Logo
image

ভাৰতীয় ‘এ’ দলত ৰিয়ান পৰাগ

নতুন দিল্লী, ৫ জুলাইঃ কলম্বোত ১৩-২৩ জুলাইত হ’বলগীয়া এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ এমাৰ্জিং টীমছ [পুৰুষ] এছিয়া কাপত ভাগ ল’বলগীয়া ভাৰতীয় ‘এ’ দলটোত স্থান পাইছে অসমৰ ৰিয়ান পৰাগে৷ টুৰ্নামেণ্টখন হ’ব ৫০ অভাৰৰ৷  অসমৰ হৈ ২৫খন প্ৰথম শ্ৰেণীৰ খেল খেলা ২১ বছৰীয়া ৰিয়ানে ইয়াৰ পূৰ্বে ভাৰতীয় অনূধবৰ্ ১৯ বছৰ দলক প্ৰতিনিধিত্ব কৰিছিল৷ জুনিয়ৰ নিৰ্বাচক কমিটীয়ে কলম্বোত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচন কৰা ভাৰতীয় ‘এ’ দলটোৰ নেতৃত্বত থাকিব যশ ধূল৷ প্ৰতিযোগিতাখনৰ ‘বি’ গ্ৰুপত ৰখা হৈছে ভাৰতক৷ ভাৰতৰ সৈতে গ্ৰুপটোত আছে নেপাল ইউনাইটেড  আৰৱ এমীৰেটছ ‘এ’  আৰু পাকিস্তান ‘এ’৷ তেনেদৰে ‘এ’ গ্ৰুপত আছে শ্ৰীলংকা ‘এ’, বাংলাদেশ ‘এ’, আফগানিস্তান ‘এ’ আৰু ওমান ‘এ’ দল৷ প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দুটা দল ছেমিফাইনেললৈ উন্নীত হ’ব৷ ছেমিফাইনেলত হ’ব  ২১ জুলাইত৷ ফাইনেলতখন হ’ব ২৩ জুলাইত৷

ভাৰতীয় ‘এ’ দলটোঃ ছাই সুদৰ্শন, অভিষেক শৰ্মা, নিকিন জোছ, প্ৰদোষ ৰঞ্জন প’ল, যশ ধূল [অধিনায়ক], ৰিয়ান পৰাগ, নিশান্ত সিন্ধু, প্ৰভছিমৰন সিং, ধ্ৰুৱ জুৰেল, মানৱ সুথাৰ, যুৱৰাজসিং দাহিয়া, হৰ্ষিত ৰানা, আকাশ সিং, নিতীশ কুমাৰ ৰেড্ডী  আৰু  ৰাজৱৰ্ধন হেঙাৰগেকাৰ৷ ষ্টেণ্ড বাইঃ হৰ্ষ ডুবে, নেহাল ৱাধেৰা, স্নেল পেটেল আৰু মোহিত ৰেডকাৰ৷ ১৩ জুলাইত ভাৰতে ইউনাইটেড আৰৱ এমীৰেটছ ‘এ’ দলৰ বিৰুদ্ধে প্ৰথম খেল খেলিব৷