Logo
image

নিৰ্বাচক কমিটীৰ নতুন অধ্যক্ষ আগৰকাৰ

নতুন দিল্লী, ৫ জুলাইঃ ৱেষ্ট ইণ্ডিয়ৰ বিৰুদ্ধে হ’বলগীয়া টুৱেণ্টী২০ শৃংখলাৰ বাবে ভাৰতীয় দল নিৰ্বাচন কৰা কৰিব অজিত আগৰকাৰ নেতৃত্বাধীন নিৰ্বাচক কমিটীয়ে৷ আগৰকাৰে মঙলবাৰে অশোক মালহোট্ৰা নেতৃত্বাধীন ক্ৰিকেট পৰামৰ্শদাতা কমিটীৰ সৈতে ভাৰ্ছুৱেল সাক্ষাৎকাৰত মিলিত হোৱাৰ পাছত কমিটীয়ে তেওঁক মুখ্য নিৰ্বাচক হিচাপে নিৰ্বাচন কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক পৰামৰ্শ আগবঢ়ায়৷ তাৰ পাছতেই তেওঁৰ নিযুক্তি সন্দৰ্ভত ব’ৰ্ডে আনুষ্ঠানিক ঘোষণা কৰে৷ মুখ্য নিৰ্বাচক পদৰ বাবে সাক্ষাৎকাৰত উপস্থিত থকা আগৰকাৰ আছিল একমাত্ৰ প্ৰাৰ্থী৷ পৰিয়ালৰ সৈতে তেওঁ বিদেশত থকা বাবে ভাৰ্ছুৱেল মাধ্যমেৰে তেওঁ ক্ৰিকেট পৰামৰ্শদাতা কমিটীৰ সদস্যৰ সৈতে মিলিত হৈছিল৷  উল্লেখ্য মুখ্য নিৰ্বাচক পদৰ বাবে উত্তৰ মণ্ডলৰ পৰা উল্লেখনীয় নাম নহাৰ বাবে আগৰকাৰে এই দায়িত্ব পোৱাটো নিশ্চিত হৈ পৰিছিল৷ সেইবাবেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰতিটো মণ্ডলৰ পৰা এজনকৈ  নিৰ্বাচক নিৰ্বাচন কৰাৰ পৰম্পৰা ভংগ কৰিবলগীয়া হ’ব৷ আগৰকাৰ মুখ্য নিৰ্বাচক হোৱাৰ পাছত নিৰ্বাচক কমিটীত পশ্চিম মণ্ডলৰ প্ৰতিনিধি হ’ল দুজন৷ পশ্চিম মণ্ডলৰ পৰা আনজন নিৰ্বাচক হৈছে সলীল আংকোলা৷