Logo
image

মেছিক চেৰ পেলাই গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত ৰ’নাল্ডো

২০১৭ চনৰ পাছত প্ৰথমবাৰৰ বাবে ফ’ৰ্বছৰ সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাত স্থান পাইছে পৰ্তুগীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে৷ চলিত বৰ্ষৰ ১ মে’ পৰ্যন্ত হিচাপ অনুসৰি বছৰটোত ৰ’নাল্ডোৰ উপাৰ্জন আছিল ১৩ কোটি ৬০ লাখ ডলাৰ৷ উপাৰ্জনৰ এই অংকৰ বাবে ৰ’নাল্ডোৱে এইবাৰ গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছতো স্থান পাইছে৷ গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছৰ ফালৰ পৰাও ২০২৩ বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাত ৰ’নাল্ডো শীৰ্ষত থকাৰ বিষয়টো নিশ্চিত কৰিছে৷  উল্লেখ্য, মে’ মাহত বিশ্বৰ সবাতোকৈ অধিক উপাৰ্জন কৰা খেলুৱৈৰ নাম প্ৰকাশ কৰিছিল ফ’ৰ্বছে৷ সেই তালিকাত সকলোৰে ওপৰত আছিল ৰ’নাল্ডো৷ এবছৰত ফুটবলৰ যোগেদি ৰ’নাল্ডোৰ উপাৰ্জন আছিল ৪ কোটি ৬০ লাখ ডলাৰ৷ আনহাতে, খেলপথাৰৰ বাহিৰত আল নাছেৰৰ তাৰকা খেলুৱৈজনৰ উপাৰ্জন দেখুওৱা হৈছিল ৯ কোটি ডলাৰ৷ সকলো মিলাই প্ৰায় ছবছৰ পাছত সবাতোকৈ অধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাত ৰ’নাল্ডোক শীৰ্ষস্থান দিয়া হৈছে৷ তৃতীয়বাৰৰ বাবে সবাতোকৈ অধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে ৰ’নাল্ডো, যাৰ বাবে ফুটবলাৰজনে পাইছে আন এটা গীণিজ ৱল্ডৰ্ ৰেকৰ্ডছৰ স্বীকৃতি৷ নতুন এই ৰেকৰ্ড নিজৰ নামত কৰাৰ পথত ৰ’নাল্ডোৱে পিছ পেলাইছে আৰ্জেণ্টাইন ফুটবল ছুপাৰষ্টাৰ লিঅ’নেল মেছিক৷

২০২২ বৰ্ষত সৰ্বাধিক ধন উপাৰ্জন কৰা  খেলুৱৈৰ তালিকাৰ শীৰ্ষস্থান অধিকাৰ কৰা মেছিৰ মুঠ উপাৰ্জন আছিল ১৩ কোটি ডলাৰ, যাৰ বাবে সেই সময়ত গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত স্থান পাইছিল মেছিয়ে৷ কিন্তু সেই স্বীকৃতি এবছৰতকৈ অধিক সময় নিজৰ দখলত ৰাখিব নোৱাৰিলে বিশ্বকাপজয়ী তাৰকা ফুটবলাৰজনে৷ আনকি মেছিৰ বিশ্বকাপ জয়ৰ ঘটনাও উপাৰ্জনৰ ফালৰ পৰা ৰ’নাল্ডোক চেৰ পেলোৱাৰ ক্ষেত্ৰত যথেষ্ট নাছিল৷ ৰ’নাল্ডোক সবাতোকৈ অধিক উপাৰ্জন কৰা খেলুৱৈত পৰিণত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছিল তেওঁৰ মানচেষ্টাৰ ইউনাইটেড এৰাৰ সিদ্ধান্তৰ৷ চলিত বৰ্ষৰ জানুৱাৰীত প্ৰায় দুগুণ পাৰিশ্ৰমিকত ছৌদি আৰৱৰ ক্লাব আল নাছেৰত চুক্তিবদ্ধ হয় ৰ’নাল্ডো৷ তাৰ উপৰি  নাইকিৰ সৈতে চুক্তি  আৰু নিজস্ব ব্ৰেণ্ড চি আৰ-৭ৰ যোগেদিও বৃহৎ অংকৰ ধন উপাৰ্জন কৰিছিল পৰ্তুগীজ তাৰকাজনে৷ ফুটবল খেলি যে ৰ’নাল্ডোৱে ৪ কোটি ৬০ লাখ ডলাৰ উপাৰ্জন কৰে, সেই ধন আহে মূলতঃ ক্লাবৰ পৰা পোৱা পাকিশ্ৰমিক, প্ৰাইজমানী আৰু বোনাছৰ পৰা৷ আনহাতে, খেলপথাৰৰ বাহিৰৰ উপাৰ্জনৰ উৎস হৈছে স্পনছ’ৰশ্বিপ চুক্তি, শুভেচ্ছা দূত হিচাপে  নিযুক্ত হোৱা আদি৷ ৰ’নাল্ডোৰ বাহিৰে সৰ্বাধিক উপাৰ্জন কৰা দহজন খেলুৱৈৰ মাজত স্থান পোৱা আন দুজন ফুটবলাৰ হৈছে লিঅ’নেল মেছি আৰু কিলয়ান এমবাপে৷ তালিকাত তেওঁলোকৰ স্থান হৈছে ক্ৰমে দ্বিতীয় আৰু তৃতীয়৷ এবছৰত মেছিৰ উপাৰ্জন হৈছে ১৩ কোটি ডলাৰ৷ তাৰ বিপৰীতে এমবাপেৰ উপাৰ্জন হৈছে ১২ কোটি ডলাৰ৷ এবছৰ পূৰ্বে তালিকাৰ দ্বিতীয় স্থানত থকা বাস্কেটবল তাৰকা লেবৰন জেমছ এইবাৰ আছে চতুৰ্থ স্থানত৷ তেওঁৰ মুঠ উপাৰ্জন হৈছে ১১ কোটি ৯০ লাখ টকা৷