Logo
image

৫ আগষ্টত জোনৰ কক্ষপথত চন্দ্ৰযান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ আগষ্টঃ দুসপ্তাহ প্ৰদক্ষিণ কৰাৰ পাছত অৱশেষত পৃথিৱীৰ মায়া এৰি চন্দ্ৰযান-৩ এইবাৰ মূল লক্ষ্য চন্দ্ৰ অভিমুখে ৰাওনা হৈছে৷ মঙলবাৰে ইছৰ’ৰ বিজ্ঞানীয়ে চন্দ্ৰযান-৩ক  পৃথিৱীৰ কক্ষপথৰ পৰা আঁতৰাই চন্দ্ৰ অভিমুখে আগবঢ়াই দিয়ে৷ ইছৰ’ৱে এটা টুইটত কয়– এতিয়া পৰৱৰ্তী ‘ষ্টপ’ হৈছে চন্দ্ৰ৷ যোৱা ১৪ জুলাইত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰাৰ পাছত চন্দ্ৰযান-৩য়ে পৃথিৱীক উপবৃত্তাকাৰ পথেৰে প্ৰদক্ষিণ কৰি আছিল, য’ৰ সৰ্বনিম্ন দূৰত্ব আছিল পৃথিৱীৰ পৰা ১৭৩ কিলোমিটাৰ আৰু সৰ্বাধিক দূৰত্ব আছিল ৪২,০০০ কিলোমিটাৰ৷ মঙলবাৰে চন্দ্ৰযান-৩ক সৰ্বাধিক দূৰত্বত থকা অৱস্থাৰ পৰাই চন্দ্ৰ অভিমুখে আগবঢ়াই দিয়া হয়৷ সম্প্ৰতি চন্দ্ৰযান-৩ আছে ‘ট্ৰেন্সলুনাৰ’ পথত৷ আজিৰ পৰা চাৰিদিন চন্দ্ৰযান-৩ পোনে পোনে চন্দ্ৰৰ অভিমুখে আগবাঢ়ি যাব আৰু ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব৷ চন্দ্ৰকো চন্দ্ৰযান-৩য়ে পৃথিৱীক প্ৰদক্ষিণ কৰাৰ দৰে প্ৰায় ৩ সপ্তাহ প্ৰদক্ষিণ কৰিব এটা উপবৃত্তকাৰ কক্ষপক্ষত৷ অহা ২৩ বা ২৪ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰৰ ১০০ কিলোমিটাৰ দূৰত্বলৈ কাষ চাপি যাব আৰু তাৰ পৰাই চন্দ্ৰত অৱতৰণৰ চেষ্টা চলাব৷ তেতিয়া চন্দ্ৰযানৰ গতি ‘লুনাৰ ৰাউণ্ড মেনুভাৰ নাম্বাৰ’ৰ জৰিয়তে ‘ৰাফ ব্ৰেকিং’ আৰু ‘কণ্ট্ৰল্‌ড ব্ৰেকিঙে’ৰে হ্ৰাস কৰা হ’ব আৰু ৩০ কিলোমিটাৰ দূৰত্বৰ পৰা চন্দ্ৰযান-৩য়ে ওপঙি ওপঙি অৱতৰণ কৰিব৷