Logo
image

১৭ মাহে দৰমহা পোৱা নাই চন্দ্ৰযানৰ বিজ্ঞানীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ জুলাইঃ শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা  চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপন হোৱাৰ পাছত এতিয়া সফল অৱতৰণৰ বাবে চিন্তা কৰিছে ইছৰ’ৰ বিজ্ঞানীসকলে৷ শুকুৰবাৰে নিখুঁতভাৱে শ্ৰীহৰিকোটাৰ পৰা ইছৰ’ৰ বিজ্ঞানীয়ে বৃহস্পতিবাৰে চন্দ্ৰ অভিমুখে ভাৰতৰ তৃতীয়খন যান প্ৰেৰণ কৰে৷ ইপিনে, চন্দ্ৰ অভিযানৰ সৈতে জড়িত হৈ থকা ৩০০০ বিজ্ঞানী আৰু কৰ্মচাৰীয়ে  ১৭ মাহ ধৰি দৰমহা নোপোৱাকৈ থকাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চন্দ্ৰযান-৩ৰ অভিযানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত তিনি হাজাৰ   অভিযন্তা আৰু কৰ্মচাৰীয়ে ১৭ মাহ ধৰি দৰমহা নোপোাৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে এই তিনি হাজাৰ অভিযন্তা আৰু কৰ্মচাৰী ইছৰ’ৰ চাকৰিয়াল নহয়৷ কিন্তু তেওঁলোক ইছৰ’ৰ চন্দ্ৰ অভিযানৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আৰু প্ৰত্যেকেই কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ স্থায়ী কৰ্মচাৰী৷ এই বিজ্ঞানী আৰু কৰ্মচাৰীসকলে চন্দ্ৰযান-৩ ৰ ‘লন্সিং পেড’ৰ পৰা আৰম্ভ কৰি বিভিন্ন জটিল যন্ত্ৰাংশ তৈয়াৰ কৰিছে৷ তেওঁলোক হৈছে ৰাঁচীৰ ‘হেভী ইঞ্জিনিয়াৰিং কৰ্প’ৰেচন’ৰ [এইচ ই চি] অভিযন্তা, শীৰ্ষ বিষয়া আৰু সাধাৰণ কৰ্মী৷ মোদী চৰকাৰৰ গুৰু উদ্যোগ মন্ত্ৰণালয়ৰ অধীনষ্ঠ হৈছে এইচ ই চি নামৰ বিভাগটো৷ এই বিভাগতে চন্দ্ৰযান-৩ ৰ ‘লন্সিং পেড’ আৰু অন্যান্য জটিল যন্ত্ৰাংশ বিগত ৩ বছৰ ধৰি নিৰ্মাণ কৰিছিল ৩ হাজাৰ বিজ্ঞানী আৰু কৰ্মীয়ে৷ ১৭ মাহ ধৰি তেওঁলোকে দৰমহা নাপালেও সঠিক সময়ত এই যন্ত্ৰাংশ নিৰ্মাণ কৰি তেওঁলোকে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান কেন্দ্ৰলৈ প্ৰেৰণ কৰি আছিল৷ দৰমহা নোপোৱা স্বত্বেও তেওঁলোকে এই কামত কোনো গাফিলতি কৰা নাছিল৷ এইচ ই চি নামৰ গুৰু উদ্যোগ মন্ত্ৰণালয়ৰ এই প্ৰতিষ্ঠানটোৰ আৰ্থিক অৱস্থা বিগত তিনি বছৰ ধৰি তেনেই শোচনীয়৷ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰতি মোদী চৰকাৰৰ যি অমনোযোগিতা, তাৰে বলি হৈছে এই ই চি৷ মোদী চৰকাৰে এইচ ই চিক ক্ৰমাৎ মৃত্যুৰ দিশে আগবাঢ়ি যাবলৈ এৰি দিছে৷ শেহতীয়াকৈ একেৰাহে ১৭ মাহ ধৰি মোদী চৰকাৰে এই ই চিক কোনো আৰ্থিক সাহায্য আৰু আনকি দৰমহাও দিয়া নাই৷ বিনা পাৰিশ্ৰমিকেৰেই তেওঁলোকে কাম কৰি আছে৷ চৰকাৰী প্ৰতিষ্ঠানটোৰ দুৰ্দশাৰ কথা সময়ে সময়ে প্ৰকাশ পালেও এইবাৰ চন্দ্ৰ অভিযানৰ সৈতে তেওঁলোক জড়িত থকাৰ বাবে ১৭ মাহ দৰমহা নোপোৱাৰ খবৰে শিৰোনাম অধিকাৰ কৰিছে৷ অৱশ্যে বিনা পাৰিশ্ৰমিকে কাম কৰিলেও প্ৰতিষ্ঠানটোৰ ৩০০০ অভিযন্তা, বিষয়া আৰু সাধাৰণ কৰ্মচাৰী চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সাফল্যত সুখী৷ কিয়নো তেওঁলোকে নিৰ্মাণ কৰা ‘লন্সিং পেড’ৰ পৰাই শুকুৰবাৰে চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণ হৈছে৷

পৰিস্থিতি সম্পূৰ্ণ অনুকূল হৈ থকাত ২৪ ঘণ্টা পূৰ্বে আৰম্ভ হোৱা কাউণ্টডাউন অনুসৰি ‘শূন্য’ গণনা কৰাৰ লগে লগে চন্দ্ৰযান-৩ক পেটত লৈ বিম্বাশবদে আৰু  অভাৱনীয় গতিৰে মহাকাশলৈ উৰা মাৰিলে ভাৰতৰ ‘জি এছ এল ভি মাৰ্ক-থ্ৰী’ বা ‘বাহুৱলী’ ৰকেট৷ কাউণ্টডাউনৰ শেষ সময় স্থিৰ কৰা হৈছিল বিয়লি ২ বাজি ৩৫ মিনিটত৷ সেই সময়ৰ ক্ষুদ্ৰাংশও হেৰফেৰ নকৰাকৈ মহাকাশলৈ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৰা মাৰিলে চন্দ্ৰযান-৩ক কঢ়িয়াই নিয়া বাহুৱলীয়ে৷ ইছৰ’ৰ বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰযান-৩ৰ উৎক্ষেপণ আশা কৰাৰ দৰে অতিশয় নিখুঁত৷ এই পৰ্যন্ত বাহুৱলী ৰকেটৰ অভিযানো নিখুঁত৷ পৃথিৱীৰ পৰা চন্দ্ৰৰ ৩,৮৪,৪০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ বাহুৱলী ৰকেটে প্ৰায় ৪০ দিন সময় ল’ব৷ ইছৰ’ৰ বিজ্ঞানীসকলে আশা কৰিছে, অহা ২৩ বা ২৪ আগষ্টত চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব৷ অৱশ্যে তাৰ কিছুদিন পূৰ্বেই চন্দ্ৰযান-৩য়ে পৃথিৱীৰ প্ৰভাৱৰ পৰা মুক্ত হৈ চন্দ্ৰৰ পৰিমণ্ডলত সোমাই চন্দ্ৰক প্ৰদক্ষিণ কৰি থাকিব৷ যদিহে অহা ২৩ বা ২৪ আগষ্টত চন্দ্ৰযান-৩ৰ অৱতৰণ সম্ভৱ হৈ নুঠে, তেন্তে এমাহ পিছত অহা ২৩ বা ২৪ ছেপ্টেম্বৰত চন্দ্ৰযান-৩ক অৱতৰণৰ বাবে চেষ্টা কৰোৱা হ’ব৷ চন্দ্ৰৰ পৰিমণ্ডলত প্ৰৱেশ কৰাৰ পাছত চন্দ্ৰযান-৩য়ে চাৰি বছৰ পূৰ্বে ইছৰ’ৱে প্ৰেৰণ কৰা চন্দ্ৰযান-২ৰ অৰ্বিটাৰৰ সৈতে চন্দ্ৰক প্ৰদক্ষিণ কৰিব৷ সেই অৰ্বিটাৰৰ পৰাই চন্দ্ৰযান-৩ৰ বুকুত সোমাই থকা লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব৷ সফল অৱতৰণ সম্পন্ন হ’লে লেণ্ডাৰৰ বুকুৰ পৰা ওলাই পৰিব ৰ’ভাৰ প্ৰজ্ঞান৷ এই ৰ’ভাৰেই  চন্দ্ৰপৃষ্ঠত ইছৰ’ৰ নিৰ্দেশ অনুসৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাব৷ প্ৰজ্ঞান নামৰ এই ৰ’ভাৰৰ চন্দ্ৰপৃষ্ঠত ইফালে সিফালে ঘূৰিব পৰাৰ ক্ষমতা থাকিব৷ ৰ’ভাৰে চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতি সংক্ৰান্তীয় তথ্য সংগ্ৰহ কৰিব৷ ইছৰ’ৱে জনোৱা অনুসৰি চন্দ্ৰপৃষ্ঠত সূৰ্যোদয়ৰ লগে লগে চন্দ্ৰযান-৩ৰ লেণ্ডাৰে অৱতৰণ কৰাৰ কথা৷ কিয়নো তেতিয়া পৰীক্ষা-নিৰীক্ষা চলোৱাৰ বাবে আমাৰ পৃথিৱীৰ সময় অনুসৰি ১৫টা সূৰ্য আলোকিত দিন পাব৷ উল্লেখ্য চন্দ্ৰৰ এটা দিনৰ দৈঘ্যৰ্ আমাৰ পৃথিৱীৰ বাবে ১৫ দিনৰ সমান৷ ইছৰ’ৱে জনোৱা অনুসৰি যিসময়ত চন্দ্ৰযান-৩ চন্দ্ৰৰ একেবাৰে কাষ চাপিব তেতিয়া পৃথিৱী, জি এছ এল ভি মাৰ্ক-থ্ৰী ৰকেট আৰু চন্দ্ৰৰ কক্ষপথ একেই পৃষ্ঠত [প্লেইন] থাকিব লাগিব, তেতিয়াহে চন্দ্ৰযান-৩য়ে অৱতৰণৰ বাবে পদক্ষেপ ল’ব পাৰিব৷ এই পৰিস্থিতিক বিজ্ঞানৰ ভাষাত কোৱা হয় ‘লুনাৰ ট্ৰান্সফাৰ অৰ্বিট’ বা  এল টি অ’৷ এইবাৰো চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ চাৰিবছৰ পূৰ্বে চন্দ্ৰযান-২ৰ অৱতৰণো দক্ষিণ মেৰুৰ কাষৰ ‘ছিমপেলিয়াছ এন’ আৰু ‘মেনজিনাছ চি’ নামৰ দুটা গহ্বৰৰ মাজত কৰাৰ চেষ্টা চলোৱা হৈছিল৷ কিন্তু চন্দ্ৰযান-২য়ে ‘ক্ৰেছ লেণ্ডিং’ কৰাত অৰ্থাৎ ঠেকেছা খাই পৰাত তাতে নিঃসাৰ আৰু একেলগে নিখোঁজো হৈ গৈছিল৷ পেটৰ ভিতৰত ৰ’ভাৰ প্ৰজ্ঞানক লৈ অদৃশ্য হৈ গৈছিল লেণ্ডাৰ বিক্ৰম৷ ইছৰ’ দূৰৰে কথা আনকি নাছাইও বহু অনুসন্ধান চলাই বিক্ৰম-প্ৰজ্ঞানক বিচাৰিব উলিয়াব নোৱাৰিলে৷ অৱশেষত নাছাই তেওঁলোকৰ এখন লুনাৰ অৰ্বিটাৰৰ পৰা ফটো তুলি বিশ্ববাসীৰ ওচৰত বিক্ৰমক সন্ধান উলিওৱাৰ বাবে সাহায্য বিচাৰিছিল৷ সেই ফটো দেখি চেন্নাইৰ এজন মেকানিকেল ইঞ্জিনীয়াৰে বিক্ৰমৰ ধবংসাৱশেষ চিহ্নিত কৰিছিল৷ নাছাই সেই দাবী মানি লৈছিল৷ ইছৰ’ৱে অদৃশ্য হৈ পৰা বিক্ৰমৰ সন্ধান উলিয়াব নোৱাৰাৰ ঘটনাটো অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছিল৷ এইবাৰ আপেক্ষিকভাৱে কোমল ভূমিত চন্দ্ৰযান-৩ক অৱতৰণৰ চেষ্টা কৰোৱা হ’ব বুলি ইছৰ’ই মন্তব্য কৰিছে৷ ভাৰতবাসীৰ আশা, এইবাৰ ইছৰ’ৱে চন্দ্ৰযান-৩ক সফলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাবলৈ সক্ষম হ’ব৷ যদিহে ইছৰ’ সফল হয়, তেন্তে ভাৰত হ’ব চন্দ্ৰপৃষ্ঠত কোনো যান অৱতৰণ কৰোৱা পৃথিৱীৰ চতুৰ্থখন দেশ৷ ইয়াৰ পূৰ্বে আমেৰিকা, ৰাছিয়া আৰু চীনে চন্দ্ৰপৃষ্ঠত যান অৱতৰণ কৰাবলৈ সক্ষম হৈছে আৰু কেৱল আমেৰিকাই চন্দ্ৰলৈ মানৱ পঠিয়াবলৈ সক্ষম হৈছে৷