জাতীয় জীৱনত সমুজ্জ্বল ভট্টাচাৰ্যৰ অভিভাৱকত্বৰ প্ৰয়োজন আছে
মুখ্যমন্ত্ৰী হোৱাৰ পাছতে সৰ্বানন্দ সোণোৱাল সলনি হৈছে৷ আছুত থকাৰ সময়ত সোণোৱালে কোৱা কথাবোৰৰ সম্পূৰ্ণ বিপৰীত কথা এতিয়া ক’বলৈ লৈছে৷ আছুক নেতৃত্ব দিয়াৰ সময়ত কৰা কামবোৰৰ বিপৰীত মেৰুত আজিকালি কাম কৰিবলৈ লৈছে৷ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে মুখ্যমন্ত্ৰী হোৱা সোণোৱালে এতিয়া গণতান্ত্ৰিক আন্দোলনকো সন্মান কৰিবলৈ পাহৰি গৈছে৷ দমন নীতিৰে মষিমূৰ কৰিব খুজিছে অহিংস গণতান্ত্ৰিক আন্দোলন৷ ক্ষমতাই মূৰত ধৰিছে সোণোৱালৰ৷ যিদিনা গাদীৰ পৰা উফৰি যাব, ক্ষমতা নাইকিয়া হ’ব, সেইদিনা সৰ্বানন্দ সোণোৱালে বুজি পাব যে তেওঁ কি ভুল কৰিলে৷ সেইদিনা তেওঁ নিশকতীয়া হ’ব, নিঃসংগ হ’ব৷ ক্ষমতাৰ খকত অতীত পাহৰিছে সোণোৱালে৷ এইবোৰৰ বিচাৰ হ’ব৷ সময়ে কাকো ৰেহাই নিদিয়ে, ইতিহাসে কাকো ক্ষমা নকৰে৷ যিটো শ্বহীদ ভৱনৰ পৰা আন্দোলন কৰি কৰি সোণোৱাল মুখ্যমন্ত্ৰী হ’ল, সেইটো শ্বহীদ ভৱনৰ পৰা ওলোৱা অহিংস গণতান্ত্ৰিক আন্দোলনকাৰীকে সোণোৱালে বাধা দিছে৷ ‘কা’ৰ বিৰোধিতা কৰাৰ বাবেই ইতিমধ্যে পাঁচজন যুৱকক গুলীয়াই হত্যা কৰা হ’ল৷ এই ষড়যন্ত্ৰ অব্যাহত আছে৷ ‘কা’বিৰোধী আছুকৰ্মীক পুনৰ হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে সোণোৱাল চৰকাৰে৷ ‘কা’ আৰু ‘ই আই এ’ৰ বিৰোধিতাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত ২২ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই৷ প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীৰ আগমনৰ সময়তে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, যাতে তেওঁলোকে অসমৰ প্ৰকৃত পৰিস্থিতি অনুধাৱন কৰিব পাৰে৷ অহিংস আন্দোলনকাৰীৰ ওপৰত জঁপিয়াই পৰিল সোণোৱালৰ আৰক্ষী বাহিনী৷ আৰক্ষীৰ নিৰ্মম অত্যাচাৰত ঘুণীয়া হ’ল ১৯জন আছুকৰ্মী৷ মহিলা আছুকৰ্মীৰ ওপৰত বৰ্বৰভাৱে জঁপিয়াই পৰিল পুৰুষ আৰক্ষী৷ কঁকালৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰা হ’ল আছুকৰ্মীক৷ খেদি খেদি প্ৰহাৰ কৰা হ’ল আছুকৰ্মীক৷ সদৌ অসম ছাত্ৰ সন্থাক মাতৃ সংগঠন বুলি কোৱা সোণোৱালৰ নিৰ্দেশত সোণোৱালৰ আৰক্ষীয়ে হাত দিলে আছুকৰ্মীৰ গাত৷ মাতৃ সংগঠনৰ ওপৰত হাত দিয়া মানে মাতৃৰ ওপৰত হাত দিয়া৷ শোণিতপুৰত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিল৷ ২২ জানুৱাৰীত আছুকৰ্মীক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল৷ সেইবাবেই বহু আছুকৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰক্ষীয়ে৷ এই ঘটনাৰ প্ৰতিবাদত শোণিতপুৰ জিলা বন্ধৰ আহ৩ান জনাইছিল শোণিতপুৰ জিলা ছাত্ৰ সন্থাই৷ ৰাইজে অভূতপূৰ্ব সঁহাৰিৰে বন্ধ সফল কৰিছিল৷ এই ঘটনাৰ খবৰ ল’বৰ বাবে মই তেজপুৰলৈ গৈছিলো৷ এখন সংবাদ মেলো সম্বোধন কৰিছিলো৷ সংবাদ মেলত মোক এইবুলি প্ৰশ্ন সোধা হৈছিল যে সমুজ্জ্বল ভট্টাচাৰ্যই আছুৰ হৈ এতিয়া কথা কোৱা নাই কিয়? উত্তৰত মই কৈছিলো যে সদৌ অসম ছাত্ৰ সন্থাৰ বিগত কাৰ্যকালৰ মুখ্য উপদেষ্টাগৰাকী এতিয়াও বৰ্তমানৰ কাৰ্যকালৰ সাংবিধানিক মুখ্য উপদেষ্টা বা উপদেষ্টা হোৱা নাই৷ এই বিষয়ে সিদ্ধান্ত ল’ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে৷ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক এতিয়াও অনুষ্ঠিত হোৱা নাই৷ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকেহে সিদ্ধান্ত ল’ব যে ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মুখ্য উপদেষ্টা হৈ থাকিব নে উপদেষ্টা হ’ব নে আন কিবা দায়িত্ব পালন কৰিব৷ যেতিয়া সাংবিধানিকভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বা উপদেষ্টা হ’ব তেতিয়া তেওঁ সদৌ অসম ছাত্ৰ সন্থা সম্পৰ্কে মন্তব্য আগবঢ়াব৷ তেওঁ ব্যক্তিগতভাৱে মন্তব্য দিব পাৰে, সেই বিষয়ে আমি ক’বলৈ যোৱা নাই৷ তেওঁ এতিয়াও মুখ্য উপদেষ্টা বা উপদেষ্টা হোৱা নাই আৰু কাৰ্যনিৰ্বাহক সমিতিয়ে তেওঁক এই দায়িত্ব প্ৰদান কৰা নাই৷ যেতিয়া তেওঁ মুখ্য উপদেষ্টা বা উপদেষ্টা হ’ব, তেতিয়া তেওঁ সদৌ অসম ছাত্ৰ সন্থাক লৈ মন্তব্য আগবঢ়াব৷ সেইবাবেই সদৌ অসম ছাত্ৰ সন্থা সম্পৰ্কত বা সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চত থাকি এতিয়া তেওঁ একো স্থিতি প্ৰকাশ কৰা নাই৷ এতিয়া আমি সভাপতি আৰু সাধাৰণ সম্পাদকে সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি ৰাইজৰ আগত দাঙি ধৰিছোঁ যে আমি ৰাজনৈতিক সচেতনতা অব্যাহত ৰাখি আহি থকা দিনবোৰত আঞ্চলিক শক্তিক সহায় কৰি যাম৷ ভট্টাচাৰ্য আছুত থকাটো মই বিচাৰোঁ৷ কিন্তু কাৰ্যনিৰ্বাহকৰ বৈঠকেহে এই বিষয়ে সিদ্ধান্ত ল’ব৷ কাৰ্যনিৰ্বাহকৰ পাছতহে ভট্টাচাৰ্যই আছুৰ বিষয়ে বক্তব্য ৰাখিব পাৰিব নে নাই সেয়া নিৰ্ধাৰণ হ’ব৷ আছুৰ স্থিতি আৰু সমুজ্জ্বল ভট্টাচাৰ্যৰ স্থিতি পৃথক হ’ব নোৱাৰে, একেই৷ মোৰ এই কথাখিনি একাংশ সংবাদ মাধ্যমত ভুলকৈ প্ৰচাৰ-প্ৰকাশ কৰা হ’ল৷ যিটোৱে মোক ব্যথিত কৰিছে৷ মই সংবাদ মাধ্যমক কৰযোৰে আহ৩ান জনাইছোঁ যাতে মোৰ মন্তব্যৰ অপব্যাখ্যা কৰা নহয়৷ সমুজ্জ্বল ভট্টাচাৰ্যবিহীন আছুৰ কথা ভাবিবই নোৱাৰি৷ অসমৰ জাতীয় জীৱনত সমুজ্জ্বল ভট্টাচাৰ্যৰ অভিভাৱকত্বৰ প্ৰয়োজন আছে৷ এই প্ৰসংগত ইতিমধ্যে মই মোৰ স্থিতি স্পষ্ট কৰি দিছোঁ৷ আছু সন্দৰ্ভত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰিবৰ বাবে বিভিন্ন চক্ৰই অহৰহ চেষ্টা চলাই আছে৷ সেই অসমবিৰোধী চক্ৰবোৰ চৰকাৰৰ সমৰ্থনপুষ্ট৷ সেই চক্ৰবোৰৰ পৰা সকলো সাৱধান হোৱা উচিত৷ কেন্দ্ৰীয় আৰু অসম চৰকাৰক আমি পুনৰবাৰ স্পষ্ট কৰি দিওঁ যে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নহ’ব৷ ‘কা’ আমি আগতেও মানি লোৱা নাছিলো, এতিয়াও মানি লোৱা নাই, আগলৈও মানি লোৱাৰ প্ৰশ্ন নুঠে৷ অসমক ভাল পোৱা কোনো অসমীয়াই ‘কা’ মানি ল’ব নোৱাৰে৷ অসমীয়া হিচাপে নিজক লৈ বা নিজৰ জাতিটোক লৈ যিজনে অহংকাৰ কৰে, তেওঁ ‘কা’ মানি ল’ব নোৱাৰে৷ স্বাভিমানী অসমীয়াই ‘কা’ মানি ল’ব নোৱাৰে৷ এই কথা দিছপুৰেও জানে, দিল্লীয়েও জানে৷ ইমানৰ পাছতো যদি আমাৰ ওপৰত ‘কা’ জাপি দিব খোজা হয়, তেন্তে পৰিস্থিতি গুৰুতৰ হ’ব৷ চৰকাৰে ‘কা’ জাপি দিব খুজিলে অসমৰ ৰাইজ মনে মনে নাথাকে৷ হাত সাবটি বহি নাথাকে আছু৷ সদৌ অসম ছাত্ৰ সন্থা এক অবিৰত শোভাযাত্ৰা৷ বৰ্তমান জাতিৰ জটিল সন্ধিক্ষণৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যৎ আৰু জাতীয় জীৱনৰ জটিল সমস্যাবিলাকৰ সমাধানৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আগবাঢ়িবলগীয়া হ’ব৷ এফালে জাতিৰ জটিল সমস্যা, আনফালে চৰকাৰৰ অগণতান্ত্ৰিক মনোভাব৷ সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাত আটাইবিলাক প্ৰত্যাহান নেওচি আপোচহীনভাৱে কাম কৰি যাব লাগিব৷ কৰ’না মহামাৰীয়ে অসমৰ শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটো উদঙাই প্ৰমাণ কৰি দিলে যে পুৰণিকলীয়া শ্ৰেণীকোঠাৰ পাঠদানৰ বাহিৰে বিকল্প ব্যৱস্থা একো নাই৷ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ যে অন্ধকাৰ, সেই কথাৰ উমান সকলোৱে পালে৷ তেনেক্ষেত্ৰত শিক্ষাবিদ, বিজ্ঞ ব্যক্তিৰ পৰামৰ্শ তথা পৰিকল্পনা আৰু ছাত্ৰ-ছাত্ৰীৰ মনৰ বহু পৰিকল্পনা আছে৷ এই আটাইবিলাক পৰামৰ্শ আৰু পৰিকল্পনা সু-পৰিকল্পিত ৰূপত আগবঢ়াই নিয়াৰ লগতে দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব৷ যাতে যিকোনো আপদকালীন পৰিস্থিতিৰ সৃষ্টি হ’লেও ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পৰিৱেশ বিনষ্ট নহয়৷ ইয়াৰ লগতে জাতীয় জীৱনৰ বহু জটিল সমস্যা যেনে– বৃহৎ নদী বান্ধৰ সমস্যা, নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলন, অসম চুক্তি ৰূপায়ণ, সীমান্ত ছীল, নিৱনুৱা সমস্যা আদি কৰি এশ-এবুৰি সমস্যা, যাৰ সমাধানৰ পথ প্ৰশস্ত হোৱা নাই৷ ৰাইজে ছাত্ৰ সন্থাৰ ওপৰত বিশ্বাস ৰাখিছে যাতে আন্দোলনটো নিৰৱচ্ছিনভাৱে চলাই নিব পাৰি৷ ইয়াৰ লগে লগে কৰ’না মহামাৰীৰ বাবে স্তিমিত হোৱা নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলন পুনৰ তীব্ৰৰ পৰা তীব্ৰতৰ কৰিব লাগিব৷ এই আন্দোলনৰ পাঁচজন শ্বহীদৰ আত্মাই শান্তি পাবই লাগিব৷ চৰকাৰে ‘কা’ জাপি দিবলৈ চেষ্টা কৰিলে আমি হাত সাবটি বহি নাথাকোঁ৷ আছু হাত সাবটি বহি নাথাকে৷ অসমৰ স্বাভিমানী ৰাইজ বহি নাথাকে৷ আইনী যুঁজ আৰু ৰাজপথৰ যুঁজ একেলগে আৰু পৰিকল্পিত ৰূপত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আগবঢ়াই নিব লাগিব, যাতে ন্যায় নোপাৱা পৰ্যন্ত আৰু আইন বাতিল নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলাই নিব পাৰি৷ ইয়াৰ লগে লগে অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ প্ৰসংগই আগস্থান পাব লাগিব৷ ইতিমধ্যে আছুৰ দ্বাৰা বহুকেইটা পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ এইবাৰো ডিব্ৰুগড় জিলাত ‘সেউজ বিপ্লব’ নামৰ এটা প্ৰকল্প গ্ৰহণ কৰা হৈছে৷ এই প্ৰকল্পৰ অধীনত প্ৰাৰম্ভিক পৰ্যায়ত তামোল আৰু বস্ত্ৰশিল্পক সামৰি লোৱা হৈছে৷ ইয়াৰ কাম-কাজ ডিব্ৰুগড়ৰ লেজাইত আৰম্ভ কৰা হৈছে৷ প্ৰকল্প-২ত বিশেষ পদ্ধতিৰে মাগুৰ, শিঙি আৰু কাৱৈ মাছ উৎপাদনৰ বাবে ১২টা টেংকৰ কাম আৰম্ভ কৰা হৈছে৷ ইয়াৰে ৮টা টেংকৰ কাম সম্পূৰ্ণ হৈছে৷ প্ৰকল্প-৩ত গাহৰি পালনৰ কাম আৰম্ভ কৰা হৈছে আৰু দুলীয়াজানৰ ভাদৈ পাঁচআলিত সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে গাহৰি পোৱালিৰ উৎপাদন আৰু মাংস উৎপাদনৰ কাম কমদিনৰ ভিতৰত আৰম্ভ কৰা হ’ব৷ প্ৰকল্প-৪ত স্থানীয় কুকুৰা পালনৰ বাবে ইতিমধ্যে দুলীয়াজানৰ কঁঠালগুৰিত ফাৰ্ম নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে৷ সেউজ প্ৰকল্পৰ অধীনত আহিবলগীয়া দিনত অন্যান্য প্ৰকল্পৰ কাম হাতত লোৱা হ’ব৷ এই ক্ষেত্ৰত সকলোৰে সহায়-সহেযাগিতা, দিহা-পৰামৰ্শ কামনা কৰিলোঁ৷ আমি এটা কথা সদায় অনুধাৱন কৰি আহিছোঁ যে অৰ্থনৈতিকভাৱে শক্তিশালী জাতিয়েহে সদায় স্বাভিমানী জাতি হিচাপে জীয়াই থাকিব পাৰে৷ গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত জাতিটোক অৰ্থনৈতিকভাৱে টনকিয়াল কৰি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিব লাগিব৷ পথৰ দুয়োকাষে থকা পথাৰৰ মাটিসমূহ যিদিনাখন বছৰটোৰ বাৰটা মাহেই সেউজীয়া হৈ থাকিব, সেইদিনাখনেই অসমীয়া জাতিটো অৰ্থনৈতিকভাৱে এটা শক্তিশালী জাতিত পৰিণত হ’ব৷ গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ যথেষ্ট দায়িত্বৰ কথা অনুভৱ কৰিছোঁ৷ কাৰণ আছু সকলোৰে আপোন৷ সকলোৱে আমাক ধনাত্মক সমালোচনা কৰক, যাতে তাৰ পৰা আমি সংস্কাৰ হ’ব পাৰোঁ৷ ৰাইজে আমাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক, যাতে মূল প্ৰসংগৰ পৰা ছাত্ৰ সন্থা এচুলিমানো আঁতৰি আহিব নোৱাৰে৷
[লেখক শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক]