Logo
image

হাৰিয়ানা জ্বলিছে, দিল্লীতো উত্তাপ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ আগষ্টঃ সোমবাৰে হিন্দুৰ এটা ধৰ্মীয় শোভাযাত্ৰাত কৰা আক্ৰমণৰ পৰা হাৰিয়ানাৰ নুহত সংঘটিত হোৱা ৰক্তাক্ত সাম্প্ৰদায়িক সংঘৰ্ষত এইপৰ্যন্ত মুঠতে ৫জন লোক নিহত হৈছে আৰু ৭০জনৰো অধিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে৷ হাৰিয়ানাৰ নুহৰ নন্দগাঁৱৰ পৰা এই সাম্প্ৰদায়িক সংঘৰ্ষ সোমবাৰে নিশাই গুৰুগ্ৰামলৈ বিয়পি পৰে আৰু মাজনিশা হিন্দু সমৰ্থকে গুৰুগ্ৰামৰ ছেক্টৰ ৫৬১ এটা মছজিদ জ্বলাই এজন ইমামক হত্যা কৰাৰ পাছত মঙলবাৰে দিনত গুৰুগ্ৰামৰ একাধিক স্থানলৈ  সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পি পৰিছে৷ হাৰিয়ানাৰ সৈতে ভৌগোলিক সীমাই বিভক্ত কৰি ৰাখিলেও এই সাম্প্ৰদায়িক সংঘৰ্ষৰ তাপে দিল্লীকো দহিছে৷ দিল্লীৰ সংসদৰ পৰা গুৰুগ্ৰামৰ দূৰত্ব মাথোঁ ২৬ কিলোমিটাৰ আৰু মঙলবাৰে গুৰুগ্ৰামৰ একাধিক স্থানত কেইবাশতাধিক উত্তেজিত জনতাই ৰেস্তোৰাঁ আৰু দোকান-পোহাৰ জ্বলাবলৈ আৰম্ভ কৰাত দিল্লীৰ মছনদে মণিপুৰৰ পাছত আন এখন বিজেপিশাসিত ৰাজ্যৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বোজা ববলৈ প্ৰস্তুত হ’বলগীয়া হৈছে৷ আনহাতে, আক্ষৰিক অৰ্থতে মঙলবাৰে দিনত গুৰুগ্ৰামৰ মুছলিম বসতিপ্ৰধান অঞ্চল বাদশ্বাহপুৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চললৈ বিয়পি পৰিবলৈ অধিক সময় নালাগিব বুলি আশংকা কৰা হৈছে৷ মঙলবাৰে বিয়লি ৪ বজাত গুৰুগ্ৰামৰ বাদশ্বাহপুৰত জয় শ্ৰীৰাম ধবনি দি ২০০ৰো অধিক উত্তেজিত জনতাই এখন ৰেস্তোৰাঁত অগ্নিসংযোগ কৰি সেই অঞ্চলৰ বহু দোকান-পোহাৰ ভাঙি পেলোৱাত সমগ্ৰ গুৰুগ্ৰামত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ বিয়লি আৰম্ভ হোৱা এই ধবংসযজ্ঞ সন্ধিয়া পৰ্যন্ত একপক্ষীয় হৈ আছে যদিও উত্তেজনা বিয়পি পৰাত নিশালৈ ঘটনাই গুৰুতৰ সংঘৰ্ষৰ ৰূপ ল’ব পাৰে বুলি আতংকৰ সৃষ্টি হৈছে৷ অৱশ্যে এতিয়ালৈকে গুৰুগ্ৰামত মঙলবাৰে সংঘটিত ঘটনাত কোনো লোক হতাহত হোৱা নাই৷ কিয়নো ২০০জনীয়া উত্তেজিত লোকৰ জনতাই বাদশ্বাহপুৰৰ দোকান-পোহাৰ বিয়লি ভাঙিবলৈ আৰম্ভ কৰাৰ লগে লগে সকলো দোকানী-ব্যৱসায়ীয়ে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি নিৰাপদ স্থানলৈ আঁতৰি গৈছে৷ উত্তেজিত জনতাৰ দলটোৱে ঘাইকৈ মাংস বিক্ৰী কৰা দোকানসমূহ আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ সোমবাৰে নিশা গুৰুগ্ৰাম ছেক্টৰ-৫৬ত এটা মছজিদ জ্বলাই দি ইমাম মৌলানা মহম্মদ ছাদক গুলীয়াই হত্যা কৰাৰ পাছতে অশান্তিৰ আশংকা কৰি প্ৰশাসনে গুৰুগ্ৰামৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰে৷ তদুপৰি সংঘৰ্ষৰ আৱহত মঙলবাৰে গুৰুগ্ৰামৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বেচৰকাৰী প্ৰতিষ্ঠান বন্ধ থাকে৷

সোমবাৰে সংঘৰ্ষৰ আৰম্ভণি হৈছিল দিল্লীৰ পৰা মাথোঁ ৫০ কিলোমিটাৰ নিলগৰ হাৰিয়ানাৰ নুহত৷ নুহৰ নন্দগাঁৱৰ পৰা এদল হিন্দু ধৰ্মাৱলম্বী লোকে শ্ৰাৱন মাহৰ সোমবাৰ উপলক্ষে ব্ৰিজমণ্ডল জলাভিষেক যাত্ৰা নামৰ এটা সমদল উলিয়াইছিল৷ সমদলটো মুছলিম বসতিপ্ৰধান অঞ্চল পোৱাৰ লগে লগে সমদলত ভাগ লোৱা লোকক উন্মত্ত মুছলিম জনতাই শিলগুটি আৰু লাঠীৰে আক্ৰমণ কৰে৷ লগে লগে অঞ্চলটোত ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয়৷ আক্ৰমণকাৰী কেইজনমানৰ হাতত আগ্নেয়াস্ত্ৰও আছিল৷ এদল আক্ৰমণকাৰীয়ে নুহৰ গোৰখনাথ মন্দিৰত প্ৰৱেশ কৰি মন্দিৰটো ভাঙি লণ্ডভণ্ড কৰে৷ কেইবাঘণ্টা ধৰি অব্যাহত থকা সংঘৰ্ষত নীৰজ আৰু গুৰুসেৱক নামৰ দুজন হোমগাৰ্ডে আক্ৰমণকাৰীৰ হাতত প্ৰাণ হেৰুৱায়৷ সমদলত ভাগ লোৱা আন দুজন হিন্দু ভক্তৰো মৃত্যু হয়৷ লগে লগে সংঘৰ্ষ গুৰুগ্ৰামৰ ছোহনা ৰোডলৈ বিয়পে আৰু উত্তেজিত জনতাই পথৰ জনতাৰ গাড়ী আগভেটি ধৰি জ্বলাই দিয়ে৷ আনহাতে, নুহাতে আক্ৰমণকাৰীয়ে আৰক্ষীৰ কেইবাখনো গাড়ী জ্বলাই ভস্মীভূত কৰে৷ প্ৰায় সহস্ৰাধিক লোকৰ ধৰ্মীয় সমদলটো মুছলিম বসতিপ্ৰধান অঞ্চলৰ মাজেৰে যোৱাৰ পৰিকল্পনা থাকিলেও পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল আৰু যথেষ্টসংখ্যক নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হোৱা নাছিল৷ ইপিনে সোমবাৰে নিশাই গুৰুগ্ৰামৰ কমেও দুখন ঠাইলৈ এই সংঘৰ্ষ বিয়পি পৰে৷ মাজনিশা গুৰুগ্ৰামৰ ছেক্টৰ-৫৬ত থকা এটা মছজিদত হিন্দু লোকে প্ৰতিশোধকল্পে আক্ৰমণ কৰে৷ উত্তেজিত দলটোৱে কৰা গুলীচালনাত মছজিদৰ মুফটি মৌলানা মহম্মদ ছাদ থিতাতে নিহত হয়৷ খুৰছিদ নামৰ আন এজনকো আক্ৰমণকাৰীয়ে গুলীয়াই আহত কৰে৷ জটিল অৱস্থাত তেওঁ চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে৷

একাংশ প্ৰতিষ্ঠিত সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ধৰ্মীয় শোভাযাত্ৰাৰ পূৰ্বে হিন্দু ধৰ্মাৱলম্বীয়ে এটা আপত্তিজনক ভিডিঅ’ প্ৰচাৰ কৰিছিল৷ তদুপৰি দুজনকৈ মুছলিম লোকক হত্যাত অভিযুক্ত হৈ কাৰাগাৰৰ পৰা সম্প্ৰতি মুকলি হৈ অহা মনু মানেছৰ নামৰ এজন গোৰক্ষকে শোভাযাত্ৰাত ভাগ লোৱাটোও এই সংঘৰ্ষৰ অন্যতম কাৰণ বুলি প্ৰকাশ৷ নুহৰ বিধায়কে এই সংঘৰ্ষ বিজেপিৰ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰিছে৷ তেওঁ দাবী কৰে, অহা সাধাৰণ নিৰ্বাচনত ৰাজনৈতিক মুনাফা আদায় কৰাৰ বাবেই বিজেপিয়ে এই সংঘৰ্ষৰ পৰিকল্পনা কৰা বুলিও তেওঁ দাবী কৰে৷