৱমবাৰৰ বাবে চেম্পিয়নৰ সন্মান অৰ্জন কৰিলে ভাৰতে৷ নিৰ্ধাৰিত সময়ত ছাবিব আল খালদিৰ গ’লেৰে কুৱেইটে অগ্ৰগতি লাভ কৰা পাছত ভাৰতৰ হৈ সমতাসূচক গ’লটো দিয়ে এআইএফএফৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰ লালিয়ানজুৱালা চাংটেই৷ উল্লেখ্য দুয়োট গ’লেই হৈছিল প্ৰথমাৰ্ধত৷ কিন্তু ইয়াৰ পাছত নিৰ্ধাৰিত সময়ত কোনো দলে অধিক গ’ল দিব নোৱৰাত ৰেফাৰীয়ে পেনাল্টী  শ্বুটআউটৰ সহায়ত খেলৰ ফলাফল নিৰ্ণয় কৰে৷ ভাৰতৰ হৈ সুন্দৰ প্ৰদৰ্শনেৰে খিতাপ জয়ত বিশেষ অৱদান আগবঢ়ায় গ’লৰক্ষক গুৰপ্ৰীতে৷