Logo
image

গীতিকাৰ জাভেদৰ বিৰুদ্ধে কংগনাৰ আইনী যুঁজ

মায়াপুৰীৰ মায়া বুজা কঠিন৷ পৰিয়ালৰ খৰিয়াল, মানহানিৰ গোচৰ, মোকৰ্দমা, শালীনতা বিনষ্ট আদিৰে জৰ্জৰিত মায়ানগৰী বলীউড৷  মায়ানগৰীৰ ৰোছন পৰিয়ালৰ সৈতে বলীউড কুইন কংগনা ৰাণাৱটৰ দ্বন্দ্ব-সংঘাত বলীউডৰ ভুৰখামহলে জানে৷ এই পাৰিবাৰিক সংঘাতৰ মাজত নাম সাঙোৰ খাই পৰে বলীউডৰ বৰ্ষীয়ান গীতিকাৰ জাভেদ আখতাৰ৷ ২০১৬ চনৰ এক বৈঠকৰ ভিত্তিত ২০২০ চনত জাভেদৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে বলীউডৰ কন্ট্ৰভাৰ্ছী কুইনে৷ সেই গোচৰৰ ভিত্তিতে প্ত আগষ্টত গীতিকাৰ আখতাৰক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে৷ প্ৰকৃততে কি ঘটিছিল জাভেদ-কংগনাৰ মাজত৷ বলীউডৰ সুদৰ্শন অভিনেতা হূত্বিক ৰোছন আৰু কংগনাৰ মাজত এটা সময়ত মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল৷ সেই সময়ত ৰোছন পৰিয়ালৰ একাধিক ছবিত কংগনাই অভিনয়ো কৰিছিল৷ কিন্তু এই মধুৰ সম্পৰ্কত এটা সময়ত ফাঁট মেলে৷ হিমাচল জীয়ৰী কংগনাই হৃত্বিকৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ আনে৷ ২০১৬ চনত  এই প্ৰসংগত আলোচনা কৰাৰ বাবে গীতিকাৰ জাভেদ আখতাৰে কংগনাক তেওঁৰ ঘৰলৈ মাতে৷ এই লৈ বছৰ দিন ধৰি বহু পানী ঘোলা হ’ল৷ পৰৱৰ্তী সময়ত ২০২০ চনত কংগনাই এটা টেলিভিশ্যন ছেনেলৰ সাক্ষাৎকাৰত অভিযোগ তুলিলে যে তেওঁক ঘৰলৈ মাতি নি জাভেদে একপ্ৰকাৰে হুমকি দিয়ে যে ৰোছন পৰিয়ালৰ বিৰুদ্ধে তেওঁ কোনো পদক্ষেপ গ্ৰহণ কৰিলে মুখ লুকুৱাবলৈ কোনো ঠাই নাথাকিব৷ এই সাক্ষাৎকাৰৰ পাছত জাভেদে কংগনাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে৷ ইয়াৰ ব্যতিৰেকে ২০২০ চনত কংগনাও জাভেদৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে৷ শেহতীয়াকৈ আদালতত হাজিৰ হয় জাভেদ আৰু কংগনাৰ চিকিৎসক ৰমেশ আগৰৱালা৷ জাভেদৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৮ [অপৰাধমূলক ভীতি প্ৰদৰ্শন] আৰু ৫০৯ [মহিলাৰ শালীনতা অৱমাননা] ধাৰাত গোচৰ ৰুজু হৈছে৷ সেই গোচৰৰ ভিত্তিতে জাভেদলৈ চমন জাৰি কৰিছে মুম্বাইৰ মেজিষ্ট্ৰেট ক’ৰ্টে৷ ৫ আগষ্টত আন্ধেৰি ক’ৰ্টত জাভেদক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে৷