Logo
image

চৰকাৰৰ পাছত বাজপেয়ী ভৱনো হিমন্তবাহিনীৰ সম্পূৰ্ণ দখলত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্টঃ চৰকাৰৰ পাছত অটল বিহাৰী বাজপেয়ী ভৱনো হিমন্তবাহিনীৰ সম্পূৰ্ণ দখলত৷ পুৰণিক আঁতৰাই কাৰ্যতঃ হিমন্তবাহিনীয়ে পৰিকল্পিতভাৱে বাজপেয়ী ভৱনো নিজৰ কব্জালৈ আনিবলৈ আগবাঢ়িছে৷ বিজেপিৰ বহু পুৰণি নিষ্ঠাবান নেতা-কৰ্মীক গুৰুত্বহীন কৰি সৌ সিদিনা দললৈ অহা লোকক গুৰুত্বপূৰ্ণ বিষয়বাবদ নিযুক্ত কৰা হৈছে৷ শেহতীয়াভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে ঘনিষ্ঠ ফণীন্দ্ৰ নাথ শৰ্মাক আঁতৰোৱাৰ পাছত অটল বিহাৰী বাজপেয়ী ভৱন নিজৰ কব্জালৈ অনাৰ চেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ইয়াৰ অংশৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বুধবাৰে উপস্থিত হয় বিজেপিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত৷ মন্ত্ৰী বৰুৱাই বুধবাৰে দলৰ মুখপাত্ৰসকলৰ সৈতে মত বিনিময় কৰে৷ তেওঁ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰসকলক ক’ত কেনেধৰণৰ কথা ক’ব লাগে, কেনে পৰিস্থিতিত মুখপাত্ৰসকল মুখ খোলাৰ পৰা বিৰত থাকিব লাগে, সেই সন্দৰ্ভত কাৰ্যতঃ পাঠ দিয়ে৷ বিজেপিৰ যিসকল মুখপাত্ৰক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দলৰ কাম-কাজ আগুৱাই নিয়াৰ বাবে দিক্‌দৰ্শন কৰায় তাৰ ভিতৰত সৰহসংখ্যকে বিজেপিৰ সৈতে দীৰ্ঘদিন জড়িত হৈ আছে৷ বিজেপিৰ উত্থান-পতনৰ সাক্ষী হৈ অহা নেতা-কৰ্মীকে বুধবাৰে দল চলোৱাৰ পাঠ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এনে পদক্ষেপ হয়তো হ’ব বিজেপিৰ পুৰণি নেতাক আঁতৰ কৰাৰ কৌশল৷ উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পাছত ক্ৰমাৎ গুৰুত্বহীন হৈ আহিছে বিজেপিৰ জ্যেষ্ঠ নেতাসকল৷ অতি বেয়া সময়তো দলৰ ধ্বজা বহন কৰি অহা নেতাসকলক লাহে লাহে অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা দূৰলৈ পঠিয়াই দিয়া হয়৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ৰমেন ডেকা, ৰাজেন গোহাঁই আদিৰ দৰে নেতাই মুকলিভাৱে অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান পাছতে বাজপেয়ী ভৱনলৈ যাব৷ বিজেপিৰ দলীয় নেতা-কৰ্মীৰ সৈতে মত বিনিময় কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মা অটল বিহাৰী বাজপেয়ী ভৱনলৈ যাব বুলি কোৱা হৈছে যদিও হয়তো এই যাত্ৰা হ’ব পুৰণি বিজেপিক আঁতৰ কৰাৰ অন্যতম পদক্ষেপ৷ উল্লেখ্য, সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ বুলি পৰিচিত বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ কাৰ্যকালত অসমত পুলিৰ পৰা বৃক্ষৰ ৰূপ লয় বিজেপিয়ে৷ বিজেপিৰ পুৰণি কৰ্মীক গুৰুত্বহীন কৰাৰ অভিযোগত ৰাজ্যৰ কেইবাখনো জিলা কমিটীতো ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে৷