Logo
image

আন্দোলন ব্যৰ্থ কৰিবলৈ বৃহৎ শক্তি সক্ৰিয় হৈ আছে

২৬ জানুৱাৰীত ৰাজধানী দিল্লীৰ মাজ-মজিয়াত কৃষক আন্দোলনকাৰীৰ দ্বাৰা যি তাণ্ডৱলীলা সংঘটিত হ’ল আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে ১৫ আগষ্টত  জাতীয় পতাকা উত্তোলন কৰা লালকিল্লাত শিখ ধৰ্মৰ ধৰ্মীয় পতাকা নিশান ছাহিব উত্তোলনৰ যি ঘটনা হ’ল সেয়া নিন্দনীয়৷ সেই ঘটনা ৰাষ্ট্ৰদ্ৰোহৰ দৰে অপৰাধৰ ঘটনা৷ সেয়া ভুল৷ যি ঘটনা সংঘটিত হ’ল তাৰ ওপৰত পৰ্দা আঁৰি সেয়া নাই হোৱা বুলি ক’ব নোৱাৰি৷ এইটোও নহয় যে, সেইদিনা হঠাতে ক’ৰবাৰ পৰা এদল লোক আহিল আৰু দিল্লীত লংকাকাণ্ড সংঘটিত কৰি লালকিল্লাত ধৰ্মীয় পতাকা উত্তোলন কৰিলে৷ যিসকলে এই কাণ্ড সংঘটিত কৰিলে তেওঁলোকেও বিগত দুমাহ ধৰি কৃষক আইনৰ বিৰুদ্ধে দিল্লীৰ সীমাত বহি আন্দোলন কৰি আছিল৷ তেওঁলোক আন্দোলনকাৰী মূল সংগঠনসমূহৰ সংগী হয় নে নহয় আৰু চৰকাৰৰ সৈতে আলোচনা কৰি থকা কৃষক-সংগঠনৰ নেতৃবৃন্দৰ অংশীদাৰ হয় নে নহয় সেয়া পিছৰ কথা৷ প্ৰথমতেই এটা কথা স্পষ্টভাৱে স্বীকাৰ কৰি লোৱা প্ৰয়োজন যে ট্ৰেক্টৰ ৰেলীৰ আহ্বান জনাইছিল আন্দোলনকাৰী কৃষক সংগঠনে৷ সেই ট্ৰেক্টৰ ৰেলীৰ পৰাই যিহেতু এই অনাকাংক্ষিত আৰু অবাঞ্চিত হিংসাত্মক ঘটনা সংঘটিত হ’ল, ৰাষ্ট্ৰদ্ৰোহৰ সমপৰ্যায়ৰ ঘটনাও একেলগে ঘটি গ’ল সেয়ে আন্দোলনৰ অন্যতম নেতা হিচাপে এই সকলোবিলাক ঘটনাৰ নৈতিক দায়িত্ব মই স্বীকাৰ কৰিবই লাগিব৷ 

বিগত দুমাহ ধৰি দিল্লীৰ কেইবাটাও সীমান্তৱৰ্তী প্ৰৱেশ পথত কেইবালাখ কৃষকে কৃষক আইনৰ বিৰুদ্ধে আন্দোলন কৰি আছে৷ সেই আন্দোলনক নেতৃত্ব প্ৰদান কৰি আছে ৪০ টাৰো কৃষক সংগঠনে৷ ইয়াৰে কমেও ৩০টা মান সংগঠন কেৱল পঞ্জাৱৰ৷ সিংঘু সীমান্তত আন্দোলন কৰি থকা কেইবাটাও কৃষক সংগঠনৰ ওচৰা-ওচৰিকৈ কিষাণ মজদুৰ সংঘৰ্ষ সমিতি নামৰ পঞ্জাৱৰ এটা সংগঠনেও আন্দোলন কৰি আছে৷ কিন্তু এই সংগঠনটো পঞ্জাৱৰ আন্দোলনকাৰী মুঠ ৩২টা কৃষক-সংগঠনৰ অন্তৰ্ভুক্ত নহয়৷ আমি আন্দোলনকাৰীসকলে সিংঘুত আৰক্ষীয়ে স্থাপন কৰা বেৰিকেডৰ এইপাৰে বহি অৱস্থান গ্ৰহণ কৰি আছো৷ কিষাণ মজদুৰ সংঘৰ্ষ সমিতিয়ে বেৰিকেডৰ সিপাৰে আৰক্ষীৰ ছত্ৰছায়াত বহি যোৱা দুমাহ আন্দোলন কৰি আছে৷ তেওঁলোক যিদৰে পঞ্জাৱৰ ৩২টা  আন্দোলনকাৰী সংগঠনৰ অংগ নহয়, সেইদৰে সকলো কৃষক সংগঠন মিলাই গঠন কৰা ক’-অৰ্ডিনেশ্বন কমিটীৰো অংগ নহয়৷ তেওঁলোকে কেনেকৈ আৰক্ষীৰ সৈতে বহি আন্দোলন কৰি আছে সেয়া তেওঁলোকেহে জানে৷ আমাৰ কোনো আলোচনাত তেওঁলোকক অংশ ল’বলৈ দিয়া নহয়৷ অনানুষ্ঠানিকভাৱে তেওঁলোকে কেতিয়াবা আমাৰো খা-খবৰ লয়৷ তথাপি কোনো কাৰণতে তেওঁলোক আমাৰ সংগঠনসমূহৰ অংশীদাৰ নহয়৷ যোৱা ২৬ জানুৱাৰীত সেই কিষাণ মজদুৰ সংঘৰ্ষ সমিতিয়েই দিল্লীৰ মূল চহৰৰ দিশে ট্ৰেক্টৰ লৈ যাত্ৰা কৰিছিল৷ তেওঁলোক যিহেতু বেৰিকেডৰ সিপাৰে আছিল সেয়ে তেওঁলোকৰ চহৰপ্ৰৱেশ সহজ-সাধ্য হৈছিল৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ সৈতে আৰু বহুতে যোগ দিছিল৷ অৱশেষত সকলোৱে মিলি দিল্লীত তাণ্ডৱ চলাইছিল আৰু লালকিল্লাত ধৰ্মীয় পতাকা উত্তোলন কৰিছিল৷ আগদিনাই এই কিষাণ মজদুৰ সংঘৰ্ষ সমিতিয়ে ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি তেওঁলোকে ২৬ জানুৱাৰীত দিল্লীৰ ভিতৰত ট্ৰেক্টৰ পেৰেড কৰিব বুলি ভাবুকি দিছিল৷ আন্দোলনকাৰী সংগঠনে সেই সকলো তথ্য আগতীয়াকৈ আৰক্ষীক জনাইছিল৷ তথাপি আৰক্ষীয়ে কিয় তেওঁলোকক বাধা নিদিলে আৰু কিয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়া মোৰ বাবে দুৰ্বোধ্য সাঁথৰ৷ 

ধৰ্মীয় পতাকা উত্তোলনৰ সম্পূৰ্ণ ঘটনাৱলীত হাতত মাইক্ৰফোন লৈ উচটনিমূলক বক্তব্যৰে উত্তেজিত আৰু প্ৰৰোচিত কৰি তুলিছিল দীপ সিদ্ধু নামৰ এজন পাঞ্জাৱী গায়ক-অভিনেতাই৷ তেওঁক ইতিপূৰ্বে আন্দোলনকাৰী কৃষকে একেলগে আন্দোলন কৰাৰ পৰা আঁতৰাই পঠিয়াইছিল৷ আম্বালাৰ সীমান্ততো তেওঁ আন্দোলনৰ বাবে দল-বল লৈ আহিছিল আঢ়ৈ মাহ পূৰ্বে৷ তাৰ পৰা কৃষকসকলে তেওঁক আঁতৰাই পঠাইছিল৷ দিল্লীৰ এই আন্দোলনতো দল-বল লৈ তেওঁ নিজাববীয়াকৈ আন্দোলন কৰি আছিল৷ কৃষক সংগঠনসমূহে তেওঁক পৰিত্যাগ কৰিছিল, কিয়নো বিগত সাধাৰণ নিৰ্বাচনত তেওঁ আছিল কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ গুৰুদাসপুৰ সমষ্টিৰ প্ৰাৰ্থী ছানি দেউলৰ নিৰ্বাচনী এজেণ্ট৷ এনে বিজেপি ঘনিষ্ঠ, সম্ভৱতঃ বিজেপিৰ সদস্য হোৱাৰ বাবেই দীপ সিদ্ধুক সকলোৱে নিলগাই ৰাখিছিল৷ কিন্তু সেইদিনা লালকিল্লাত সংঘটিত ঘটনাত তেঁৱেই হৈ পৰিছিল মূল নেতা৷ কি উদ্দেশ্যত আৰু কাৰ প্ৰৰোচনাত দীপ সিদ্ধুৱে এই কাম কৰিছিল সেয়া তেওঁ জানিব৷ সেই তথ্য বাহিৰ কৰা কাম তদন্তকাৰীৰ৷ 

সেইদিনাৰ ঘটনাত এই দুই পক্ষৰ উপৰি তৃতীয় এটা পক্ষও আছিল৷ তেওঁলোকে জানি বুজি হিংসাত্মক ঘটনা সংঘটিত কৰিছিল আৰু জানি বুজিয়েই তাণ্ডৱ চলাইছিল৷ তেওঁলোকৰ এই কামৰ আঁৰত উদ্দেশ্য আছিল৷ তেওঁলোক কোন সেয়া বিচাৰি উলিওৱাৰ দায়িত্ব তদন্তকাৰীৰ৷ চোৰাংচোৱাৰ হাতত এনেধৰণৰ কেইটামান সংগঠন আৰু ব্যক্তিয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিব পাৰে বুলি আগতীয়া খবৰ থকা সত্ত্বেও দিল্লীত কিয় সেইদিনা এজনো অদ্ধৰ্সামৰিক বাহিনী ব্যৱহাৰ কৰা নহ’ল সেয়াও মোৰ বাবে দুৰ্বোধ্য সাঁথৰ৷ এই কাৰ্যৰ আঁৰৰ ৰহস্য হয়তো কেতিয়াও উন্মোচিত নহ’ব৷

২৬ জানুৱাৰীৰ এই ভয়ংকৰ ঘটনাৰ আঁৰত কোন সেয়া মই ফঁহিয়াই দেখুৱাই দি নিজকে ঘটনাৰ পৰা নিলগ কৰিব খোজা নাই৷ এই ঘটনাৰ দায়িত্বৰ পৰা হাত সাৰিবও খোজা নাই৷ কিন্তু সকলোৱে জনা উচিত, সেইদিনাৰ ঘটনা প্ৰকৃততে কোনে সংঘটিত কৰিছিল? তেওঁলোকক কোনে পুঁজিৰ যোগান ধৰিছিল, কোন এজেঞ্চি তেওঁলোকৰ এই কাৰ্যৰ আঁৰত আছিল সেয়া হয়তো অহা ২০ বছৰলৈ কোনেও নাজানিব৷ এই ভয়ংকৰ ঘটনাৰ পৰা আন্দোলনকাৰী হিচাপে কেইবাটাও কথা শিকিলো৷ সকলোৰে অন্তত কওঁ– আন্দোলনত এতিয়াও উৎসাহ আৰু সংকল্প আছে৷ নেতিবাচক শক্তি আছে, কিন্তু আন্দোলন শেষ হৈ যোৱা নাই৷ আন্দোলনটো ভাঙিবলৈ বা ব্যৰ্থ কৰিবলৈ বৃহৎ শক্তি আছে আৰু সেই শক্তি সক্ৰিয় হৈ আছে৷ তথাপি কওঁ– আন্দোলনটো ঢিলা হৈ নপৰে৷ আন্দোলনকাৰী এতিয়াৰ পৰা প্ৰতিটো পদক্ষেপৰ বিচাৰ গভীৰ বিবেচনাৰে স্থিৰ কৰিব৷