Logo
image

ৰাহুলে প্ৰেমৰ দোকান খুলিছে, মোদীয়ে কৰিছে কি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, বৰপেটা ১৮ জুলাইঃ এগৰাকী কৰ্তব্যৰত মহিলা আৰক্ষীক অশালীন আচৰণ কৰাৰ অভিযোগত বৰপেটাৰোড থানাত ৰজু হোৱা এক গোচৰৰ শুনানীৰ বাবে কালি বৰপেটাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয়  গুজৰাটৰ ভাদগাম সমষ্টিৰ কংগ্ৰেছী বিধায়ক জিগণেশ মেৱানী৷ উল্লেখ্য, বিগত বৰ্ষৰ ২০ এপ্ৰিলত বি টি আৰৰ বিজেপি নেতা অৰূপ দে’ৰ এজাহাৰৰ ভিত্তিত গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে আহমেদাবাদৰ পৰা অসম আৰক্ষীয়ে জিগণেশ মেৱানীক গ্ৰেপ্তাৰ কৰি আনিছিল৷ ইয়াৰ পাছতে গুৱাহাটী বিমানবন্দৰৰ পৰা কোক্‌ৰাঝাৰলৈ নি থকা অৱস্থাত বৰপেটাৰোড থানাৰ অন্তৰ্গত শিমলাগুৰিত বিধায়ক মেৱানীয়ে একেখন গাড়ীতে উঠি অহা কৰ্তব্যৰত মহিলা আৰক্ষীক অশালীন আচৰণ কৰা বুলি মহিলা আৰক্ষীগৰাকীয়ে বৰপেটাৰোড থানাত এজাহাৰ দাখিল কৰিছিল৷  ২০২২ চনৰ ২১ এপ্ৰিলত বৰপেটা ৰোড থানাত ৮১/২০২২ নং গোচৰ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৩/৩৫৩/৩৪৪ ধাৰাত জিগণেশ মেৱানীৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ৷ মূলতঃ ৰাজহুৱা দায়িত্ব পালনত বাধা আৰু মহিলা আৰক্ষীৰ শালীনতা ভংগৰ অভিযোগত অভিযুক্ত হৈছিল বিধায়কজন৷ সেই গোচৰক কেন্দ্ৰ কৰি বৰপেটাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জাৰি কৰা চমন অনুসৰি আজি বৰপেটাত উপস্থিত হয় গুজৰাটৰ কংগ্ৰেছী বিধায়কজন৷ আদালতত হাজিৰ হোৱাৰ পূৰ্বে জিগণেশ মেৱানীয়ে মন্তব্য কৰে যে আজি আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস, মই আশাবাদী যে সকলো ন্যায়প্ৰত্যাশীয়ে ন্যায় লাভ কৰক৷ আজি আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱসৰ দিনা মই অসমৰ আদালতত হাজিৰ হ’বলৈ আহিছোঁ৷ মোৰ বিপক্ষে যিমানেই ভুৱা গোচৰ ৰুজু নকৰক কিয়, মই ন্যায়তন্ত্ৰক সন্মান কৰোঁ৷ মই সম্পূৰ্ণ আশাবাদী যে মই ন্যায় পাম৷ সমাগত ২০২৪ৰ দেশৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি জিগণেশ মেৱানীয়ে কয়, ‘যিধৰণে মোদীজীৰ শাসনত বেৰোজগাৰী আৰু মূল্যবৃদ্ধি চৰম পৰ্যায় পাইছে; যিধৰণে কৃষক, শ্ৰমিক, গৰীৱ শ্ৰেণী আৰু ছাত্ৰসকলে আত্মহত্যা কৰিবলগীয়া পৰিস্থতি হৈছে; যিধৰণে জিএছটি আৰু নোটবন্দীৰ বাবে ব্যৱসায়ীসকলে ভেটি হেৰুৱাইছে; এই সকলো পৰিস্থিতিৰ পাছত দেশে গম পাইছে আপোন নেতা কোন৷ ৰাহুল গান্ধীয়ে প্ৰেমৰ দোকান খুলিছে৷ মোদীয়ে কি কৰিছে? ৰাহুল গান্ধীৰ নেতৃত্বৰ আমাৰ এই প্ৰেমৰ দোকানত দেশৰ জনতাৰ বাবে বহুত বস্তু আছে৷ জনতা আমাৰ ওচৰলৈ আহিব৷ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত জিগণেশ মেৱানীয়ে মন্তব্য কৰে যে কেৱল মণিপুৰেই নহয় যিকোনো প্ৰান্তত হোৱা অত্যাচাৰ-অন্যায়ৰ বিৰুদ্ধে দেশৰ প্ৰধানমন্ত্ৰীয়ে মাত মতা উচিত৷ কিন্তু যেতিয়া প্ৰধানমন্ত্ৰীয়ে নিজেই আমাৰ ওপৰত ভুৱা গোচৰ জাপি দিয়ে তেতিয়া প্ৰধানমন্ত্ৰীৰ পৰা ন্যায়ৰ কি আশা কৰিব? ষড়যন্ত্ৰমূলকভাৱে মোক টাৰ্গেট কৰিবলৈ গোচৰ ৰুজু কৰা হৈছিল৷ জিগণেশ মেৱানীক দীঘলীয়া সময়ৰ বাবে জে’লত ৰখাৰ উদ্দেশ্যৰে পৰিকল্পিতভাৱে এই গোচৰ ৰুজু কৰা হৈছিল৷ দেশৰ মল্লযুঁজাৰুসকলে প্ৰতিবাদ সম্পৰ্কত মেৱানীয়ে কয়, ‘প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা মহিলা সন্মানৰ কথা কোৱাৰ দিনাই কিছু ঘণ্টাৰ ভিতৰত বিলকিচ বানুৰ বালাৎকাৰীক জে’লৰ পৰা মোকলাই আনি মালা পিন্ধালে, লাড্ডু খুৱালে৷ কোৱা হ’ল তেওঁলোকৰ ভাল সংস্কাৰৰ বাবে মুকলি কৰি দিয়া হ’ল৷ বিজেপিৰ কৰ্মকাণ্ড এনেকুৱা হ’লে তেওঁলোকৰ পৰা আৰু কি আশা কৰিব পাৰি? আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ নাম উজ্জ্বলাই তোলা দেশৰ জীয়ৰীসকলে ন্যায়ৰ দাবীত ৰাজপথত বহি থাকিবলগীয়া হৈছে, তাৰ পাছতো মোদীজীৰ মুখৰ পৰা এটা শব্দও নোলাল ইয়াতকৈ আৰু লাজৰ বিষয় নাই বুলিও মন্তব্য কৰে৷ অসমত সম্প্ৰতি চলি থকা অসমীয়া-মিঞা ৰাজনীতিৰ জিগণেশ মেৱানীয়ে কয় যে কংগ্ৰেছৰ বাবে এটাই বিচাৰধাৰা-হিন্দু-মুছলিম শিখ-ঈচাই, ভাৰত মাৰ চাৰি চিপাহী৷ সকলোৱে ভাৰতৰ স্বাধীনতাৰ বাবে বলিদান দিছে৷ সকলোৰে দেশ ভাৰত, সকলোকে একেলগে লৈ আগবাঢ়িব লাগিব৷ জাতি-ধৰ্মক লৈ ৰাজনীতি কৰা সময় নহয় এয়া৷ প্ৰেমৰ দোকান খোলাৰ সময়৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত বিশেষ টিপ্পনি কৰি জিগণেশ মেৱানীয়ে কয়, ‘তেওঁ সুস্থ্যৰ অধিকাৰী হওক৷ অসমৰ জনতাৰ বাবে ভাল কাম কৰক৷ অসমৰ নিম্নতম লোকৰ বাবে চিন্তা কৰক৷ মোৰ দৰে ব্যক্তিক টাৰ্গেট কৰি অসমৰ কোনো লাভ নহয়৷’ ইপিনে বৰপেটাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত মেৱানীয়ে হাজিৰ হোৱাৰ পাছত আদালতে অহা ৫ আগষ্টত শুনানীৰ দিন ধাৰ্য কৰিছে৷ সেইমৰ্মে জিগনেশ মেৱানীয়ে ৫ আগষ্টত পুনৰ বৰপেটাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ব লাগিব বুলি জনায় মেৱানীৰ অধিবক্তা বিল্লাল হুছেইনে৷