Logo
image

এছিয়ান ভাৰোত্তোলনত সোণ বুটলিলে সিদ্ধান্তই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ জুলাইঃ এছিয়ান ভাৰোত্তোলনত উজলি উঠিল অসম সন্তান সিদ্ধান্ত গগৈ৷ নতুন দিল্লীৰ উপকণ্ঠ গ্ৰেটাৰ নয়দাৰ গৌতম বৌদ্ধ বিশ্ববিদ্যালয়ত চলি থকা এছিয়ান ইউথ আৰু জুনিয়ৰ ভাৰোত্তালন চেম্পিয়নশ্বীপৰ ৬১ কেজি জুনিয়ৰ শাখাত অসমৰ সিদ্ধান্ত গগৈয়ে দেওবাৰে সোণৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে৷ সিদ্ধান্তই স্নেচত ১১৬ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৪৯ কেজি উত্তোলন কৰিছিল৷ যিহেতু ইয়াত সুকীয়াকৈ পদক দিয়া হয়, সেই সূত্ৰে সিদ্ধান্তই স্নেচত ৰূপৰ, ক্লিন এণ্ড জাৰ্কত সোণৰ আৰু সামগ্ৰিকভাৱে ২৬৫ কেজি উত্তোলনেৰেও সোণৰ পদক লাভ কৰে৷ অৰ্থাৎ প্ৰতিযোগিতাখনত সিদ্ধান্ত গগৈয়ে দুটা সোণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰে৷ উল্লেখ্য, বিগত ১৩ জুলাইত একে ঠাইতে অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলনৰ জুনিয়ৰ শাখাৰ ৬১ কেজি শাখাত সিদ্ধান্তই স্নেচত ১১২ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৪৮ কেজি উত্তোলনেৰে সোণৰ পদক লাভ কৰিছিল৷ ১৯ বছৰীয়া সিদ্ধান্তৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত৷ একেটা মাহতে দুটাকৈ আন্তৰ্জাতিক সফলতা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে অসম সন্তান সিদ্ধান্ত গগৈয়ে৷ লক্ষণীয়ভাৱে এছিয়ান ভাৰোত্তোলনৰ ৪৯কেজি মহিলা জুনিয়ৰ শাখাত ভাৰতৰ জ্ঞানেশ্বৰী যাদৱে ৰূপৰ পদক লাভ কৰে৷