Logo
image

লালকিল্লাত বিদ্ৰোহী কৃষকৰ বিজয়ধবজা উৰিল নেকি?

২৬ জানুৱাৰী ২০২১– এই দিনটোৰ বাবে কম উৎসাহেৰে ভাৰতীয় জনগণে বাট চাই আছিলনে? চৰকাৰৰ দ্বাৰা আয়োজিত দিল্লীৰ ৰাজপথৰ পেৰেডতকৈও ভাৰতৰ বিদ্ৰোহী কৃষকে দিল্লীত উলিয়াবলগীয়া ট্ৰেক্টৰ পেৰেডৰ প্ৰতিহে গোটেই দেশ তথা বিশ্বৰ দৃষ্টি আছিল বেছি৷ দুমাহৰো অধিক ভাৰতৰ বিভিন্ন প্ৰান্তৰ কৃষকে দিল্লীৰ সীমান্তত যি অটল স্থিতি আৰু নিষ্ঠাৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰণীত ভাৰতীয় কৃষকৰ স্বাৰ্থবিৰোধী তিনিখন আইনৰ বিৰুদ্ধে প্ৰতিবাদ-প্ৰতিৰোধ অব্যাহত ৰাখিছে, সেই ঘটনাই ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত গণশক্তিৰ এক নতুন ঢৌ নিৰ্মাণ কৰি দিছে৷ কৰ্প’ৰেটৰ স্বাৰ্থ তথা সামন্তীয় উত্তেজনাই অধিক স্থান লাভ কৰা শাসকীয় শক্তিৰ বিপৰীতে ভাৰতীয় গণজীৱনৰ স্বাৰ্থক কেন্দ্ৰত্ব প্ৰদান কৰা এই কৃষক বিদ্ৰোহ ভাৰতীয় সভ্যতা আৰু ইতিহাসৰ এক সোণালী অধ্যায়৷ এই সোণালী অধ্যায় নিৰ্মাণত অৰিহণা যোগোৱা এই বিদ্ৰোহৰ প্ৰধান শক্তি আৰু চালিকাশক্তি কি? মোৰ দৃষ্টিত– এই আন্দোলনে গ্ৰহণ কৰা শান্তি আৰু অহিংসা পন্থা৷ বিভিন্ন মহলৰ পৰা অহা সকলো প্ৰৰোচনা-উত্তেজনা অতিক্ৰমি এই আন্দোলনে চৰকাৰক এক অৰ্থত কাবু কৰি পেলাইছিল৷ ন্যস্ত স্বাৰ্থ মহলে বিচাৰিছিল আন্দোলনটো উত্তেজিত হওক, হিংসাৰ পৰিৱেশ গঢ়ি উঠক৷ তেনে ঘটনা ঘটিলে আন্দোলনটোক আইন-শৃংখলাৰ নাম লৈ দমন কৰিব পৰা যাব৷ কিন্তু আন্দোলনৰ নেতৃত্বই অতি বিচক্ষণতাৰে এনে চক্ৰান্তত ভৰি নিদিলে৷ আৰু সেয়েহে ২৬ জানুৱাৰীৰ ট্ৰেক্টৰ পেৰেডো শান্তিপূৰ্ণভাৱেই সমাধা হোৱাটো বিচাৰিছিল সকলোৱে– আন্দোলনকাৰী তথা আন্দোলনৰ নেতৃত্ব দিয়া মহলেও৷

দিল্লীৰ আৰক্ষীৰ ভূমিকাও আছিল ইতিবাচক৷ এই কথা বহুলোকে মানি ল’ব নোখোজে৷ তেওঁলোকৰ যুক্তি হ’ল– দিল্লীৰ আৰক্ষী কেন্দ্ৰীয় চৰকাৰৰ হাতৰ পুতলা, তেওঁলোকে কিয় আন্দোলনকাৰীৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিব? সঁচা কথা৷ কিন্তু বিদ্ৰোহী কৃষকৰ লগত নিতৌ সংযোগ হৈছে দিল্লী আৰক্ষীৰ৷ গতিকে, তেওঁলোকে যোৱা দুমাহত বিদ্ৰোহী কৃষকৰ শক্তি আৰু নিষ্ঠা দেখা পাইছে৷ দিল্লীৰ হাড় কঁপোৱা শীতকো নেওচি কৃষকে কৰা বিদ্ৰোহৰ সমান্তৰালভাৱে দিল্লী আৰক্ষীয়েও বিনিদ্ৰ ৰজনী কটাইছে৷ তেওঁলোক কেন্দ্ৰীয় চৰকাৰৰ আজ্ঞাবাহী৷ গতিকে চৰকাৰে বিচৰাধৰণেই তেওঁলোকে আচৰণ কৰিব৷ কিন্তু তাৰপাছতো দিল্লী আৰক্ষীয়ে গণৰাজ্য দিৱসৰ দিনা দিল্লীত কৃষকৰ ট্ৰেক্টৰ পেৰেডক লিখিত অনুমতি দিয়াটো কম সাহসৰ কথা নাছিল৷ এই কথা কৃষক আন্দোলনক নেতৃত্ব দিয়ামহলেও ভালকৈ বুজি পাইছিল৷ আৰু সেয়েহে দুয়োপক্ষই বিস্তাৰিতভাৱে ট্ৰেক্টৰ পেৰেডৰ বন্দৱস্ত কৰিছিল৷ কিমান সময়ত কোনপথেৰে এই পেৰেড আগবাঢ়িব, তাৰো নিৰ্দেশনা প্ৰস্তুত কৰা হৈছিল৷ এই বন্দৱস্তিৰ পাছত আৰক্ষী আৰু বিদ্ৰোহী কৃষকৰ যৌথ নেতৃত্ব বোধহয় আশ্বস্ত হৈ পৰিছিল৷ শান্তিপূৰ্ণভাৱেই এই পেৰেডৰ সমাপ্তি ঘটিব বুলিও আশা কৰিছিল৷

কিন্তু বিদ্ৰোহী কৃষক নেতৃত্বৰ ইচ্ছাৰ বিপৰীতে এই পেৰেডত অংশগ্ৰহণকাৰী একাংশই নিৰ্ধাৰিত পথ এৰি দিল্লীৰ কেন্দ্ৰীয় অঞ্চলত প্ৰৱেশ কৰিলে আৰু লালকিল্লাৰ শিখৰলৈ গৈ এজনে ভাৰতীয় জাতীয় পতাকাৰ কাষতে থকা খুঁটা বগাই আন এখন পতাকা উৰুৱাই দিলে৷ খুঁটা বগোৱা এইজন লোক সম্পৰ্কে ইতিমধ্যে বিতৰ্কৰ সূত্ৰপাত হৈছে আৰু তেওঁ আচলতে কি পতাকা উৰুৱালে, তাৰো সঠিক উত্তৰ ওলোৱা নাই৷ বিদ্ৰোহী কৃষকে নিজৰ নিৰ্দিষ্ট পতাকা তুলি ধৰা নাছিল৷ চৰকাৰে তেওঁলোকৰ ওপৰত জাপি দিয়া বহু মিথ্যাচাৰ আৰু অপবাদৰ প্ৰতিবাদ আৰু প্ৰত্যুত্তৰকল্পে তেওঁলোকে হাজাৰ হাজাৰ ভাৰতীয় জাতীয় পতাকা হাতত তুলি ল’লে৷ অৰ্থাৎ বিদ্ৰোহী কৃষকসকল যে ভাৰতীয় গণৰাজ্য আৰু ভাৰতীয় ঐক্য-সংহতিৰ প্ৰতি দায়বদ্ধ, এই কথা তেওঁলোকে স্পষ্ট কৰি দিলে৷ কোনো কাৰণতেই এই গোটেই পৰিক্ৰমাত যাতে হিংসাৰ সূত্ৰপাত নহয়, তাৰ প্ৰতিও বিদ্ৰোহী কৃষক নেতৃত্ব দায়বদ্ধ আছিল৷

কিন্তু আৰক্ষী আৰু ট্ৰেক্টৰ পেৰেডত অংশগ্ৰহণ কৰা একাংশ কৃষকৰ মাজত যুদ্ধংদেহী পৰিৱেশৰ সূত্ৰপাত হ’ল৷ বেৰিকেড ভাঙি সোমাই অহা ট্ৰেক্টৰ পেৰেডক আগচিবলৈ যোৱা আৰক্ষীৰ ওপৰৰ যেতিয়া আক্ৰমণ হ’ল, তেতিয়া বহু আৰক্ষী আত্মৰক্ষাৰ বাবে ওচৰৰ দ অঞ্চললৈ জঁপিয়াই পৰাৰ দৃশ্য টেলিভিছনৰ ভিজুৱেলত জিলিকি উঠিল৷ সমান্তৰালকৈ ট্ৰেক্টৰত বহি থকা এজন কৃষক ট্ৰেক্টৰচালকৰ ওপৰত এজাক আৰক্ষীৰ নিৰ্মম আক্ৰমণো এই ভিজুৱেলসমূহত দেখা গ’ল৷ লালকিল্লা ময়দানত অভাৱনীয় পৰিস্থিতিৰ সূত্ৰপাত হ’ল৷ দুৰন্ত গতিত চলা ট্ৰেক্টৰ আৰু তাক ৰোধিবলৈ আৰক্ষীৰ যুদ্ধংদেহী তৎপৰতা– এই সকলো বিশ্বৰ জনতাৰ দৃষ্টি শান্তিপূৰ্ণ ট্ৰেক্টৰ পেৰেডৰ পৰা কাঢ়ি আনি লালকিল্লাৰ সেই ঘটনাপ্ৰৱাহত নিবদ্ধ কৰিলে৷ ইতিমধ্যে চৰকাৰৰ পক্ষ লোৱা অথচ যোৱা দুমাহৰো অধিক কালৰ বিদ্ৰোহী কৃষকৰ শান্তিপূৰ্ণ আন্দোলনক আওকাণ কৰিব নোৱৰা গণমাধ্যমে চ্ছ জানুৱাৰীত চৰকাৰৰ প্ৰতি থকা তেওঁলোকৰ আনুগত্য পূৰাকৈ প্ৰকট কৰিলে৷ হাজাৰ হাজাৰ শান্তিপূৰ্ণ ট্ৰেক্টৰ পেৰেডকাৰীক আওকাণ কৰি লালকিল্লাত নিজৰ কেমেৰা নিবদ্ধ কৰিলে৷ এয়া জানো অপ্ৰত্যাশিত আছিল? মুঠেও অপ্ৰত্যাশিত নাছিল৷ চৰকাৰৰ প্ৰতি আনুগত্যশীল গণমাধ্যমৰ বাবে সেয়া আছিল নিতান্তই প্ৰত্যাশিত৷

এই ঘটনাৰ পাছত কৃষক আন্দোলনৰ বহু সমৰ্থকে লালকিল্লাত কৃষকৰ বিজয় নিচান উৰা বুলি পৰম উল্লসিত হোৱা দেখা গ’ল৷ তাৰ বিপৰীতে বিদ্ৰোহী কৃষকৰ নেতৃত্বই সেই ঘটনাৰ পৰা নিজকে দূৰত ৰাখিলে৷ এই আন্দোলনৰ অন্যতম নেতা যোগেন্দ্ৰ যাদৱে ৰাজহুৱাকৈ ক’লে যে এনে অশান্তিয়ে কৃষক আন্দোলনক দুৰ্বল কৰিব৷ যাদৱৰ এনে বক্তব্যত উত্তেজিত হৈ বহু বিপ্লৱীয়ে সামাজিক মাধ্যমত অভিযোগ তুলিলে যে যোগেন্দ্ৰ যাদৱে প্ৰথমৰ পৰাই এই আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আহিছিল৷ 

এতিয়া প্ৰশ্ন হ’ল– ২৬ জানুৱাৰীত আচলতেই লালকিল্লাত কৃষকৰ বিজয় নিচান উৰিল নেকি? এতিয়ালৈকে যিবোৰ তথ্য পোহৰলৈ আহিছে, সেইবোৰ চালিজাৰি চাই বুজা যায় যে তেনে ঐতিহাসিক ঘটনা ঘটা নাই৷ আচলতে সেইখন কৃষকৰ নিচান হয় নে নহয় সেইটোও নিশ্চিত নহয়৷ কৃষকৰ বিজয় নিচান তেতিয়াহে উৰিব, যেতিয়া এই আন্দোলনে চৰকাৰক তিনিওখন বিতৰ্কিত কৃষি আইন বাতিল কৰিবলৈ বাধ্য কৰাব পাৰিব৷ সেই লক্ষ্যত তেতিয়াহে উপনীত হ’ব পৰা যাব, যেতিয়ালৈকে এই আন্দোলন সংগঠিত আৰু শান্তিপূৰ্ণ হৈ থাকিব৷ বিদ্ৰোহী কৃষকৰ নেতৃত্বই এই কথা ভালকৈ বুজি পাইছে আৰু ইতিমধ্যে পৰিপক্বতাৰ পৰিচয় দিছে৷ আমাৰ বিশ্বাস ২৬ জানুৱাৰীৰ হিংসাৰ ঘটনাপ্ৰৱাহ এক সাময়িক বিচ্যুতি৷ কৃষক আন্দোলনৰ মূল শক্তিক এই ঘটনাই বেছি ক্ষতি কৰিব নোৱাৰে৷

ফোনঃ ৯৪৩৫৭-৩১৬৮৬