Logo
image

কমনৱেল্‌থ ভাৰোত্তোলনত ৩ অসম সন্তানৰ স্বৰ্ণজয়

গ্ৰেটাৰ¸ নয়দা, ১২ জুলাইঃ কমনৱেল্‌থ ভাৰোত্তোলন চেম্পিয়নশ্বিপত বৃহস্পতিবাৰে অসমলৈ আহিল তিনিটাকৈ স্বৰ্ণপদক৷ মহিলাৰ (ছিনিয়ৰ) ৫৯ কিলোগ্ৰাম শাখাত শিৱসাগৰৰ পপী হাজৰিকাই মুঠ ১৮৯ কিলোগ্ৰাম উত্তোলন কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে আন দুটা স্বৰ্ণপদক লাভ কৰে ডিব্ৰুগড়ৰ বেদব্ৰত ভৰালী আৰু চৰাইদেউৰ সিদ্ধান্ত গগৈয়ে৷ উল্লেখ্য, ভাৰোত্তোলনৰ ক্ষেত্ৰখনত এয়া হৈছে অসমৰ শ্ৰেষ্ঠ প্ৰদৰ্শন৷ তাছখণ্ডত অনুষ্ঠিত ২০২১ চনৰ কমনৱেল্‌থ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰা ২৪ বছৰীয়া পপীয়ে এইবাৰৰ প্ৰতিযোগিতাত স্নেটচত ৮৪ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্কত ১০৫ কিলোগ্ৰাম উত্তোলন কৰিছিল৷ আনহাতে, যুৱ শাখাৰ (ল’ৰা) ৬৭  কিলোগ্ৰাম শাখাত বেদব্ৰত ভৰালীয়ে স্নেটচত ১২১ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্কত ১৪৮ কিলোগ্ৰাম উত্তোলন কৰে৷ জুনিয়ৰ ল’ৰাৰ ৬১ কিলোগ্ৰাম শাখাত সিদ্ধান্ত গগৈয়ে স্নেটচত ১১২ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্কত ১৪৮ কিলোগ্ৰাম ওজন উত্তোলনেৰে স্বৰ্ণপদক লাভ কৰে৷
উল্লেখ্য, উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত অনুষ্ঠিত টুৰ্নামেণ্টখনৰ বুধবাৰৰ প্ৰথম দিনটোত ভাৰতে তিনিটা স্বৰ্ণপদকৰ লগতে দুটা ৰূপৰ পদক লাভ কৰে৷  ১৬ জুলাইত সামৰণি পৰিবলগীয়া টুৰ্নামেণ্টখনত ভাগ লৈছে ২০খন দেশৰ ২৫০ গৰাকী ভাৰোত্তোলকে৷