Logo
image

উপাচাৰ্যৰ বিৰুদ্ধেই যেতিয়া দুৰ্নীতিৰ অভিযোগ উঠে

ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ এখন অগ্ৰণী বিশ্ববিদ্যালয়৷ যি সময়ত দেশত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰূপায়ণৰ যোগেদি উচ্ছ শিক্ষা জগতত আমূল পৰিৱৰ্তন আনিব খোজা হৈছে, সেই সময়ত ৰাজ্যৰ আগশাৰীৰ এই পুৰণি বিশ্ববিদ্যালয়খনৰ শিক্ষকসমাজে ইয়াৰ উপাচাৰ্যজনৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে৷ তাতোকৈ পৰিতাপৰ বিষয় হ’ল  বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে বিশ্ববিদ্যালয়ৰ শৈক্ষিক মুৰব্বীজনৰ বিৰুদ্ধে ইতিমধ্যে আন্দোলনত নামিছে৷

বিশ্ববিদ্যালয়ৰ আচাৰ্যই তৎপৰতাৰে ব্যৱস্থা নোলোৱা কাৰণে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অধিক অৱনমিত হ’ব বুলি অনুমান কৰা হৈছে৷ সকলো সংবাদ-পত্ৰত উপাচাৰ্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে একো ব্যৱস্থা নোলোৱা কথাটোৱে উচ্ছ শিক্ষা জগতলৈয়ে অশুভ বাৰ্তা কঢ়িয়াইছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে সততে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ আহিছে৷ অথচ যোৱা কিছুদিন ধৰি ছাত্ৰ আৰু শিক্ষকসমাজে দাঙি ধৰা তথ্য-পাতিৰ আধাৰত ৰাজ্যৰ সংবাদ-পত্ৰসমূহে বাতৰি পৰিৱেশন কৰি থকাৰ পাছতো ৰাজ্যৰ মুখ্যমন্ত্ৰীজন এইক্ষেত্ৰত নীৰৱ হৈ আছে৷ এনে পৰিস্থিতিত ৰাইজৰ সন্দেহ হৈছে– চৰকাৰখনে কোনো কাৰণত উপাচাৰ্যজনক ৰক্ষণাবেক্ষণ দিব খুজিছে৷ আনফালে, কম দিনৰ ভিতৰত নতুনকৈ কেইবাখনো আদৰ্শ মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয় পাতি একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিবলৈ ওলোৱা শিক্ষামন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এনে কাণ্ডত একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ অসমক দেশৰ আগশাৰীৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰি গঢ়ি তুলিব খোজা বিত্তমন্ত্ৰীজনে ৰাজ্যৰ এজন উপাচাৰ্যই সাধাৰণ পৰ্দা কিনাৰ পৰা চকী ভাড়ালৈ অনা কামতো দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উঠাৰ পাছতো নীৰৱে আছে৷ এনে কথাই চৰকাৰখনৰ কথা আৰু কামৰ মাজত পাৰ্থক্য আছে বুলি প্ৰমাণ কৰিছে৷

শিক্ষাজগতক দুৰ্নীতিমুক্ত কৰিব নোৱাৰিলে আন ক্ষেত্ৰক দুৰ্নীতিমুক্ত কৰিব পৰা নাযায়৷ কংগ্ৰেছৰ দিনৰ দুৰ্নীতিৰ বিৰুদ্ধে অনবৰতে সৰৱ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে শিক্ষাজগতত সংঘটিত দুৰ্নীতিৰ ক্ষেত্ৰত নমনীয় ভূমিকা লৈ অহা দেখা গৈছে৷ অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰতা প্ৰদৰ্শন কৰা মুখ্যমন্ত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘আইডল’ত সংঘটিত ভয়ংকৰ দুৰ্নীতিৰ ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱে থকা দেখা গ’ল৷ বৰঞ্চ ‘কেগ’ৰ ৰিপ’ৰ্টত উন্মোচিত গুৱাহাটী বিশ্ববিদ্যালয় আইডল-কাণ্ডৰ নায়ক হিচাপে চিনাক্ত হোৱা ড॰ কন্দৰ্প দাসক তদন্ত চলি থকা অৱস্থাতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পাতি পুৰস্কৃতহে কৰা হৈছে৷ সৰু কথাতো চিঞৰ-বাখৰ কৰা শিক্ষামন্ত্ৰীজনে ইমান ডাঙৰ কাণ্ডতো মনে মনে থাকি নিজৰ দুৰ্বলতা উদঙাই দিছে৷ বিদ্যালয়ৰ শিক্ষকক ৰাজহুৱাকৈ তিৰষ্কাৰ কৰা শিক্ষামন্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত অধ্যাপকক উপাচাৰ্য পাতি পুৰস্কৃত কৰাত সহায় কৰিছে৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ লক্ষ্য কৰিলে উচ্ছশিক্ষা জগতৰ ভিতৰখনত যে এখন কদৰ্য পৃথিৱী চলি আছে, সেয়া অনুমান কৰিব পাৰি৷ ছাত্ৰসমাজে অনা অভিযোগ যথেষ্ট চিন্তনীয়৷ ছাত্ৰসমাজে তদন্ত বিচাৰি আৰ্জি দিছে৷ শিক্ষকসমাজে কৈছে– বৰ্তমানৰ উপাচাৰ্যই শৈক্ষিক উৎকৰ্ষৰ কথা চিন্তা নকৰি কেৱল নিৰ্মাণকাৰ্যতে ব্যস্ত থাকে৷ এয়া গভীৰ উদ্বেগৰ বিষয়৷ নিৰ্দিষ্ট টিভি চেনেল দুটামানে উপাচাৰ্যৰ দুৰ্নীতিৰ ধাৰাবাহিক বিৱৰণী দি আছে৷ ইমানৰ পাছতো অধ্যাপকৰ পৰা ৰাজ্যপাল হোৱা জগদীশ মুখীয়ে আচাৰ্য হিচাপে নিমাতে আছে৷ তদন্ত কালতে আইডল-কাণ্ডৰ নায়কক উপাচাৰ্য পতা এইজন মহামান্য আচাৰ্যৰ পৰা অৱশ্যে বেছি আশা কৰাটো উচিত নহয়৷ আচাৰ্য, চৰকাৰ আৰু উপাচাৰ্যৰ গোপন বুজাবুজি  নাথাকিলে এনে গভীৰ বিষয় এটাত শিক্ষকসমাজ আন্দোলনৰ পথ ল’বলগীয়া নহ’লহেঁতেন!

আইডল-কাণ্ডৰ পৰিনামলৈ চাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো চৰকাৰে একে ভূমিকা ল’ব বুলি ধৰি লৈ ছাত্ৰ আৰু শিক্ষকসমাজে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ চৰকাৰৰ উদাসীনতাত যাতে আন্দোলনে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ক সমূলঞ্চে ধবংসৰ পথলৈ লৈ নাযায়, সেই কথাটো মন কৰিব লাগিব৷