Logo
image

মহানগৰীৰ হেঙেৰাবাৰীত বাহনৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটিলে লেপটপ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদাব্যস্ত গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত মঙলবাৰে দিন দুপৰতে বাহনৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লেপটপকে ধৰি বহু গুৰুত্বপূৰ্ণ নথিপত্র লুট কৰি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাতীগাঁৱৰ অনুব্ৰত শৰ্মা নামৰ লোকজনে হেঙেৰাবাৰীত এটা এপার্টমেণ্টৰ সন্মুখত এএছ ০১- ডিপি-৩৮৭৮ নম্বৰৰ বাহনখন ৰখাই থৈছিল। বাইকত অহা দুটা দুর্বৃত্তই বাহনখনৰ গ্লাছ ভাঙি শৰ্মাৰ লেপটপ আৰু নথিপত্র লুট কৰি নিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগী শৰ্মাই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।