Logo
image

ৰাজ্যজুৰি নটসূৰ্য বন্দনা

‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ আগষ্টঃ অসমৰ সাংস্কৃতিক জগতৰ অন্যতম পুৰোধা নটসূৰ্য ফণী শৰ্মাক আকৌ এবাৰ বন্দনা কৰিলে অসমীয়াই৷ ফণী শৰ্মাৰ জন্মস্থান আৰু কৰ্মস্থলী তেজপুৰত শ্ৰদ্ধাৰে স্মৰণ কৰা হয় নটসূৰ্যৰ কৰ্মময় জীৱন আৰু বৰ্ণিল সৃষ্টিৰাজিক৷ তেজপুৰৰ উপৰি গুৱাহাটী, ডিব্ৰুগড়, নগাঁও, শিৱসাগৰ, নলবাৰী, চতিয়া, বিশ্বনাথ চাৰিআলি আদি ঠাইতো নটসূৰ্য ফণী শৰ্মাক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷ আধুনিক নাট্য আন্দোলনৰ প্ৰাতঃস্মৰণীয় পুৰোধা, নটসূৰ্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতিদিৱসৰ কালিৰ দিনটোত নটসূৰ্যৰ ওপজা স্থান তেজপুৰত নটসূৰ্য বন্দনাৰে মুখৰ হৈ পৰে৷ নটসূৰ্যৰ কলিবাৰীৰ বাসগৃহৰ কাষতে থকা সমাধি ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত নটসূৰ্যৰ তৃতীয় পুত্ৰ অজিৎ শৰ্মা, বোৱাৰী বিনীতা শৰ্মা, নাতি নৱজ্যোতি শৰ্মাৰ লগতে শোণিতপুৰ জিলা অতিৰিক্ত আয়ুক্ত গৰ্গমোহন দাস, পংকজ বৰা, তোৱাহিৰ আলম, জিলা নিৰ্বাচনী বিষয়া ইভা দাস, সহকাৰী আয়ুক্ত নিলোৎপল চেতিয়া, আইৰিচ আৰমান আহমেদৰ লগতে বাণ থিয়েটাৰৰ উপ-সভাপতি দিলীপ বৰা আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই নটসূৰ্য ফণী শৰ্মাৰ জীৱন-দৰ্শন আলোকপাত কৰি শিল্পী গৰাকীৰ সৃষ্টিৰাজি সঠিক ৰূপত সংৰক্ষণ পোষকতা কৰে৷ ইতিমধ্যে সমাধি ক্ষেত্ৰত তেজপুৰ পৌৰসভাৰ সহযোগত জিলা প্ৰশাসনে সমাধি সৌধ নিৰ্মাণ কৰি উলিয়াইছে আৰু চৰকাৰে পূৰ্বে ঘোষণা কৰা ধনৰাশি লাভ কৰিলেই পৰ্যটকৰ বাবে আকৰ্ষণীয়কৈ উদ্যান আদিকে ধৰি বিভিন্ন সুবিধাযুক্তকৈ পূৰ্ণাংগ ৰূপত নটসূৰ্য্য ফণী শৰ্মা সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ উল্লেখ্য যে, তেজপুৰৰ ডলফিন কলা নিকেতনৰ পৰিচালক বিশিষ্ট কলা নিৰ্দেশক কুলেন বৰাৰ জৰিয়তে কলা নিকেতনৰ কণ কণ শিক্ষাৰ্থীসকলেও বিশেষ অনুষ্ঠানৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানটিত অভিনেতা মৃগেন চন্দ্ৰ বড়া আৰু নটসূৰ্যৰ নাতি অভিনয় শিল্পী নৱজ্যোতি শৰ্মাই নটসূৰ্য্যৰ কালজয়ী নাটক ‘এমুঠি চাউল’ আৰু ‘কিয়’ৰ সংলাপ পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে৷ বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়েও স্মৃতিচাৰণ কৰা অনুষ্ঠানটিৰ অন্তত পংকজ বৰুৱাই শলাগ জ্ঞাপন কৰে৷ আনহাতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ তেজপুৰৰ জ্যোতি ভাৰতী অৰ্থাৎ ‘পকী’ত জ্যোতি ভাৰতীৰ উদ্যোগত অনুষ্ঠিত নটসূৰ্য দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷ জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বন্দনা সংগীত কাননৰ শিল্পীসকলে গীত-মাত পৰিৱেশন কৰে৷  গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শিক্ষাৰ্থীসকলে পুলক কুমাৰ ডেকাৰ পৰিচালনাত ৰূপকোঁৱৰৰ কালজয়ী নাটক ‘নিমাতী কইনা’ পৰিৱেশন কৰাৰ লগতে বিহগুৰিৰ নাট কৰ্মশালাৰ শিক্ষাৰ্থীসকলে অমিতাভ কলিতাৰ পৰিচালনাত পৰিৱেশ সজাগতাৰ ওপৰত এখন ছুটি নাট নিবেদন কৰে৷ অনুষ্ঠানটিত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ জ্যোতিকমল হাজৰিকাই নটসূৰ্য ফণী শৰ্মাৰ জীৱন-দৰ্শন আৰু সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে৷ পুৱা তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগনত থকা আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰে তেজপুৰ সাহিত্য সভাই৷ সম্পাদক দ্বীজেন নাথে আঁত ধৰা অনুষ্ঠানটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সভাপতি ৰমেশ চন্দ্ৰ কলিতাই৷ আনহাতে সন্ধিয়া ৬-৩০ বজাৰ পৰা নটসূৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হয় নটসূৰ্য ফণী শৰ্মা স্মৃতি বিজড়িত বাণ থিয়েটাৰৰ ছদিনীয়া নাট সমাৰোহৰ৷ নটসূৰ্যৰ পুত্ৰ অজিৎ শৰ্মাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওটৰ লগতে কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া আৰু তেজপুৰৰ প্ৰায়সমূহ সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰে৷ জিতুমণি দেৱচৌধুৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰি বিশিষ্ট কবি, নাট্য সমালোচক জ্ঞান পূজাৰীয়ে নটসূৰ্য ফণী শৰ্মাৰ সৃষ্টিৰাজিৰ কেতবোৰ বিশেষ দিশৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়ায়৷ আনহাতে এই অনুষ্ঠানতে বাণ থিয়েটাৰৰ আজীৱন সদস্য, নিষ্ঠাবান সমাজকৰ্মী জগন্নাথ বৰাক বাণ থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সম্বৰ্ধনা জ্ঞাপন কৰে তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত সক্ৰিয় ৰাজহুৱা কৰ্মী জগন্নাথ বৰাক৷  সেইদৰে নটসূৰ্য ফণী শৰ্মা দেৱৰ ৫৩ সংখ্যক মৃত্যু তিথিত তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি পুলিন ভট্টাচাৰ্য, সহকাৰী সম্পাদক ড॰ মনোজ কুমাৰ হাজৰিকা আৰু কলিবাৰী চিত্ৰলেখা কৃষ্টি সংঘৰ সভাপতি পৱন বৰঠাকুৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

নটসূৰ্যক স্মৰণ জ্যেষ্ঠ নাগৰিকৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চ [তেজপুৰ শাখা]ৰ যুটিয়া উদ্যোগত মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যালয়ত আজি নটসূৰ্য ফণী শৰ্মাৰ ৫৩সংখ্যক স্মৃতি দিৱস উদ্‌যাপন কৰা হয়৷ পুৱা ১০.৩০ বজাত মঞ্চৰ সভাপতি প্ৰতাপ চন্দ্ৰ কলিতাৰ বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত সদস্যসকলে এক মিনিট মৌন প্ৰাৰ্থনাৰ পিছত মহান শিল্পীজনাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰে৷ মঞ্চৰ সভাপতিয়ে সভাপতিত্ব কৰা স্মৃতিচাৰণ সভাত ৰুমা দেৱী শৰ্মা, থানেশ্বৰ শৰ্মা, সম্পাদক দেৱকান্ত দাস, যাদৱ চন্দ্ৰ নাথ, ইন্দ্ৰেশ্বৰ শইকীয়া, সভাপতি প্ৰতাপ চন্দ্ৰ কলিতা আদিয়ে নটসূৰ্যৰ বিভিন্ন স্মৃতি বিজড়িত ঘটনা পৰিঘটনাৰ লগতে ৰসাল মুহূৰ্তৰ বৰ্ণনা কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে৷

‘নটসূৰ্য’ৰ উদ্যোগত ‘স্বৰাজোত্তৰ কালৰ অসমীয়া নাটক’ শীৰ্ষক বক্তৃতানুষ্ঠান, প্ৰবীণ অভিনেতা নীলু চক্ৰৱৰ্তীক সম্বৰ্ধনা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ স্বৰাজোত্তৰ কালৰ পৌৰাণিক আৰু বুৰঞ্জীমূলক নাটকে প্ৰাধান্য পাইছে৷ দৰ্শকেও  পৌৰাণিক কাহিনীক লৈ ৰচনা কৰা নাটক আৰু বুৰঞ্জীমূলক নাটক চাই ভাল পাইছিল৷ –এই মন্তব্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট নাট্য সমালোচক ড॰ পোনা মহন্তৰ৷ নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস উপলক্ষে নটসূৰ্যৰ উদ্যোগত আয়োজন কৰা ‘স্বৰাজোত্তৰ কালৰ অসমীয়া নাটকঃ গতি-প্ৰগতি’ শীৰ্ষক সাৰুৱা বক্তৃতা প্ৰদান কৰি ড॰ পোনা মহন্তই শ্ৰীমন্ত শংকৰদেৱ আৰু শ্বেইক্সপীয়েৰৰ প্ৰসংগ টানি আনি কয় যে শংকৰদেৱে ৫০০ বছৰৰ পূৰ্বেই নাটকৰ সূত্ৰধাৰৰ চৰিত্ৰ সৃষ্টি কৰিছিল৷ পৰৱৰ্তী সময়ত বহুতে নাটকত সূত্ৰধাৰ চৰিত্ৰটো প্ৰাধান্য দিছিল৷ সেইদৰে ব্ৰেখ্‌টৰক অনুসৰণ কৰি বহু নাটক সৃষ্টি হৈছিল৷  তেওঁ এবচাৰ্ডধৰ্মী নাটকৰ কথা ক’বলৈ গৈ অৰুণ শৰ্মাৰ ‘আহাৰ’, ‘নিবাৰণ ভট্টাচাৰ্য’ নাটকৰ কথা উল্লেখ কৰে৷ বক্তব্যৰ মাজতে নাট্য সমালোচকগৰাকীয়ে আধুনিক নাট্য আন্দোলনৰ প্ৰাতঃস্মৰণীয় ব্যক্তি নটসূৰ্য ফণীশৰ্মা, ব্ৰজ শৰ্মাৰ অৱদান স্বীকাৰ কৰে৷ কটন বিশ্ববিদ্যালয়ৰ এলুমনাই প্ৰেক্ষাগৃহত সোমবাৰে সন্ধিয়া ৫ বজাত অনুষ্ঠিত ফণী শৰ্মাৰ স্মৃতি দিৱস উপলক্ষে বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে ফণী শৰ্মা আৰু নটসূৰ্যৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক গিয়াছউদ্দিন আহমেদৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়৷ বন্তি প্ৰজ্বলনত অংশ লয় নটসূৰ্য পৰিয়ালৰ মণীষা হাজৰিকা, মলয়া গোস্বামী, দুলাল ৰয়, হাইদৰ হুছেইন, জয়ন্ত ভাগৱতী, পুলক বেনাৰ্জী,  মিতালী বৈশ্য শৰ্মা প্ৰমুখ্যে ব্যক্তিসকলে৷ নটসূৰ্যৰ দুটি সমবেত সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়৷ গীতিকাৰ কেশৱ মহন্ত আৰু কীৰ্তিকমল ভূঞাৰ দ্বাৰা ৰচিত পুলক বেনাৰ্জীয়ে সুৰ-সংগীতেৰে সজোৱা নটসূৰ্যৰ শীৰ্ষক গীত দুটি পৰিৱেশন কৰে নটসূৰ্য পৰিয়ালৰ সদস্যসকলে৷ আদৰণি ভাষণ আগবঢ়ায় নটসূৰ্যৰ প্ৰধান সম্পাদক ৰামকৃষ্ণ শৰ্মাই৷ আদৰণি ভাষণত প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে নটসূৰ্যৰ দীঘলীয়া পৰিক্ৰমাৰ বিষয়ে আলোকপাত কৰে ৰামকৃষ্ণ শৰ্মাই৷ নটসূৰ্যৰ সভাপতি স্বপ্ননীল বৰুৱা, কাৰ্যকৰী সভাপতি পুলক বেনাৰ্জী, নটসূৰ্যৰ উপদেষ্টা কুলধৰ শইকীয়া, বিশিষ্ট পৰিচালক অভিনেতা দুলাল ৰয়, সম্বৰ্ধিত ব্যক্তি নীলু চক্ৰৱৰ্তী আৰু সুবক্তা ড॰ পোনা মহন্তই মঞ্চৰ আসন শুৱনি কৰে৷ অনুষ্ঠানৰ প্ৰবীণ অভিনেতা নীলু চক্ৰৱৰ্তীক ফুলাম গামোচা, ফুলৰ টোৰা, নটসূৰ্যৰ স্মাৰক, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধনা অনুষ্ঠানত উপকূল বৰদলৈ, মণীষা হাজৰিকা,  স্বপ্ননীল বৰুৱা, দুলাল ৰয়, জয়ন্ত ভাগৱতী, হাইদৰ হুছেইন, ৰামকৃষ্ণ শৰ্মাৰ লগতে নটসূৰ্যৰ পৰিয়াল আৰু নীলু চক্ৰৱৰ্তীৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰে৷ নটসূৰ্যৰ প্ৰধান সম্পাদক ৰামকৃষ্ণ শৰ্মাই আঁত ধৰা শতাধিক নাট্যপ্ৰেমী দৰ্শক উপস্থিত থকা অনুষ্ঠানত সুবক্তা ড॰ পোনা মহন্তৰ তত্ত্বগধুৰ বক্তৃতাই সকলোকে আপ্লুত কৰে৷