Logo
image

যশস্বীৰ যশস্যা

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্টৰ শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে ক্ৰিকেটপ্ৰেমীৰ মনত স্বাভাৱিকতে এটা প্ৰশ্নৰ উদয় হৈছিল– ৰোহিত শৰ্মাৰ সৈতে ভাৰতীয় বেটিং মুকলি কৰাৰ দায়িত্ব কাক দিয়া হ’ব, শুভমন গীলক নে নৱাগত যশস্বী জয়ছোৱালক? গীল সাধাৰণতে মিডল অৰ্ডাৰ বেটাৰ৷ আনহাতে, মুম্বাইৰ প্ৰতিভাসম্পন্ন বেটাৰ যশস্বী জয়ছোৱালৰ ঘৰুৱা ক্ৰিকেটত মুম্বাই, পশ্চিম মণ্ডল আৰু ভাৰতীয় ‘এ’ একাদশৰ হৈ ইনিংছ মুকলি কৰাৰ অভিজ্ঞতা আছে৷ ডমিনিকাত প্ৰথমখন টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে টীম ইণ্ডিয়াই খেলা প্ৰস্তুতি খেলখনত জয়ছোৱালে বেটিং মুকলি কৰিছিল৷ তালৈ চাই টেষ্ট শৃংখলাটোতো তেওঁক সেই দায়িত্ব দিয়া হ’ব পাৰে বুুলি ধাৰণা কৰা হৈছিল৷ ধাৰণা কৰামতেই টীম মেনেজমেণ্টে টেষ্ট শৃংখলাত বেটিং মুকলি কৰাৰ দায়িত্ব দিয়ে ২১ বছৰীয়া বাঁওহতীয়া বেটাৰজনক৷ আৰু টীম মেনেজমেণ্টৰ এই আস্থাৰ সম্পূৰ্ণ মান ৰাখি ডনিমিকাত এটাৰ পাছত  আনটো অভিলেখ গঢ়িলে যশস্বীয়ে৷ অভিষেক টেষ্টতে ১৭১ ৰানৰ ইনিংছ খেলাৰ লগতে জ্যেষ্ঠ সতীৰ্থ ৰোহিত শৰ্মাৰ সৈতে তেওঁ প্ৰথম উইকেটত যোগ দিলে ২২৯ ৰান, সেয়াও আছিল এক অভিলেখ৷ যশস্বী আৰু ৰোহিত শৰ্মাৰ এই প্ৰদৰ্শনৰ লগতে বলাৰৰ উজ্জ্বীৱিত প্ৰদৰ্শনৰ বলত প্ৰথম টেষ্টৰ তৃতীয় দিনতে ভাৰত জয়ী হয় এক ইনিংছ আৰু ১৪১ ৰানত৷ ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৫০ ৰানত প্ৰথম ইনিংছ সামৰাৰ পাছত প্ৰথম দিনৰ অন্তত জয়ছোৱাল অপৰাজিত আছিল ৪০ ৰানত৷ সম্পূৰ্ণ দ্বিতীয় দিনটো বেটিং কৰাৰ পাছত তৃতীয় দিনাও তেওঁ নামিছিল ক্ৰীজত৷ ৫০১ মিনিট ক্ৰীজত থাকি ৩৮৭টা বলত এটা ছিক্সাৰ, ১৬টা বাউণ্ডেৰীৰে জয়ছোৱালে সংগ্ৰহ কৰিলে ১৭১ ৰান৷

বৰ্তমান ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান পাবলৈ বহুকেইজন প্ৰতিভাৱান ক্ৰিকেটাৰে অপেক্ষা কৰি আছে৷ তেওঁলোকৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি টীম ইণ্ডিয়াৰ জাৰ্ছী পোৱাটো সহজ নহয়৷ বহুতে সুযোগ পোৱাৰ পাছতো তাৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰে৷ টেষ্ট ক্ৰিকেটত এই কাম আৰু কঠিন৷ কিন্তু ঘৰুৱা ক্ৰিকেট  আৰু আই পি এলত উজ্জ্বীৱিত প্ৰদৰ্শনৰ ধাৰাৱাহিকতা বজাই ৰাষ্ট্ৰীয় দলত স্থান পোৱাৰ পথ প্ৰশস্ত কৰে যশস্বীয়ে৷ ৱেষ্ট ইণ্ডিজত স্মৰণীয় অভিষেকৰ পাছত যুৱ ক্ৰিকেটাৰজনৰ আৱেগভৰা সাক্ষাৎকাৰে অন্তৰ ছুই গৈছে নেটিজেনৰ৷ যশস্বীয়ে কয়–‘মই  আহিছো এটা দৰিদ্ৰ পৰিয়ালৰ পৰা৷ এটা সময়ত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল৷ কঠিন সময়ত মোৰ কাষত থকা বাবে সকলোলৈকে ধন্যবাদ৷ অভিষেক টেষ্টৰ শতকটো উৎসৰ্গা কৰিছো মা-দেউতালৈ৷’ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে পোষ্ট কৰা ভিডিঅ’ত যশস্বীয়ে কয়–‘মোৰ লগতে পৰিয়ালৰ বাবে এয়া এক আৱেগপ্ৰবণ ক্ষণ৷ মোৰ এই সাফল্যত মা-দেউতাৰ অৱদানৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম৷ সেইবাবে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক তেওঁলোকৰ নামত উৎসৰ্গা কৰিছো৷ ঈশ্বৰকো ধন্যবাদ জনাইছো৷ আৰু অধিক ক’ব নোৱাৰিম৷ মই ভীষণ আনন্দিত৷ এয়া মাত্ৰ আৰম্ভণিহে৷ কৰিবলগীয়া আৰু বহুতো আছে৷’