Logo
image

টি-২০ শৃংখলাত আজি অভিযান আৰম্ভ কৰিব ভাৰতে

নতুন দিল্লী, ৩ আগষ্টঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয়ৰ পিছতে টি-টুৱেণ্টী শৃংখলাৰ যুঁজত নামিবলৈ সাজু হ’ল ভাৰতীয় ক্ৰিকেট দল৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া মেচৰ টি-টুৱেণ্টী শৃংখলা৷ ঘৰুৱা দলটোৰ বিৰুদ্ধে ফেৱৰিট হিচাপেই খেলপথাৰত নামিব হাৰ্দিক পাণ্ডিয়াৰ দল৷ ত্ৰিনিদাদৰ টাৰৌবাত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব শৃংখলাৰ প্ৰথম টি-টুৱেণ্টী৷ শৃংখলাটোত তৰুণ ক্ৰিকেটাৰসকলে নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব৷ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাই থকা ভাৰতৰ বাবে ৫০ অভাৰৰ শৃংখলাত জয় অৰ্জন এক সুখবৰ৷ পাঁচখনীয়া মেচৰ টি-টুৱেণ্টী শৃংখলাত ভাৰতে যশস্বী জয়ছোৱাল, তিলক বাৰ্মা আৰু মুকেশ কুমাৰৰ দৰে খেলুৱৈক সুযোগ দিব বুলি ভবা হৈছে৷ টি-টুৱেণ্টী শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিব হাৰ্দিক পাণ্ডিয়াই৷ আই পি এলত কৰা প্ৰদৰ্শনৰ সুবাদত ভাৰতীয় টি-টুৱেণ্টী দললৈ প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ লাভ কৰে বাৰ্মা আৰু জয়ছোৱালৰ দৰে খেলুৱৈয়ে৷ তেওঁলোকে নিশ্চয় শৃংখলাত নিজৰ যোগ্যতা প্ৰমাণৰ পূৰ্ণ প্ৰয়াস চলাব৷ ভাৰতীয় দলত সুযোগ দিয়া হৈছে সঞ্জু ছেমছনকো৷ এই বেটাৰ তথা কীপাৰজনে সুযোগৰ কিদৰে ব্যৱহাৰ কৰে তালৈ চকু থাকিব নিৰ্বাচকৰ৷ যুজবেন্দ্ৰ চাহল আৰু কুলদীপ যাদৱৰ সৈতে দলত আছে ৰবি বিষ্ণয়ো৷ অক্ষৰ পেটেলৰ সৈতে তেওঁ স্পিন বিকল্প হ’ব পাৰে৷ হাৰ্দিক আৰু শৃংখলাৰ সহঃঅধিনায়ক সূৰ্যকুমাৰ যাদৱ মিডল অৰ্ডাৰৰ দুটা স্থানত থকিব৷ শীৰ্ষৰ তিনিটা স্থানত থাকিব পাৰে ঈশান কিষাণ, শুভমন গীল আৰু জয়ছোৱাল৷ তৃতীয় এদিনীয়াত তিনিটাকৈ উইকেট লোৱা মুকেশ কুমাৰৰ লগতে ভাৰতীয় দলত পেচ বলিং আক্ৰমণৰ দায়িত্বত আছে অৰ্শদীপ সিং, উমৰান মালিকআৰু অৱেশ খান৷ অহা বছৰৰ অনুষ্ঠিত হ’ব টি-টুৱেণ্টী বিশ্বকাপ৷ প্ৰতিযোগিতাখনলৈ লক্ষ্য কৰি এইসকল খেলুৱৈয়ে ভাৰতীয় দলত নিগাজি স্থান লোৱাৰ প্ৰয়াস চলাব৷ আনহাতে, টেষ্ট আৰু এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পাছত টি-টুৱেণ্টী শৃংখলাত অৱতীৰ্ণ হ’ব ৱেষ্ট ইণ্ডিজ৷ সেই দিশৰ পৰা শৃংখলা সহজ নহ’ব ঘৰুৱা দলটোৰ বাবে৷ ৰোভমান পাৱেল নেতৃত্বাধীন ১৫ জনীয়া দলটোলৈ আমন্ত্ৰিত হৈছে উইকেটৰক্ষক-বেটাৰ ছাই হোপ আৰু বেগী বলাৰ অ’ছানে থমাছ৷ অহা বছৰৰ টি-টুৱেণ্টী বিশ্বকাপৰ কথা মনত ৰাখি দলটোৰ সহঃঅধিনায়ক হিচাপে স্থান দিয়া হৈছে কাইল মেয়াৰ্ছক৷