Logo
image

পাচলিৰ জুই-ছাই দাম

দুদিনমান আগতে অৱসৰপ্ৰাপ্ত ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এজনে পাচলি বজাৰলৈ গৈ দ্ৰব্য-সামগ্ৰীৰ উচ্ছ দৰ দেখি-শুনি ‘জুইৰ ওপৰেৰে খোজকাঢ়ি অহা যেন লাগিল’ বুলি দিয়া মন্তব্যৰে সৈতে ভিডিঅ’ এটা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷ এই মন্তব্যই শাক-পাচলিৰ বৰ্ধিত দৰে জনসাধাৰণক কিদৰে জুৰুলা কৰিছে তাক ভালদৰে বুজাই দিছে৷ কম আয়-উপাৰ্জনৰ মানুহৰ বাবে পাচলি এতিয়া বিলাসিতাহে হৈছে৷ নেৰানেপেৰা বৰষুণ আৰু বানৰ বাবেই শাক-পাচলিৰ দৰ এনেদৰে ঊধবৰ্মুখী হোৱা বুলি সকলোৱে কোৱা-কুই কৰিছে৷ কথাষাৰ মিছা নহয় যদিও সম্পূৰ্ণ সত্যও নহয়৷ মন কৰিবলগীয়া যে বান বা বৰষুণৰ ফলত বজাৰত পাচলি কমি যোৱা নাই, পাচলিৰ অভাৱত এখনো পাচলি বজাৰ বন্ধ হৈও যোৱা নাই৷ তেনেহ’লে হঠাৎ চল্লিছ টকা কেজিৰ দৰত বিক্ৰী হৈ থকা পাচলিবোৰৰ দৰ এশ টকাৰো অধিক হ’ল কিদৰে? এয়াই হৈছে বজাৰ ‘স্পেকুলেচন’৷ ধৰি লোৱা হৈছে যে বৰষুণ আৰু বানৰ বাবে পাচলিৰ দৰ বাঢ়িব আৰু সেইমতে কৌশলগতভাৱে দৰ বঢ়াই দিয়া হৈছে আৰু হায়ৈ-বিয়ৈকৈ হ’লেও সকলোৱে বৰ্ধিত দৰতে পাচলি কিনি খাইছে৷ কৃষিপ্ৰধান অৰ্থনীতিৰ ৰাজ্য বুলি ক’লেও অসম শাক-পাচলি, ফল-মূলৰ ক্ষেত্ৰত স্বাৱলম্বী নহয়৷ আলু-পিঁয়াজকে ধৰি বিভিন্ন ফল-মূল ৰাজ্যৰ বাহিৰৰ পৰা বহুদূৰ বাটকুৰি বাই আহে৷ ফাঁচী বজাৰৰ পাইকাৰি বজাৰ বহিঃৰাজ্যৰ পৰা অহা ফল-মূলেৰে ভৰি থাকে; আনকি, বিদেশী ফলৰো অভাৱ নাই৷ আনহাতে, বতৰৰ ফল  বুলিও আমাৰ থলুৱা লেতেকু, পনিয়াল, বাঙি, তিয়ঁহ পাবলৈ নাই৷ পাচলিৰ ক্ষেত্ৰতো একেই কথা৷ মেঘালয়ৰ ফুল-বন্ধা কবি, গাজৰ-বিলাহী নহ’লে খাৰুপেটীয়া, বৰপেটাৰোডৰ অত্যধিক সাৰ-কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা পাচলি৷ এই বিশাল ৰাজ্যখনৰ গাঁওবোৰত খেতি-বাতি নহয় নেকি? বান, বৰষুণ নথকা সময়তো চল্লিছৰ তলত একো পাচলিয়েই কিয় পোৱা নাযায়! ৰাজ্যখনৰ মাটি, জলবায়ু, বতৰ আদি যদি গোটেই বছৰটোতে কৃষি-প্ৰতিকূল হ’লহেঁতেন, তেন্তে কথাটো বেলেগ হ’লহেঁতেন৷ এই সকলো অনুকূল হোৱাৰ পাছতো, ৰাজ্যখনত এটা বৃহৎ কৃষি বিভাগ থকাৰ পাছতো, জনসাধাৰণে বজাৰত কিয় পুষ্টিকৰ বস্তু উচিত দামত কিনিবলৈ নাপায়? ৰাজ্যখন যদি উদ্যোগ-ব্যৱসায়ত অগ্ৰণী হ’লহেঁতেন, তেতিয়াও আন এক কথা৷ উদ্যোগ নাই, কৃষিৰ এই দুৰ্গতি, তেনেহ’লে কিহৰ জোৰত অসমে নিজকে বিকশিত ৰাজ্য বুলি দাবী কৰিব? আজি যিদৰে বাট-পথৰ নিৰ্মাণ-সম্প্ৰসাৰণ হৈছে, দলং, ফ্লাই-অভাৰ নিৰ্মিত হৈছে, শ্বপিংমল-ছুপাৰ মাৰ্কেট, বিলাসী গাড়ীৰ শ্ব-ৰূম-ৰেস্তোৰাঁ-ফাইভষ্টাৰ হোটেল হৈছে, তেনেদৰে কৃষিলৈও নতুনত্ব আহিব নালাগিছিলনে? অসমৰ থলুৱা ফল-মূল, পাচলিৰ এখন নিজা বৃহৎ বজাৰ থাকিব নালাগিছিলনে? দহ-পোন্ধৰ দিনৰ বৰষুণত যে পাচলিৰ দৰ আকাশলংঘী হয়, সেইটো নহ’বৰ বাবে উপযুক্তসংখ্যক শীতল মজুত ভাণ্ডাৰ আমাৰ আজিলৈ কিয় নহ’ল! বিশ্বৰ বজাৰত নতুন গাড়ী ওলালে, নতুন ডিজাইনৰ কাপোৰ-কানি, ইলেক্ট্ৰনিক-সামগ্ৰী ওলালেই অসমৰো বজাৰলৈ আহে৷ কিন্তু, দেশে দেশে যে নতুন পদ্ধতিত হাইড্ৰ’প’নিক, প্ৰিচিছন ফাৰ্মিং আদি হৈছে, সেই নমুনাবোৰ আমাৰ ইয়ালৈ নাহে৷ গ্ৰীন-হাউছ ফাৰ্মিং, অৰ্গেনিক ফাৰ্মিং আদি বাৰু বাদেই দিলোঁ, ৰাজ্যখনৰ থলুৱা জলফাই, আমলখি, কৰ্দৈ, শিলিখা, অমৰা-ডালিম– এইবোৰো যে বজাৰত পৰ্যাপ্ত নহয়, তাৰ কাৰণো বান, বৰষুণ নেকি! নিৰ্দিষ্ট এটা ইছ্যু লৈ কিছুদিনৰ বাবে হুলস্থূল কৰাটো আমাৰ এটা বদ-অভ্যাস৷ বৰ্তমানৰ ইছ্যুটো হৈছে পাচলিৰ দৰ৷ কেইদিনমান আন এটা ইছ্যু নোলোৱালৈ এইটো চলি থাকিব৷ তাৰ পাছত সকলো গালো, বালো, খোলাকটিৰ তাল৷ গতিকে, বিষয়াজনে কোৱাৰ দৰে জুইৰ ওপৰেৰে খোজকঢ়াৰ অভ্যাস কৰাই ভাল৷ ৰাজ্যখনৰ কৃষিত এক নিৰাশাজনক স্থিতাৱস্থাৰ মাজতো ব্যক্তিগতভাৱে দুই-একে যি নতুন উদ্যম লোৱাৰ সাহস দেখুৱাইছে, তেওঁলোকৰ কামৰ প্ৰশংসা, প্ৰচাৰ বা উৎসাহ-উদ্‌গনি দিয়া লোকৰো অভাৱ৷ চৰকাৰী কতৃৰ্পক্ষতো চকুমুদা কুলিয়েই; খেতিপথাৰত কোনোবাই হাল-ট্ৰেক্টৰ চলায় নে কংক্ৰিটৰ ঘৰেই বনায়, চৰকাৰৰ কি আহে যায়!