Logo
image

কণ্ঠশিল্পী মধুস্মিতা ভট্টাচাৰ্যলৈ ‘সংগীত সৌৰভ বঁটা’

জনপ্ৰিয় কণ্ঠশিল্পী মধুস্মিতা ভট্টাচাৰ্যক ৰাজ্যখনৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান অভিনন্দন সাংস্কৃতিক গোষ্ঠীয়ে আগবঢ়াইছে ‘সংগীত সৌৰভ বঁটা’৷ ‘টি-ছিৰিজ’ৰ ‘ইন হাউছ আৰ্টিছ’ হিচাপে ভালেমান ভক্তিমূলক হিন্দী গীতৰ এলবামত কণ্ঠদান কৰিছে শিল্পীগৰাকীয়ে৷ শ্ৰীশ্ৰী কামাখ্যাৰ মহিমাক ভক্তিমূলক হিন্দী গীতৰ জৰিয়তে সমগ্ৰ দেশতে প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে জনপ্ৰিয় কণ্ঠশিল্পী মধুস্মিতা ভট্টাচাৰ্যই৷ আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি শুন শুন ৰে সুৰ...’ শীৰ্ষক বৰগীতটি তেওঁ হিন্দী ভাষাত কণ্ঠদান কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বৰগীতৰো প্ৰচাৰ কৰে৷ অলপতে মুম্বাইস্থিত মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ ৰাজভৱনত অসমৰ এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ ইফালে কণ্ঠশিল্পী মধুস্মিতা আৰু তেওঁৰ স্বামী প্ৰযোজক প্ৰাঞ্জল ভাগৱতীয়েও ৰাজ্যপালগৰাকীক অসমৰ স্বাভিমানস্বৰূপ ফুলাম গামোচা আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনায়৷ মহাৰাষ্ট্ৰৰ ৰাজভৱনত তেওঁ ভক্তিমূলক গীত পৰিৱেশনেৰে উপস্থিত ৰাইজৰ মনত ভক্তিৰসৰ ভাব জগাই তোলে৷ অসমৰ সুৱদী-সুৰীয়া গীত-মাতৰ লগতে ভক্তিমূলক হিন্দী গীত পৰিৱেশন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা জনপ্ৰিয় কণ্ঠশিল্পী মধুস্মিতা ভট্টাচাৰ্যক ৰাজ্যখনৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান অভিনন্দন সাংস্কৃতিক গোষ্ঠীয়ে আগবঢ়াইছে ‘সংগীত সৌৰভ বঁটা’৷ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চৰ্চা তথা অসমৰ সুৱদী সুৰীয়া গীত-মাতেৰে সংগীত জীৱন আৰম্ভ কৰা কণ্ঠশিল্পী মধুস্মিতা ভট্টাচাৰ্যই ‘টি-ছিৰিজ’ৰ ‘ইন হাউছ আৰ্টিছ’ হিচাপে ভালেমান ভক্তিমূলক হিন্দী গীতৰ এলবামত কণ্ঠদান কৰিছে৷ ভক্তিমূলক হিন্দীগীত পৰিৱেশনেৰে এইগৰাকী কণ্ঠশিল্পীয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বিৰল সন্মান৷ অসমীয়া আৰু হিন্দী ভাষাৰ উপৰিও তেলেগু, মাৰাঠী, গুজৰাটী, কানাড়া, বাংলা, উড়িয়া আদি কৰি দেশৰ বিভিন্ন আঞ্চলিক ভাষাতো তেওঁৰ কণ্ঠৰ ভক্তিমূলক গীতৰ এলবাম ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজে লাভ কৰিছে৷ বিভিন্ন টিভি চেনেলত কণ্ঠশিল্পী মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত প্ৰচাৰ কৰাৰ লগতে ইউ টিউবতো তেওঁৰ গীত উপলব্ধ৷ ভাৰতৰ আগশাৰীৰ মহানগৰীৰ উপৰি আমেৰিকা, কানাড়া আদি বিদেশৰ মাটিতো অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি বিৰল কৃতিত্ব অৰ্জন কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী মধুস্মিতা ভট্টাচাৰ্যই৷

এসময়ত নিয়মীয়াকৈ ভাৰতীয় শাস্ত্ৰীয় সংগীত [কণ্ঠ] আৰু অসমীয়া আধুনিক গীতৰ চৰ্চা কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী মধুস্মিতা ভট্টাচাৰ্যই৷ অসমৰ জাতীয় জীৱনৰ কেইবাগৰাকীও পুৰোধা শিল্পী-সাহিত্যিকৰ শ্ৰুতিমধুৰ গীতসমূহ শ্ৰব্য-সঁফুৰাৰ জৰিয়তে সংগীতপ্ৰেমীৰ মাজত বিলাই দি কম বয়সতে অসমৰ ৰাইজৰ মৰমৰ কণ্ঠ শিল্পী হৈ পৰে তেওঁ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা, সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা, বনকোঁৱৰ আনন্দিৰাম দাস, কমলানন্দ ভট্টাচাৰ্য, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাকে ধৰি কেইবাগৰাকীও মহাপ্ৰাণ অসমীয়াৰ গীত কণ্ঠশিল্পী মধুস্মিতা ভট্টাচাৰ্যই শ্ৰব্য সঁফুৰাৰ জৰিয়তে সংগীতপ্ৰেমীৰ মাজত বিলাই দিছে৷ এইচ এম ভি কোম্পানীৰ ‘সা-ৰে-গা-মা’ৰ জৰিয়তে পৰিৱেশন কৰি সমগ্ৰ দেশৰ সংগীতানুৰাগীৰ মাজত চিনাকি হৈ পৰে  অসমৰ কণ্ঠশিল্পী মধুস্মিতা ভট্টাচাৰ্য৷ শ্ৰীশ্ৰী মা কামাখ্যাৰ মহিমাক ভক্তিমূলক হিন্দী গীতৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ চলোৱা তথা গুৰুজনাৰ অমৰ সৃষ্টি বৰগীত হিন্দী ভাষাত পৰিৱেশন কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বাবে ৰাজ্যখনৰ অগ্ৰণী অনুষ্ঠান অভিনন্দন সাংস্কৃতিক গোষ্ঠীয়ে জনপ্ৰিয় কণ্ঠশিল্পী ভট্টাচাৰ্যক চলিত বৰ্ষৰ ‘সংগীত সৌৰভ বঁটা’ৰ বাবে নিৰ্বাচিত কৰিছে৷