Logo
image

নিৰ্মম ট্ৰ’লৰ সন্মুখীন অভিনেত্ৰী কাজল

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ জুলাইঃ ৰাজ কাপুৰ ছিক্স ফেইল৷ অথচ তেওঁৰ পৰা কি পোৱা নাই ভাৰতীয় চিনেমাপ্ৰেমীয়ে? মেৰিলীন মনৰো হাইস্কুল ‘ড্ৰপ আউট’৷ চাৰ্লি চেপলিনে ১৩ বছৰ বয়সতে পঢ়া এৰিছিল৷ কিন্তু বিশ্বৰ ছবি জগতত তেওঁলোকৰ অবদান চিৰযুগমীয়া৷ হেমামালিনী ‘ক্লাছ ইলেভেন ড্ৰপ আটউ’, শ্ৰীদেৱীৰ আনুষ্ঠানিক শিক্ষা নাছিলেই৷ কিন্তু ৰূপ আৰু অভিনয়েৰে হেমামালিনী  দেশৰ জনতাৰ ‘ড্ৰিমগাৰ্ল’ আৰু শ্ৰীদেৱী ‘ৰূপ কি ৰাণী’৷ দেশ আৰু বিশ্বৰ ছবিজগতৰ এই পাঁচ কিম্বদন্তীৰ উদাহৰণে এটা কথাই প্ৰতিপন্ন কৰে–নিজস্ব ক্ষেত্ৰত তেওঁলোক শ্ৰেষ্ঠ আৰু অপ্ৰতিদ্বন্দ্বী৷ যদিহে তেওঁলোকে সামজিক বা ৰাজনৈতিক কিম্বা শৈক্ষিক বিষয়ত মাত মাতিলেহেঁতেন তেন্তে তাৰ প্ৰতিক্ৰিয়া কেনে হ’লহেঁতেন? এই প্ৰশ্ন এইবাবেই উঠিছে, কিয়নো সম্প্ৰতি বলীউডৰ অভিনেত্ৰী কাজলে দেশৰ ৰাজনৈতিক নেতাৰ শিক্ষাগত অৰ্হতা নথকা বুলি মন্তব্য কৰাৰ লগে লগে তেওঁ ছ’চিয়েল মিডিয়াত নিৰ্মম ট্ৰ’লৰ সন্মুখীন হৈছে৷ গৰিষ্ঠ সংখ্যকে দাবী কৰিছে, ‘স্কুল ড্ৰপ আউট’ বা অষ্টম শ্ৰেণী অনুত্তীৰ্ণ কাজলৰ মুখত শিক্ষাৰ কথা শোভা নাপায়৷ ট্ৰ’ল কৰোতাই অৱশ্যে তেওঁৰ অভিনয় কলা আৰু বহু হিট ছবিৰ অভিনেত্ৰী হিচাপে কাজলৰ প্ৰতিভা আৰু অৱদান নিলগাই ৰাখিছে৷ কাজলক ট্ৰ’ল কৰি কৈছে–‘তুমি স্কুল ড্ৰপ আউট৷ তোমাৰ স্বামী অজয় দেবগনো স্কুল ড্ৰপ আউট৷ স্বামীয়ে গুটখা বিক্ৰী কৰে৷ সেয়ে এইবোৰ কোৱাৰ পৰা বিৰত থাকা৷’ আন এজনে কৈছে–‘মুখেৰে ফৰফৰাই ইংৰাজী ক’লেই স্কুল ড্ৰপ আউট শিক্ষিত হৈ নাযায়৷ ইংৰাজী কোৱাটো শিক্ষা আৰু জ্ঞানৰ মাপকাঠি নহয়৷’ এনে ধৰণে নিৰ্মম ট্ৰ’লেৰে বৃহৎ সংখ্যক নেটিজেনে কাজলক বিগত কেইদিন মুৰ্হূমুৰ্হূ আক্ৰমণ কৰি আছে৷

প্ৰকৃততে কি কৈছিল কাজলে? অ টি টি প্লেটফৰ্মত নিজৰ মুক্তিৰ অপেক্ষাত থকা ছিৰিজ ‘দ্য ট্ৰায়েল’ৰ প্ৰচাৰৰ সময়ত ‘দ্য কুইণ্ট’ নামৰ সংবাদ পত্ৰ এখনে কাজলৰ সাক্ষাতকাৰ লৈছিল৷ তেওঁলোকৰ এটা প্ৰশ্নৰ উত্তৰত কাজলে কৈছিল–‘আমাৰ দেশৰ পৰিৱৰ্তন খুব লাহে লাহে হৈছে৷ কাৰণটো আমাৰ ঐতিহ্যৰ গণ্ডীতে নিহিত আছে৷ আমি আমাৰ চিন্তাৰ ভিতৰত আৱদ্ধ হৈ পৰিছো৷ যি শিক্ষাৰ সৈতে সম্পৰ্কিত৷ এইটো কোৱাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী যে, আমি এনে কিছুমান নেতাৰ শাসনৰ তলত আছো, যাৰ প্ৰাথমিক শিক্ষা নাই৷ ভাল বেয়া দৃষ্টিভংগীৰো অভাব আছে৷ শিক্ষাই আপোনাক এটা ভিন্ন দৃষ্টিভংগীৰ সন্ধান কৰাৰ সুযোগ দিয়ে৷’ ইয়াৰ লগে লগে দেশৰ নেটিজেন কাজলৰ ওপৰত জপিয়াই পৰিলেও অনেকেই অৱশ্যে কাজলক সমৰ্থন জনাইছে৷ তেওঁলোকে কৈছে–‘কাজলে যাৰ উদ্দেশ্যে এই মন্তব্য কৰিছে, সেয়া সত্য৷ অশিক্ষিত অনেক নেতাই আমাক শাসন কৰি আছে৷’ এজনে কৈছে–‘একেই স্কুল ড্ৰপ আউট অক্ষয় কুমাৰে দেখোন প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাতকাৰ লৈছিল৷’ এজনে প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ উত্থাপিত প্ৰশ্ন দোহাৰিছে আৰু কেন্দ্ৰীয় মন্ত্ৰী বহুজনৰ শিক্ষাগত অৰ্হতাৰ তালিকা দি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ প্ৰধানমন্ত্ৰী সন্দৰ্ভত কৰা বক্তব্য উত্থাপন কৰিছে৷ কাজলৰ সমৰ্থকৰ মতে, শিক্ষা নথকাকৈয়ো কাজলে বহুকেইখন ছবিত স্মৰণীয় অভিনয় কৰিছে৷ কিয়নো অভিনয়ৰ বাবে প্ৰতিভাৰহে প্ৰয়োজন৷ তেওঁৰ ৰূপো আছে, অভিনয় প্ৰতিভাও আছে৷ কিন্তু দেশ চলাবলৈ শিক্ষিত হোৱা অপৰিহাৰ্য, যিটো আমাৰ দেশৰ বহু ৰাজনৈতিক নেতা-নেত্ৰীৰ নাই৷

তীব্ৰ সমালোচনাৰ অন্তত কাজলে আন এটা টুইটেৰে নিজৰ স্থিতি স্পষ্ট কৰি দিছে৷ পিছে তেওঁ ক্ষমা বিছৰা নাই৷ দ্বিতীয় টুইটত কাজলে কয়–‘মই শিক্ষাক লৈ মোৰ অৱস্থা স্পষ্ট কৰিছো মাত্ৰ, সেয়া প্ৰয়োজনীয়৷ মোৰ উদ্দেশ্য কোনো ৰাজনৈতিক ব্যক্তিত্বক তুচ্ছ কৰা নহয়৷ আমাৰ অনেক নেতা আছে, যি সঠিক পথেৰে এই দেশক আগুৱাই নিছে৷’