Logo
image

মুছলমান মহিলাক পিন্ধাওক ৰাখী! বিজেপি নেতাক আহ্বান প্ৰধানমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্টঃ চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া পৱিত্ৰ ৰাখী বন্ধনৰ সময়ত দেশৰ মুছলমান মহিলাসকলক ৰাখী পিন্ধাবৰ বিজেপিৰ নেতাসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বিজেপি নেতৃত্বাধীন এনডিএৰ সংসদসকলৰ এক বৈঠকত প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনায়৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মঙলবাৰে নিশা নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগ, ওৰিষা আৰু ঝাৰখণ্ডৰ এনডিএ সাংসদসকলৰে এক বৈঠক অনুষ্ঠিত কৰিছিল৷ এই বৈঠকতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ট্ৰিপল তালাক নিষিদ্ধকৰণৰ ফলত দেশৰ মুছলমান মহিলাসকলৰ সুৰক্ষা বৃদ্ধি পাইছে৷ তেওঁলোকে এতিয়া নিজকে সুৰক্ষিত বুলি অনুভৱ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে ‘দ্যা মুছলিম ৱমেন [প্ৰটেকশ্বন অব ৰাইটছ অন মেৰিজ] বিল ২০১৯ সংসদত গৃহীত কৰি ট্ৰিপল তালাক নিষিদ্ধ কৰাৰ লগতে ট্ৰিপল তালাক দিয়া স্বামীৰ জেলযাত্ৰা নিশ্চিত কৰিছে৷ শেহতীয়াকৈ ‘মন কী বাত’তো প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে এইবাৰ ভাৰতৰ ৪০০০ মহিলাই হজ কৰিবলৈ গৈছে৷ এয়া এক বৃহৎ ৰূপান্তৰৰ ইংগিত বুলিও প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছে৷ লক্ষণীয় যে যি সময়ত মণিপুৰৰ পাছত বিজেপিশাসিত আন এখন ৰাজ্য ‘হাৰিয়ানা’ সাম্প্ৰদায়িক কাৰণ জ্বলিছে, প্ৰতি নিয়ত ৰাজ্যত সাম্প্ৰদায়িক ধ্ৰবীকৰণৰ প্ৰয়াস অব্যাহত আছে, সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আহ্বান গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ উল্লেখ্য যে ট্ৰিপল তালাক নিষিদ্ধকৰণৰ পাছতে ২০১৯ৰ লোকসভাত বিজেপিয়ে উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ পৰাও অপ্ৰত্যাশিতভাৱে যথেষ্ট সংখ্যক মহিলা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেয়েহে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনত পৰিকল্পিতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান মহিলাৰ পৰা ভোট লাভৰ লক্ষ্যত আগুৱাব বিচাৰিছে৷ ইয়াৰ বাবেই লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ এবাৰ তিনি তালাক বাতিলৰ প্ৰসংগ মুছলিম মহিলা সমাজৰ সন্মুখত তুলি ধৰিব বিচাৰিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ৰাজনৈতিক মহলত ইয়াৰো চৰ্চা আৰম্ভ হৈছে৷