প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব শাসকীয় দল
... আগন্তুক অসম বিধানসভা নিৰ্বাচন কোনো দলৰ বাবেই নিষ্কণ্টক হৈ থকা নাই৷ অনাগত দিনত শাসনাধিষ্ঠিত দলৰ লগতে মিত্ৰশক্তিসমূহেও নানা কূট-কৌশল ৰচনা কৰিব৷ গণতান্ত্ৰিক দেশত ৰাইজেই ৰজা৷ যদিও বৰ্তমান গণতন্ত্ৰ নিজেই সংকটৰ গৰাহত, তথাপি বৃহৎ স্বাৰ্থৰ খাতিৰত গণতন্ত্ৰত বিশ্বাস থকা লোকসকলে উচিত সিদ্ধান্ত লোৱাৰ সময় আজি আহি পৰিছে৷ গণতন্ত্ৰৰ আটাইকেইটা স্তম্ভ একগোট হৈ সজোৰে থিয় দিয়াৰ সময়ো এয়াই ...
অসমৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ দুটামান মাহ বাকী থকা সময়ত বিৰোধী ৰাজনৈতিক দলসমূহৰ মিত্ৰতা আৰু নতুন আঞ্চলিক দলৰ উত্থানে শাসনাধিষ্ঠিত বিজেপি দলৰ নিৰ্বাচনী অংকত আউল যে লগাব, সেয়া নিশ্চিত৷ কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বাঁও শক্তিসমূহৰ মিত্ৰতাই এইবাৰ নামনি অসমত বিজেপিৰ ভেটি থৰক-বৰক যে নকৰিব, তাৰ একো নিশ্চয়তা নাই৷ বিশেষকৈ সংখ্যালঘু অধ্যুষিত নামনি অসমৰ ভালেমান সমষ্টিত এ আই ইউ ডি এফৰ আধিপত্যই বিজেপিৰ নিৰ্বাচনী সমীকৰণ জটিল কৰি তোলাৰ লগতে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিতো বিশেষভাৱে প্ৰভাৱ পেলাব৷
যোৱা নিৰ্বাচনত বিশেষকৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ভোট বিভাজন হোৱাত বিজেপিৰ দখললৈ যোৱা সমষ্টিসমূহত এইবাৰ প্ৰভাৱ বাৰুকৈয়ে পৰিব৷ সেইবাৰৰ নিৰ্বাচনত এইবোৰ সমষ্টিত বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফে লাভ কৰা ভোটৰ শতকৰা হাৰলৈ লক্ষ্য কৰিলে এই কথা পৰিষ্কাৰ হৈ পৰে যে বিজেপিয়ে সেই সময়ত লাভ কৰা ভোটৰ শতকৰা হাৰ কংগ্ৰেছ আৰু এ আই ইউ জি এফে যুটীয়াভাৱে লাভ কৰা হাৰতকৈ যথেষ্ট কম আছিল৷ যদি পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন নহয়, তেন্তে মহাজোঁটবন্ধনে আগন্তুক নিৰ্বাচনত নামনিত বিজেপিৰ দখলত থকা ভালেকেইখন আসন দখল কৰিবলৈ সক্ষম হ’ব৷ এটা কথা ঠিক যে এইবাৰ অসম বিধানসভা নিৰ্বাচন ২০১৬ চনৰ নিৰ্বাচনৰ লেখীয়া মুঠেও নহয়৷ এইবাৰ নাই বিজেপিৰ পৰিৱৰ্তনৰ শ্লোগান৷ মোদীৰ ঢৌও প্ৰায় স্তিমিত৷ ইয়াৰ পৰিৱৰ্তে বিজেপি চৰকাৰৰ জাতিধবংসী ‘কা’ আইন প্ৰণয়নে বহু সচেতন অসমীয়াক বিজেপিবিদ্বেষীহে কৰিলে৷ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ জৰিয়তে নামনি অসমত বিজেপিয়ে যি বিভেদৰ সৃষ্টি কৰিছে, তাৰ সুযোগ মহাজোঁটবন্ধনে নি(য় গ্ৰহণ কৰিব৷ নামনিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব৷ যদিও বিজেপিয়ে সব কা সাথ, সব কা বিকাশ শ্লোগানেৰে সকলো ভাষা-ভাষী, বৰ্ণ, সম্প্ৰদায়ৰ মাজত সোমাবলৈ চেষ্টা কৰিছে, তথাপি ৰাইজ আশ্বস্ত হ’ব পৰা নাই৷
তদুপৰি অসমত নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু আৰু ৰাইজৰ দলৰ উত্থানো মন কৰিবলগীয়া৷ অতি কমদিনৰ ভিতৰতে নতুন আঞ্চলিক শক্তি দুটাই অসমৰ চুকে-কোণে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ কেৱল উজনি অসমতে নহয়, নামনি অসমতো নৱগঠিত দল দুটাই বৃহৎ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ এইবোৰ দলত দৈনিক আঞ্চলিকতাবাদী ভাবাপন্ন লোকে যোগদান কৰালৈ চাই দুয়োটা দলে যে নিৰ্বাচনত এঘড়ী যুঁজিব, সেয়া খাটাং৷ শেহতীয়াকৈ দুয়োটা দলৰ নিৰ্বাচনী মিত্ৰতাৰ প্ৰসংগটোৱে বিশেষ চৰ্চা লাভ কৰিছে৷ এই মিত্ৰতা প্ৰসংগক লৈ অসমৰ সকলো জাতীয়তাবাদী ভাবাপন্ন লোক যে অত্যন্ত সুখী, সেয়া নক’লেও হয়৷ দুয়ো দলৰ মিত্ৰতাই উজনি অসমত যে বিজেপিৰ ভেটি কঁপাই তুলিব, সেয়া প্ৰায় নিশ্চিত৷ ‘কা’বিৰোধী শক্তিসমূহ এইক্ষেত্ৰত একত্ৰিত হৈ দুয়ো দলৰ পক্ষত থিয় দিয়াৰ লগতে জাতীয় চেতনাসম্পন্ন সকলো অসমীয়াই এই মিত্ৰদলক দলে-বলে সহায়-সহযোগিতা আগবঢ়াব বুলি ধাৰণা কৰিব পাৰি৷ তদুপৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বন্দিত্বই বহু অসমীয়াৰ মনত অন্য এক জাতীয় আৱেগৰ সৃষ্টি কৰিছে৷ এই আৱেগ তেওঁলোকে আগন্তুক নিৰ্বাচনত পূৰামাত্ৰাই যে বিজেপিৰ বিপক্ষে ঢালি দিব, সেয়া ধুৰুপ৷ আঞ্চলিক দল দুটাৰ অন্য এটা ভাল দিশ এয়ে যে অসমৰ বৌদ্ধিক সমাজৰ ভালেসংখ্যক লোকে দুয়ো দলকে সমৰ্থন কৰাৰ লগতে নানা দিহা-পৰামৰ্শও আগবঢ়াই আহিছে৷ তদুপৰি হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাই এই আঞ্চলিক দলৰ অন্তৰ্ভুক্ত হৈ তেওঁলোকৰ হতাশা আৰু নোপোৱাৰ আক্ষেপ আদিৰ যে বহিঃপ্ৰকাশ নঘটাব, তাৰ কোনো মানে নাই৷ বিজেপি চৰকাৰে এইসকল নিবনুৱাক কৰি অহা প্ৰৱঞ্চনাৰ পোতক আগন্তুক নিৰ্বাচনত যে সিবিলাকে নুতুলিব, সেই কথাও ক’ব নোৱাৰি৷
মুঠৰ ওপৰত মহাজোঁটবন্ধনৰ ৰাজনীতিয়ে এইবাৰ বিজেপিক গাদী দখলত সৰ্বতোপ্ৰকাৰে প্ৰত্যাহ৩ান জনাব৷ তদুপৰি নতুনকৈ ভোটাধিকাৰ পোৱা নৱপ্ৰজন্মৰ শিক্ষিত ভোটাৰে বিবেকৰ ভোটক প্ৰাধান্য দিব বুলিও আমাৰ বিশ্বাস৷ নামনিত যিদৰে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বাঁও শক্তিয়ে বিজেপিক প্ৰত্যাহ৩ান জনাব, ঠিক তেনেদৰে উজনিত নৱগঠিত আঞ্চলিক দলে বিজেপিৰ নিৰ্বাচনী অংকত আউল লগাব৷ ‘কা’ আইন প্ৰণয়নৰ উপৰি যোৱা পাঁচটা বছৰত অসমৰ সৰ্বস্তৰতে সংঘটিত পাহাৰসম দুৰ্নীতি আৰু ছিণ্ডিকেট আদিয়েও নিৰ্বাচনত প্ৰভাৱ পেলাব৷ আটাইতকৈ গম্ভীৰ কথাটো হ’ল ২০১৬ চনত বিজেপিয়ে যিবোৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিবলৈ সমৰ্থ হৈছিল, তাৰ এটাও প্ৰতিশ্ৰুতি পূৰণ নহ’ল৷ ব্ৰহ্মপুত্ৰ খনন, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আটক ধুনীয়া ৰাজপথ, গুৱাহাটীত টুইন টাৱাৰ, নিবনুৱাক চাকৰি, বান সমস্যাৰ সমাধান, ব্ৰহ্মপুত্ৰৰ ওপৰত একাধিক দলং নিৰ্মাণ, খোৱাপানী, বিজুলী, বিদেশী সমস্যা সমাধান আদিকে ধৰি নানা প্ৰতিশ্ৰুতিৰে অসমৰ ৰাইজক প্ৰৱঞ্চনা কৰাৰ কথা অসমৰ ৰাইজে হয়তো মনত ৰাখিছে৷ পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসনত অতিষ্ঠ হোৱা মানুহখিনিয়ে এটা পৰিৱৰ্তন বিচাৰি সেইবাৰ বিজেপিত ভোট দিছিল যদিও সেই মোহ যে মানুহৰ কাহানিবাই ভাগিল, সেয়া বহলাই নক’লেও হয়৷ আনফালে, মোদীৰ ঢৌৱেও ২০১৬ চনৰ নিৰ্বাচনী বতাহ গৰম কৰি ৰাখিছিল৷ পৰিৱৰ্তনৰ আশাত সেই ঢৌত উটি যোৱা বহু অসমীয়াই যেতিয়া বিজেপিৰ ছত্ৰছায়াত জাতিটোৰ বিপদৰ সময়ত খেৰ কুটা এডালো বিচাৰি পাবলৈ সক্ষম নহ’ল, সেই একেখিনি অসমীয়ায়েই বিজেপিক বিৰোধ কৰিবলৈকো আগবাঢ়ি আহিল৷ গতিকে আগন্তুক নিৰ্বাচনত সেইখিনি অসমীয়াৰ ভূমিকাও উল্লেখনীয় হ’ব৷
তথাপি শাসনাধিষ্ঠিত চৰকাৰে ছলে-বলে-কৌশলে শাসনৰ বাঘজৰী পুনৰ নিজৰ হাতলৈ নিবলৈ চেষ্টা নকৰাকৈ থকা নাই৷ কিছু কিছু ক্ষেত্ৰত উন্নয়নমূলক কামো একেবাৰে নকৰাকৈ থকা নাই৷ কিন্তু অসমৰ যিবোৰ মৌলিক সমস্যা আছিল, সেইবোৰৰ পৰা আঁতৰি থাকিল৷ অন্য কথাত ক’বলৈ গ’লে আঁভুৱা-ভাৰা ৰাজনীতিৰে যোৱা পাঁচটা বছৰত অসমৰ ৰাইজক প্ৰৱঞ্চনা কৰাহে দেখা গ’ল৷ অসমৰ সম্পদ ৰক্ষণাবেক্ষণ দিয়া দূৰৈৰে কথা, সেইবোৰ নানা অজুহাত দেখুৱাই পুঁজিপতিৰ হাতত অৰ্পণ কৰাতহে আগভাগ ল’লে৷ যিখন চৰকাৰে জাতিটোৰ ভৱিষ্যৎ আৰু দুখ-দুৰ্দশাৰ কথা উপলব্ধি কৰিব নোৱাৰে, কিহৰ আশাত সেইখন চৰকাৰক জাতিটোৱে বিশ্বাসত ল’ব? চৰকাৰেও সেই কথাবোৰ বুজি পায়৷ সেয়ে আৰম্ভ কৰিছে হিতাধিকাৰী সৃষ্টিৰ নতুন ৰাজনীতি৷ যিহেতু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ প্ৰতি সাধাৰণ মানুহৰ কিছু অনীহা আহিছে, সেয়ে পোনপটীয়াকৈ নিৰ্বাচনমুখী চিন্তা-চৰ্চাৰে বিভিন্ন ক্ষেত্ৰত নানা হ্ৰস্বম্যাদী আৰু অস্থায়ী আঁচনিৰ যোগেদি হিতাধিকাৰী সৃষ্টিৰে নতুনকৈ ভোটৰ অংক কৰাত চৰকাৰখন ব্যস্ত হৈ পৰিল৷ কিন্তু এই কথাও সত্য যে উক্ত আঁচনিবোৰ কোনো সুদূৰপ্ৰসাৰী প্ৰভাৱো নাই৷ কেৱল স্বাৰ্থ সিদ্ধিৰ বাবে বিবেকহীন হোৱা এনে বহু লোক কেতিয়াও জাতিৰ মেৰুদণ্ড হৈ থিয় দিব নোৱাৰে৷
সেয়ে আগন্তুক অসম বিধানসভা নিৰ্বাচন কোনো দলৰ বাবেই নিষ্কণ্টক হৈ থকা নাই৷ অনাগত দিনত শাসনাধিষ্ঠিত দলৰ লগতে মিত্ৰশক্তিসমূহেও নানা কূট-কৌশল ৰচনা কৰিব৷ গণতান্ত্ৰিক দেশত ৰাইজেই ৰজা৷ যদিও বৰ্তমান গণতন্ত্ৰ নিজেই সংকটৰ গৰাহত, তথাপি বৃহৎ স্বাৰ্থৰ খাতিৰত গণতন্ত্ৰত বিশ্বাস থকা লোকসকলে উচিত সিদ্ধান্ত লোৱাৰ সময় আজি আহি পৰিছে৷ গণতন্ত্ৰৰ আটাইকেইটা স্তম্ভ একগোট হৈ সজোৰে থিয় দিয়াৰ সময়ো এয়াই৷ স্বদেশ আৰু স্বজাতিৰ প্ৰতি অসমীয়াৰ যি গধুৰ দায়িত্ব আছে, সেই দায়িত্ব সুচাৰুৰূপে পালন কৰাৰো সময় এয়া৷ সেয়ে অনাগত দিনত অসমীয়াই নিজেই বিচাৰ কৰিব জাতিটোৰ ধবংসযজ্ঞত নিজকে আহুতি দিব নে জাতি ৰক্ষাৰ স্বাৰ্থত স্বাভিমানী অসমীয়া হৈ এঘড়ী যুঁজ দিব৷
ফোনঃ ৯৪৩৫০-৩২৪৪০