Logo
image

নিলম্বিত আৰক্ষী বিষয়াই চাকৰি ঘূৰাই পালেই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ আগষ্টঃ এছআই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত সম্পূৰ্ণ নৌহওঁতেই নিলম্বিত অ’চি মনোজ ৰাজবংশীক পুনৰ দিলে নিযুক্তি৷ নগাঁৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ বিগত ১৬ মে’ৰ পুৱতি নিশা জখলাবন্ধাত পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাৰ সৈতে  নাম সাঙোৰ খাই পৰাত নগাঁও সদৰ থানাৰ তদানীন্তন অ’চি মনোজ ৰাজবংশীক ২৪ মে’ত চাকৰিৰ পৰা নিলম্বন কৰিছিল গৃহ বিভাগে৷ আনকি তদন্তকাৰী চি আই ডিয়ে কেইবাবাৰো জেৰাও কৰিছিল অ’চি ৰাজবংশীক৷ মনোজ ৰাজবংশীৰ বিৰুদ্ধে অভিযোগ আছিল জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কীয় তথ্য-প্ৰমাণ নষ্ট কৰাৰ৷ কিন্তু তেনে এজন অভিযুক্ত তথা সন্দেহজনক আৰক্ষী বিষয়াক নিলম্বিনৰ দুমাহ নৌহওঁতেই গৃহ বিভাগে নিলম্বন প্ৰত্যাহাৰ  কৰি নগাঁৱৰ সীমান্ত শাখাত স্থলাবিষিক্ত কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ চি বি আয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে অভিযুক্ত সন্দেহজনক বিষয়াজনক গৃহ বিভাগে ইমান খৰখেদাকৈ পুনৰ নিযুক্তি দিয়া বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷ অ’চি মনোজ ৰাজবংশীৰ মূৰৰ ওপৰত অদৃশ্য কোনো শীৰ্ষ আৰক্ষী বিষয়াৰ আশীৰ্বাদ আছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ উল্লেখ্য, নগাঁও সদৰ থানাত মনোজ ৰাজবংশীয়ে ৰুজু কৰা ৪৪৩/২৩ নম্বৰৰ গোচৰটোৰ সংক্ৰান্ততে এছআই জোনমণি ৰাভাই লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল৷ স্বাভাৱিকতেই লখিমপুৰৰ অভিযানৰ সৈতে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা প্ৰত্যক্ষ সম্পৰ্ক থকাত মূল গোচৰটো ৰুজু কৰাৰ আঁৰৰ আৰক্ষী বিষয়া অ’চি মনোজ ৰাজবংশীৰ তাৎক্ষণিকভাৱে নিলম্বন প্ৰত্যাহৰ কৰা বিষয়টোৱে পুনৰ ৰহস্যৰ সৃষ্টি কৰিছে৷